পুৰণি অসমীয়া সাজ-পাৰ

 

পুৰণি অসমীয়া সাজ-পাৰ

                                                                                                            ----পংকজ্যোতি বৰা

    অসমীয়া সাজ-পাৰ বুলিলে আমাৰ মনলৈ পোনতে মুগা-পাটৰ কাপোৰ, চুৰিয়া-চেলেং, গামোচাখন, হাঁচতিখন, কেৰু যোৰ, আঙুঠিটোৰ কথা মনলৈ আহে নহয়নে ! অৱশ্যে আমাৰ অসমীয়া সমাজত বৰ্তমান ইবোৰৰ ব্যৱহাৰ প্ৰায় দেখা পোৱা নায়ায়, নামটোহে কম-বেছি পৰিমাণে গাঁৱে-ভূঞে শুনা পোৱা যায়। সঁচাকৈ পুৰণি অসমীয়া সাজ-পাৰবোৰ এতিয়া আমাৰ উন্নত জীৱন-প্ৰণালীত কিবা প্ৰয়োজন আছেনে !  


পুৰণি অসমীয়া সাজ-পাৰ বুলিলে আহোম যুগত অসমত প্ৰচলিত সাজ-কাপোৰকে বুজোৱা হয়। আহোম ৰাজাৰ শাসনৰ কালতে অসমত সাজ-পাৰ, আ-অলংকাৰৰ ক্ষেত্ৰত স্বকীয় বৈশিষ্ট্যৰে সেই সময়ত যথেষ্ট উন্নত আছিল বুলিব পাৰি। ৰজাৰ পৰা সাধাৰণ লোকৰলৈকে পুৰুষ-মহিলা অনুসৰি সাজ-পাৰৰ ক্ষেত্ৰত পৃথকতা আছিল। বিভিন্ন উত্সৱ-পাৱণ, সভা-অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান আদি ভিন্ন ক্ষেত্ৰত ভিন্ ভিন্ ধৰণৰ সাজ সেই সময়ত অসমীয়া মানুহে পৰিধান কৰিছিল। গুৰুত্বপূৰ্ণ যে, এই সকলোবোৰ সাজ-পাৰ অসমীয়া শিপিনীসকলে ঘৰতে তাঁতশালৰ বিভিন্ন পদ্ধতিৰ সহায়ত বৈ-কাটি উলিয়াইছিল। বিভিন্ন আঁহজাতীয় কেঁচা সমাগ্ৰীৰ যেনে— কপাহ, এৰি, মুগা আদিৰ পৰা বিভিন্ন সূতা প্ৰস্তুত কৰি বস্ত্ৰসমূহ তথা সাজ-পোছাকসমূহ ভিন্ন আৰ্হিত নিৰ্মাণ কৰিছিল। পৰিধান অনুসৰি সাজেবোৰক— খনীয়া কাপোৰ, চেলেং, বৰকাপোৰ, ৰিহা, চুৰীয়া, মেখেলা আদি নামেৰে পৰিচয় আছিল আনকি, ৰক্ষা কবচ হিচাপে সেই সময়ত যুদ্ধ-বিগ্ৰহলৈ যোৱা ৰজা, সেনাপতি, সেনা তথা পুৰুষক মাতৃ নাইবা পত্নীয়ে একেৰাতিয়ে সূতা-কাটি তাঁত বৈ কাপোৰ প্ৰস্তুত কৰি পিন্ধাই পঠিয়াইছিল। আচলতে, তেনে কৰিলে যুজাৰুসকল যুদ্ধৰ ক্ষেত্ৰৰ পৰা সু-শৰীৰে দেশ তথা ঘৰলৈ উভটি অহা বুলি এক প্ৰকাৰৰ বিশ্বাস প্ৰচলন আছিল। ইয়াৰ উপৰিও নাৰী আৰু পুৰুষ উভয়েৰে নিজৰ দেহৰ তথা শাৰীৰিক সৌন্দৰ্যবদ্ধনৰ বাবে সোণ, ৰূপ, তাম, বাখৰ, হাতী দাঁত, জীৱ-জন্তুৰ শিং ইত্যাদি ধাতুৰ আৰু ভিন্ন সামগ্ৰীৰ দ্বাৰা আ-অলংকাৰ প্ৰস্তুত কৰি পৰিধান কৰিছিল। এই আ-অংলকাৰসমূহ সেই সময়ত সোণাৰিসকলেই প্ৰস্তুত কৰিছিল। কপাল, নাক, কাণ, বাহু, হাত, ককাল, ভৰি আদি শৰীৰ ভিন্ন অংগত অলংকাবোৰ পিন্ধিছিল। দেহৰ ভিন্ন অংগত পৰিধানৰ অনুসৰি ইবোৰৰ নামো সুকীয়া সুকীয়া আছিল।    

সি যিকি নহওঁক, পুৰণি অসমীয়া তথা আহোমৰ শাসনৰ যুগত অসমত প্ৰচলিত কিছুমান উল্লেখযোগ্য সাজ-পাৰ আৰু আ-অলংকাৰৰ নাম থোৰতে দাঙি ধৰা হৈছে--


১) সাজ

ক) খনীয়া কাপোৰ—     ছকঠীয়া খনীয়া, সাতকঠীয়া খনীয়া, উকা খনীয়া, গুণাকটা খনীয়া, আঁচুঅলীয়া  খনীয়া, গাৰিয়লী খনীয়া, দৰিয়লী গুণাকটা খনীয়া, বুটা দিয়া খনীয়া, কাৰচিপিৰ বনকৰা খনীয়া, নুৰাকটা খনীয়া, গুটিবুলোৱা খনীয়া ইত্যাদিবোৰক সাধাৰণতে খনীয়া কাপোৰ নামেৰে পৰিচিত আছিল।



খ) চেলেং কাপোৰ— চেলেং চাদৰ বা কাপোৰৰ ভিতৰত প্ৰধানত বিখ্যাত আছিল-- সোণৰ সূতাৰে চাবধৰা চেলেং, বদলা দিয়া চেলেং, সুণীয়া ফুলৰ চেলেং, গুণাকটা চেলেং, দুকঠীয়া চেলেং, আঁচু দিয়া চেলেং, পাৰি দিয়া চেলেং, গাৰিয়লী চেলেং, দৰিয়লী চেলেং, বন কৰা চেলেং, গাৰি ফুলাম পাৰি দিয়া চেলেং আদি।



গ) বৰ কাপোৰ--  এইসমূহৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হল—গাৰিয়লী আঁচলে-পাৰিয়ে গুণাকটা বৰকাপোৰ, আঁচলে পাৰিয়ে গুণাকটা বৰকাপোৰ, কুহুমবুলীয়া যুৰীয়া বৰকাপোৰ, গাৰি ফুলাম দিয়া বৰকাপোৰ, আঁচুবুলীয়া বৰকাপোৰ, আদফলীয়া বৰকাপোৰ, কাঠফুলীয়া বৰকাপোৰ, ছকঠীয়া বৰকাপোৰ, সাতকঠীয়া বৰকাপোৰ আদি।

ঘ) ৰিহা—ৰিহা এক প্ৰকাৰৰ মহিলাসকলৰ আচল কাপোৰ বুলিব পাৰি। সেই সময়ত, আঁচুঅলীয়া ৰিহা, বৰৈলগা ৰিহা, দহিঅলীয়া ৰিহা, গাৰিয়লী ৰিহা, গুণাকটা ৰিহা, কেছবছা ৰিহা, আচলে-পাৰিয়ে গুণাকটা ৰিহা আদি প্ৰচলন আছিল।

ঙ) মেখেলা—মেখেলাৰ ভিতৰত পাটৰ মেখেলা, মুগাৰ মেখেলা, নৰা-মেখেলা, মেজাংকৰী মেখেলা, কিংখাপৰ মেখেলা, গুণাকটা মেখেলা, বুটাবছা মেখেলা, কাৰ্চিপৰ বনকৰা মেখেলা, চাটনৰ মেখেলা, গোমেচঙৰ মেখেলা প্ৰধান বুলিব পাৰি।

চ) চোলা— পুৰণি কালত অসমত প্ৰচলিত বুকু চোলা, নৰা চোলা, মিৰ্জ্জাই চোলা, এঙ্গাচোলা, হলৌ চোলা, ঘাগৰা চোলা, মোগলাই চোলা, সোণালী জৰদৰ জামা, কপাহী তাও জামা, জৰদৰ জামা, গোমচেঙৰ চোলা, চাটনৰ চোলা, মলমলৰ জামাস, জালি চোলা, চৌগা, চাপকন ইত্যাদিয়ে প্ৰধান।

ছ) পাগ—মূৰত পাগুৰিটো অসমীয়া মানুহৰ বিশেষত্ব বুলিব পাৰি। প্ৰধানত মোগলাই পাগ, ফচৌ পাগ, মুগাৰ পাগ, পাটৰ পাগ, চিকন পাগ, মথুৰা পাগ, গুণাকটা পাগ, কুহুমবুলীয়া পাগ, বোলোৱা বৰ পাগ, উকা পাগ আদি প্ৰচলন আছিল।

জ) চুৰিয়া— কপাহী চুৰিয়া, পাটৰ চুৰিয়া, মুগাৰ চুৰিয়া, ধল পাটৰ চুৰিয়া, চিকণ পাটৰ চুৰিয়া, মুগাৰ বৰ চুৰিয়া, তিয়নী চুৰীয়া আদি প্ৰচলন আছিল।

ঝ) হাঁচতি-টঙালি—মূৰ হাঁচতি, সোণৰ সূতা দিয়া হাঁচতি, পানী গামোচা, তিয়নী গামোচা, গুণাৰ পেচেৰে কপাহী কমৰবন্ধা, খৰুৱা গামোচা, ফুটুকী দিয়া গামোচা, তালুত সোণৰ ফুল দিয়া হাঁচতি, পখৰুতং, তামোল বন্ধা হাঁচতি, জৰদৰ টঙালি, পাটৰ গুণাকটা টঙালি বচোৱাল, পাখৰৌ আদি ব্যৱহাৰ আছিল।

ঞ) জাপি—বৰদৈয়া জাপি, সৰদৈয়া জাপি, পানী জাপি, টুপী জাপি, হালোৱা জাপি, ডাং জাপি, বৰৈলগা জাপি, সোণৰ চোলাৰে পানী জাপি, ৰূপৰ চোলাৰে টুপী জাপি, বানাতৰ আঙঠিসীয়া জাপি, সোণৰ চোলাৰে টকৌপতীয়া জাপি আদি ব্যৱহাৰ কৰিছিল।


২) অলংকাৰ

ক) আঙঠি—হাতত পিন্ধাৰ ভিতৰত আঙঠি আৰু খাৰুই আছিল প্ৰধান। আঙুঠিসমূহৰ ভিতৰত শেনেপতা, চিৰিপতা, জেঠীনেজীয়া, বাখৰামি, মৰানেজীয়া, হীৰা পতোৱা, বাবৰিফুলীয়া, উকা আঙুঠি, পদুমকলি আঙুঠি, পাৰচকুৱা আৰু মোহৰী আঙুঠিয়েই ব্যৱহাৰ আছিল।

খ) মণি— ডিঙিত পিন্ধাৰ ভিতৰত মণি অন্যতম। জোনবিৰি, শিলিখাবিৰি, ঢৰীয়াবিৰি, মাদলি, পোৱালমণি, ফুটিমণি, গেজেৰা, শিলিখামণি, বানা, দুগদুগী, সাতসৰী, পাঁচসৰী, ন-সৰী, বালিচৰী, চন্দ্ৰহাৰ, কণ্ঠহাৰ, সাতচৰীয়াসোণৰ মণি, মতামণি, মুকুতা মণি, নয়নমণি, পোৱালমণি আদি।

গ) কেৰু—কেৰু কাণত পিন্ধাৰ অলংকাৰ আছিল। প্ৰধানত জাংফাই কেৰু, নেজেপতা, থুৰীয়া উকা, থুৰীয়া বাখৰুৱা, জাংফাই থুৰীয়া, কৰ্ণবালা, কঁৰীয়া, লোকাপাৰ, লটকন, লং-কেৰু, সোণৰ থুৰীয়া বাখৰপতা, সোণৰ থুৰীয়া, ৰূপৰ থুৰীয়া, বৰৈলগা কেৰু, বৰৈলগা দীঘল কেৰু আদি।





       ইয়াৰ উপৰিও দেহৰ বিভিন্ন অংগত ক্ৰমে—উকা সোণৰ গামখাৰু, ৰূপৰ গামখাৰু, বাখৰামি গামখাৰু, খাৰু, কঙ্গণ, চাৰিপটীয়া খাৰু, সোণৰ পেচন্দাৰ, কলক, কল্কা, ঝুনুৰ, কঙ্কালি, কৰধনি, নখচন্দ্ৰিকা, উঝণ্টি, কেয়ুৰ, বাজ মুকুট, কিৰীটি খাৰু ইত্যাদি অলংকাৰসমূহৰ ব্যৱহাৰ আছিল।

       মুঠতে, সকলো ফালৰ পৰা চাবলৈ গলে পুৰণিকাল অসমীয়া মানুহ নিজাৰ সাজ-পাৰ, আ-অলংকাৰে পৰিপূৰ্ণ আছিল। লগতে, অসমীয়া জাতিৰ হিচাপে নিজস্বৰ পৰিচয় বহন কৰিছিল। কিন্তু সময় আৰু সভ্যতা বিকাশৰ গৰাহত এই যাউতিযুগীয়া সম্পদসমূহৰ প্ৰতি অনাদৰ বাঢ়ি আহিল। বৰ্তমান গোলকীয়কৰণৰ যুগত ভিন্ন সংস্কৃতিৰ সমন্বয়ৰ লগতে অন্য সংস্কৃতিৰ সাজ-পাৰ, আ-অলংকাৰৰ প্ৰতি সততে আকৰ্ষিত হোৱাৰ স্বভাৱে আমাক নিজাৰ সংস্কৃতিৰ পৰা আঁৰতাই নি আছে। গতিকে, সময় থাকোতেই আমাৰ সাজ-পাৰ, পিন্ধা-উৰাৰ প্ৰতি আমি সজাগ-সচেতন নহলে এই সম্পদসমূহ আমাৰ মাজৰ পৰা ইতিহাস হৈ যাব আৰু আমিবোৰ এদিন পৰিচয় বিহীন এটা জাতি হৈ পৰিম।


                                                                                  

                                                                         

       

Comments

Post a Comment