Saturday, June 13, 2026

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাৰ সামগ্ৰিক বৈশিষ্ট্য

     

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাৰ সামগ্ৰিক বৈশিষ্ট্য

শ্ৰীমতী প্ৰিয়ংকা বৰা,

প্ৰাক্তন ছাত্ৰী,

অসমীয়া বিভাগ

মাজুলী সাংস্কৃতিক বিশ্ববিদ্য়ালয়

borahp882@gmail.com

 

 (৪)

    একবিংশ শতিকাৰ কবিসকলৰ কবিতাৰ মাজত বিভিন্ন বৈশিষ্ট্য বিৰাজমান হৈ আছেগৱেষণা গ্ৰন্থখনত আলোচিত কবি কেইজনৰ কবিতাত প্ৰতিফলিত বৈশিষ্ট্যসমূহ আলোচনা কৰা হৈছে

স্বদেশপ্রেম

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ কবিসকলৰ বহুতৰে কবিতাত স্বদেশপ্ৰেমৰ অনুভূতি প্ৰকাশিত হৈছে উদাহৰণ স্বৰূপে

মোৰ শব্দৰ শোভাযাত্ৰা হওক

ক্ৰুৰ-কুটিল ৰাতিৰ প্ৰহৰী হওক

তিৰবিৰাই থাকক বিক্ষোভৰ

চোকা তৰোৱাল

টলমল শব্দৰ উচ্ছ্বসিত

তেজৰ প্ৰবাহে-প্ৰবাহে (দেশ আৰু অন্যান্য বিষয়ক’ হীৰেন ভট্টাচাৰ্য)

এই কবিতাটোৰ জৰিয়তে দেশপ্ৰেমৰ এক গভীৰ অনুভূতিৰ প্ৰকাশ ঘটাইছে। নিজৰ দেশক ৰক্ষা কৰিবৰ বাবে সজাগ হোৱাৰ কথা কবিতাটোত কৈছেদেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰি হ’লেও দেশক ৰক্ষা কৰিবলৈ তৰোৱাল সাজু কৰি ৰাখিবলৈ আহ্বান জনাইছেতেজৰ প্ৰবাহে প্ৰবাহে দেশপ্ৰেমৰ প্ৰতি দায়বদ্ধতা আৰু সজাগতাৰ ঢৌ বৈ থকাৰ কথা কবিয়ে উল্লেখ কৰিছে

প্ৰকৃতিবাদ

এই দশকৰ কবিতাসমূহৰ মাজত প্ৰকৃতিৰ নানান চিত্ৰ পৰিস্ফুট হৈ উঠিছে। গছ-গছনি, চৰাই-চিৰিকটি, খেতি-পথাৰ, নদী-সাগৰ, পৰ্বত-পাহাৰ আদি বিষয়বোৰ কবিতাৰ মাজত বিস্তৃতভাৱে প্ৰকাশিত হয়উদাহৰণস্বৰূপে

১/ উৎসৰ্গিত ওৰেটো জীৱন

কেৱল তেওঁ শিল্পী

তেওঁৰ নিজস্ব কোনো

জাতি নাই, নিজস্ব কোনো দেশ

তেওঁৰ এই এটাই মাথো ভাষা

যি ভাষাত কথা কয়

কোনো শস্যক্ষেত্ৰ, কিংবা মেঘ। ( খেতিয়ক'-সমীৰ তাঁতী)

২/  শিল্পৰ কৰ্ষণে তল ওপৰ

কৰে সৃষ্টিৰ মাটি

মাটি পানীয়ে মোক ঢালি

দিব ঢালি দিয়ক

শস্যহীন নির্বীজ প্ৰকৃতি

আৰু মোৰ বিনষ্ট

কবিতাৰ ভ্ৰণ

আজি ৰাতি বৰষুণ হ'

অগাধ বৰষুণ। (তুমি সৰোবৰ শান্তি কল্যাণ'-- হীৰেন ভট্টাচাৰ্য)

প্ৰথম কবিতাটোত কবিয়ে তেওঁৰ নিজৰ কথাৰ মাজেৰে প্ৰকৃতিৰ মাজলৈ গতি কৰিছে। তেওঁ ওৰেটো জীৱন শিল্পীৰ নামত উৎসৰ্গিত কৰিছেতেওঁ কৈছে যে তেওঁৰ নিজৰ কোনো জাতি নাই, নিজৰ কোনো দেশ নাই, তেওঁ যিটো ভাষা ব্যৱহাৰ কৰি কথা কয় সেইয়া কোনোবা এখন শস্যক্ষেত্ৰ নাইবা আকাশৰ মেঘ বুলি ব্যক্ত কৰিছে। এই প্ৰকৃতিৰ মাজতে তেওঁ নিজকে বিলীন কৰি ৰাখিছে

      দ্বিতীয় কবিতাটোত কবিয়ে প্ৰকৃতিৰ এক নিৰ্মম চিত্ৰ উপস্থাপন কৰিছে। মাটি আৰু পানীৰ মাজত তেওঁ নিজকে আত্মনিয়োগ কৰিছে। শস্য নোহোৱা প্ৰকৃতি যেনেদৰে আধৰুৱা ঠিক তেনেদৰে এটা কবিতাত সামান্য ভূলে কবিতাটোৰ সাৰমৰ্ম সলনি কৰি দিয়ে। সেয়ে তেওঁ প্ৰকৃতিক জীপাল কৰি তুলিবৰ বাবে  শেষত আজি ৰাতি বৰষুণ হোৱাৰ কথা কৈছে

ৰোমাণ্টিকতাবাদ

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ কবিসকলৰ কবিতাত ৰোমান্টিক ভাৱ-ধাৰাৰো প্ৰকাশ দেখা পোৱা যায়ৰোমাণ্টিক কবিতাই মানুহৰ মনক আনন্দ প্ৰদান কৰেউদাহৰণস্বৰূপে

১/ তুমি আহিলে

আহোঁ বুলি আহিন

আগেয়ে আহে

মোৰ তেজৰ গালিচা গলে

তোমাৰ খোজত পদুম

পাহে পাহে" (‘আচৰিত প্ৰেমৰ পিঞ্জৰাত বন্দী’ হীৰেন ভট্টাচাৰ্য)

২/ চিটিবাছত ওলমি এতিয়াও

তাৰ আত্মাই বিচাৰি আহে

তোমাৰ অমাতৰ মাত

তাৰ উশৃংখল চুলি

আৰু দাড়িৰ অস্থিৰতাৰে

তোমাৰ এই প্ৰাচীন

প্ৰেমিকজনক

তুমি এতিয়া চিনি নাপাবা

গুৱাহাটী

চৰাই এটাৰ স'তে

দূৰৰ পাহাৰ এটাত

সি থাকে" (গুৱাহাটী'নীলিম কুমাৰ)

প্ৰথম কবিতাটোত কবিয়ে প্ৰেমৰ উন্মুক্ত প্ৰকাশ ঘটাইছে। প্ৰেমিকজনক কবিয়ে তুমি' বুলি সম্বোধন কৰিছে। কবিৰ মতে তেওঁৰ প্ৰেমিক আহিছে আহিলে আহিন আগতীয়াকৈ আহেপ্ৰেমিকজন আহিলে কবিৰ তেজৰ গালিছা গলিবলৈ আৰম্ভ কৰে। কবিয়ে কবিতাটোত প্ৰেমিকৰ খোজত পদুম পাহে পাহে ফুলাৰ কথা কৈছে। কবিয়ে তেওঁৰ প্ৰেমৰ আভাস কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে

দ্বিতীয় কবিতাটোত কবিয়ে গুৱাহাটী মহানগৰীক লৈ মনৰ মাজত সজীৱ হৈ থকা ৰোমাণ্টিকতাৰ অনুভূতি প্ৰকাশ কৰিছে।গুৱাহাটী এৰি যোৱা মধুৰ স্মৃতি ৰোমন্থন কৰিছে তেওঁ। সেই চিটিবাছখনত যিখনত তেওঁ অহা-যোৱা কৰিছিল তাত এতিয়াও তেওঁৰ স্মৃতি জড়িত হৈ আছে। এতিয়াও বিচাৰি আহে তাৰ আত্মাই অমাতৰ এশাৰি মিঠা মাতকবিয়ে সকলো স্মৃতি প্ৰকাশ কৰিছে যদিও তেওঁ দুখেৰে কৈছে গুৱাহাতীয়ে এতিয়া তেওঁৰ প্ৰেমিকজনক চিনি নাপায় কাৰণ বহু দিনৰ আগতেই গুৱাহাটীক এৰি আঁতৰি গৈছেএতিয়া তেওঁ দূৰৰ পাহাৰ এটাত বসবাস কৰে আৰু তেওঁৰ লগত থাকে এটা চৰাই

সমাজবাদ

একবিংশ শতিকাৰ কবিসকলৰ ভালেসংখ্যক কবিতাতে সমাজবাদ বিৰাজিত হৈ আছে। সমাজৰ বিভিন্ন দিশক লৈ ৰচনা কৰা কবিতাসমূহৰ মাজত এই সমাজবাদ প্ৰতিফলিত হৈ আছে উদাহৰণস্বৰূপে

১/ ভাই ! সময় বুজি আহিবি

এদিন

ফুমাৰি চোতালত

লগে-ভাগে খাম

দুখৰ ধানৰ

এসাজ ভাত" (গৰখীয়া ল'ৰাৰ গীত শুনি' হীৰেন ভট্টাচাৰ্য )

২/ এইখন দেশ কাৰ

মই কোন

কোন মোৰ জন্মৰ পৰম কাৰণ

এছিয়াৰ বৃত্ৰাসুৰ নে

আৰ্য্য-দস্যু ইন্দ্ৰ

স্বৰ্ণলোভী মহম্মদ ঘোৰী নে

ব্যাকুল হৃদয়

মইনুদ্দিন সিষ্টি। (জয়াৰ ছাঁ -সমীৰ তাঁতী)

প্ৰথম কবিতাটোত কবিয়ে অসমীয়া গাঁৱলীয়া সমাজৰ চহা কৃষকসকলৰ পৰিশ্ৰমৰ ছবি ফুটি উঠিছে। কবিতাটোত ভাই' বুলি তেওঁ কোনোবা আপোন মানুহক লম্বোধন কৰিছে। সময় চাই এদিন তেওঁৰ দুখীয়া খেতিয়কৰ ঘৰলৈ আহিবলৈ কৈছে। একেলগে চোতালত বহি দুখৰ ধানৰ এসাজ খাব দুয়ো মিলি য'ত দুখৰ মাজতো মৰম আৰু আন্তৰিকতা থাকিব।

দ্বিতীয় কবিতাটোত কবিয়ে সমাজ ধৰ্মৰ নামত চলি থকা ভেদ-ভাৱক লৈ ৰচনা কৰিছে। কবিয়ে যেন এই অন্ধবিশ্বাসেৰে ভৰা সমাজ খনৰ মাজত নিজকে চিনি নোপোৱাৰ দৰে হৈছেসমাজত ঈশ্বৰৰ নামত চলা ভাগ-বতৰা কবিতাটোত প্ৰকাশিত হৈছে। সকলো জাতিৰ লোকৰে নিজৰ নিজৰ এজন ভগৱান থাকেসকলোৱে ভাৱে নাম অনুযায়ী ভগৱান বেলেগ বেলেগ কিন্তু কোনেও মানি লৱ নিবিচাৰে যি জাতিয়েই নহওঁক লাগিলে সকলো নামতেই ভগৱান এজনেই।

যৌন-চেতনা প্ৰকাশ

এই শতিকাৰ দ্বিতীয় দশকৰ কবি নীলিম কুমাৰৰ কবিতাত যৌন-চেতনাৰ প্ৰকাশ আছে। সেয়েহে এই ক্ষেত্ৰত তেওঁ বিতৰ্কিতও হৈছিল। উদাহৰণস্বৰূপে

১/ গোপনে গোপনে

তাইৰ বুকুৰ ফুলে

ৰঙা জবা এপাহ

এদিন টোপ টোপকৈ

পাহিবোৰ সৰি

তাইৰ হাতত পৰাত

উচুপি উচুপি তাই

মাকক কয়

সাত দিন সাত ৰাতি

মুখ নেদেখুৱাই

বেলি, জোন আৰু তৰাক। (কন্যাকাল )

২/ কতবাৰ তোমাৰ সেওঁটাৰে

নামি আহি

তোমাৰ ললাতভূমিত

জিৰণি ল'লে

মোৰ ৰনক্লান্ত অশ্ব

উক্ত কবিতা দুটাত নীলিম কুমাৰে ছোৱালী সকলৰ যৌৱনৰ ছবি উপস্থাপন কৰিছে। এজনী ছোৱালী ভৰ যৌৱনৰ দৈহিক অৱয়বৰ চিত্ৰ কবিয়ে কবিতা দুটাত উল্লেখ কৰিছে। এজনী ভৰ যৌৱনপ্ৰাপ্ত ছোৱালীৰ প্ৰতি পুৰুষসকল আকৰ্ষিত হয় পুৰুষসকলৰ ছোৱালীজনীক লৈ মনত নিহিত হোৱা ভাৱসমূহ কবিতা দুটাৰ মাজেৰে প্ৰকাশিত হৈছে।

মৃত্যুচেতনা

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ কবিসকলৰ কবিতা কিছুমানত মৃত্যু চেতনাৰ উন্মুক্ত প্ৰকাশ পোৱা যায় উদাহৰণস্বৰূপে

মৃত্যুৰ স'তে কোনে

কাজিয়া কৰে

জীৱনৰ সংগীত

মৃত্যু সুক্ষ্মতম শুদ্ধ। হীৰেন ভট্টাচাৰ্য

এই কবিতাটোত কবিয়ে মৃত্যুক ভয় নকৰি সাহসেৰে মৃত্যুৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰিছে। মৃত্যু সকলো জীৱৰে জীৱনলৈ আহে পাৰ্থক্য মাথোঁ এটাই কাৰোবাৰ ক্ষেত্ৰত সোনকাল হয় আৰু কাৰোবাৰ ক্ষেত্ৰত  দেৰি। মৃত্যু সকলোৰে ক্ষেত্ৰত আনিবাৰ্য যদিও সকলোৱে মৃত্যুক ভয় কৰা দেখা যায় কিন্তু সেই মৃত্যুক হীৰেন ভট্টাচাৰ্যই ভয় নকৰাৰ কথা কৈছেমৃত্যুক ভয় কৰাৰ কোনো কাৰণ নাই তেওঁৰ মতে মৃত্যু সংগীতৰ দৰে জীৱনত বিয়পি আছে আৰু থাকিবই।

এনেদৰেই হীৰেন ভট্টাচাৰ্য, সমীৰ তাঁতী, নীলিম কুমাৰৰ কবিতাক লৈ একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা হ'ল। এই কবিকেইজনৰ কবিতাৰ মাজত ভালেমান সমাজৰ দিশ নিহিত হৈ আছে। কবিতাবোৰৰ জৰিয়তে তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰাৰ উপৰিও কবিতাসমূহৰ দ্বাৰা সমাজলৈ এক সুস্থিৰ বাৰ্তাও প্ৰেৰণ কৰিছে মুঠতে, কবিতাসমূহৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি এই বৈশিষ্ট্যসমূহ বিচাৰি উলিওৱা হৈছে।


সহায়ক গ্ৰন্থপঞ্জীঃ

·       আহমেদ, কামলুদ্দিন. আধুনিক অসমীয়া কবিতা. গুৱাহাটীঃবনলতা, তৃতীয় প্ৰকাশ, ২০২০

·       উল্লাহ, ইমদাদ. কবিতাৰ সবিশেষ. অসম সাহিত্য সভা, তৃতীয় প্ৰকাশ, ২০১৪

·       কুমাৰ, নীলিম. নিৰ্বাচিত কবিতা. গুৱাহাটীঃ বনলতা, প্ৰথম প্ৰকাশ, ২০১৫

·       ডেকা, হৰেকৃষ্ণ.আধুনিক কবিতা. গুৱাহাটীঃ পাণবজাৰ, প্ৰথম প্ৰকাশ, ২০১৩

·       নেওগ, মহেশ্বৰ (সম্পা).অসমীয়া সাহিত্যৰ ৰূপৰেখা. গুৱাহাটীঃপানবজাৰ. একাদশ প্ৰকাশ, ২০১০

·       বৰগোহাঞি, হোমেন. এশ বছৰৰ অসমীয়া কবিতা. অসম প্ৰকাশন পৰিষদ, পঞ্চম প্ৰকাশ, ২০১২

·       বৰমুদৈ, আনন্দ. অসমীয়া কবিতাৰ সমালোচনা. অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, ২০১২

·       বৰমুদৈ, আনন্দ. সাহিত্য সমালোচনা. গুৱাহাটী: অসম পাৱলিচিং কোম্পানী, প্ৰথম প্ৰকাশ, ২০১৩

·       বৰমুদৈ, আনন্দ.নিৰ্বাচিত অসমীয়া কবিতাৰ সমালোচনা. গুৱাহাটীঃ অসম পাৱলিচিং কোম্পানী, দ্বিতীয় প্ৰকাশ, ২০২১

·       বৰমুদৈ, আনন্দ.আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস. ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, ২০২৩

·       বৰা, মহেন্দ্ৰ. সাহিত্য উপক্ৰমণিকা. বনলতাঃ ডিব্ৰুগড়. একাদশ প্ৰকাশ, ২০২৩

·       শইকীয়া, বিপুলজ্যোতি.হীৰেন ভট্টাচাৰ্যৰ ৰচনাৱলী. গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ, দ্বিতীয় প্ৰকাশ, ২০২৩

·       শইকীয়া, ৰাজুমণি. হীৰেন ভট্টাচাৰ্যৰ কবিতা. মৰিগাঁওঃসৃষ্টি প্ৰকাশ, প্ৰথম প্ৰকাশ, ২০১৩

·       শৰ্মা, সত্যেন্দ্ৰনাথ.অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. দশম সংস্কৰণ, ২০১১

বাংলা কবিতাপুথি

·    সৰকাৰ, সুবুধ. দ্বৈপায়ন হ্ৰদৰ পাৰত (সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত বাংলা কবিতাৰ সংকলন).অনু. এম. কামলুদ্দিন আহমেদ. সাহিত্য অকাডেমি. প্ৰথম প্ৰকাশ, ২০১৪

ইংৰাজী কবিতাপুথি

·    Dutta, Amaresh. Poetry Religion and culture: The Indian perspective and sankardeva. published by, purbanchal prakash.1st Edition, 2020

·       Satchidanandan, k. Akademi Award-winning malayalam poetry collection entitled marannu vecha vasthukkal and other poems.published by, Sahitya Akademe.1st Edition, 2019

Friday, June 12, 2026

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাত প্ৰতিফলিত সমাজ-চেতনা

 

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাত প্ৰতিফলিত সমাজ-চেতনা

 

শ্ৰীমতী প্ৰিয়ংকা বৰা,

প্ৰাক্তন ছাত্ৰী,

অসমীয়া বিভাগ

মাজুলী সাংস্কৃতিক বিশ্ববিদ্য়ালয়

                      borahp882@gmail.com

 

(৩)

সাৰাংশ

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাসমূহৰ মাজত প্ৰতিফলিত হোৱা সমাজ-চেতনা সম্পৰ্কে বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে কবিংশ শতিকাৰ দ্বিতীয় দশকৰ কবিতাসমূহৰ মাজত প্ৰধানকৈ সমাজত চলি থকা শোষণ-নিষ্পেষণ, দৰিদ্ৰতাৰ চিত্ৰ, প্ৰকৃতিৰ সৌন্দৰ্যতাৰ ছবি, শাৰীৰিকভাৱে সক্ষম মানুহৰ কাৰুণ্যময় চিত্ৰ, মৃত্যুচেতনা, দেশপ্ৰেম আদি দিশবোৰে নিহিত হৈ আছেকবিসকলে তেওঁলোকৰ মনৰ মাজত নিহিত হৈ থকা অনুভূতিসমূহ কবিতাৰ মাজেৰে প্ৰকাশ কৰিবলৈ যত্ন কৰিছেকবিতা সৃষ্টি যেনেকৈ এক জটিল প্ৰক্ৰিয়া পঢ়ুৱৈ সকলৰ বাবেও কবিতাৰ প্ৰকৃত তত্ত্ব নিমিষতে বুজাটো সিমানেই কঠিন, কিন্তু যেতিয়া কবিতাসমূহৰ গভীৰলৈ অধ্যয়ন কৰি কবিতাৰ প্ৰকৃত তত্ত্ব বুজি উঠা যায় তেতিয়া কবিতাসমূহ পঢ়ুৱৈসকলৰ বাবেও সহজ হৈ পৰে। একবিংশ শতিকাৰ দ্বিতীয় দশকৰ কবিতাসমূহত কবিসকলে সমাজৰ বিভিন্ন দিশসমূহ উল্লেখ কৰি গৈছে। সেয়ে সেই দিশসমূহ বিস্তৃতভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছেকবিসকলৰ এনেধৰণৰ ৰচনায়ে এখন সুস্থিৰ সমাজ গঢ়ি তোমাৰ বাবে এক অমূল্য বাৰ্তা প্ৰেৰণ কৰে


কবিতা হৈছে অসমীয়া সাহিত্যৰ আটাইতকৈ পুৰণি শাখা। কবিতাসমূহে লিখিত ৰূপ পোৱাৰ পূৰ্বে মৌখিকভাৱেই মানুহৰ মাজত প্ৰচলিত হৈ আছিল। কবিতাৰ জৰিয়তে কবিসকলে মনৰ মাজত নিহিত হৈ থকা ভাৱ-অনুভূতিৰ আত্মপ্ৰকাশ কৰে। কবিতা সৃষ্টি এক জটিল কাৰ্য। কবিতা হবলে হ’লে ছন্দৰ মিল থাকিব লাগিব। অলংকাৰৰ প্ৰয়োগ হ’ব লাগিব আৰু লয়যুক্ত হ’ব লাগিব। লিখিতভাৱে কবিতা ৰচনা হোৱাৰ পৰা বৰ্তমানলৈকে সুদীৰ্ঘ সময়ত কবিতাই অসমীয়া সাহিত্যৰ ইতিহাসত এটা বিশেষ স্থান অধিকাৰ কৰি আহিছে। কবিতা অবিহনে অসমীয়া সাহিত্য অসম্পূৰ্ণ। বিশ্বনাথ কবিৰাজে তেওঁৰ সাহিত্য দৰ্পন নামৰ গ্ৰন্থত কবিতাৰ সংজ্ঞা এনেদৰে আগবঢ়াইছে- ‘‘বাক্যং ৰসাত্মকং কাব্যম" অৰ্থাৎ ৰসময় বাক্যই কাব্য।

প্ৰাক্ শংকৰী যুগৰ পৰা বৰ্তমানলৈকে অসমীয়া কবিতাৰ এই সময়ছোৱাত নতুন নতুন চিন্তা চেতনাৰে সৃষ্টি হোৱা কবিতাসমূহে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি তুলিছে। সময়ৰ সোঁতত সৃষ্টি হৈ অহা কবিতাসমূহৰ প্ৰায়বোৰতে কবিসকলে সমাজ-চেতনা প্ৰতিফলিত কৰিছে। একোখন সমাজৰ দুখ-দুৰ্দশাক লৈ যেনেদৰে গল্প, নাটকৰ সৃষ্টি হৈ আহিছে ঠিক তেনেদৰে সমাজৰ বিভিন্ন সমস্যা, বিভিন্ন চিত্ৰক কেন্দ্ৰ কৰি কবিতা সৃষ্টি হৈ আহিছে। সময়ৰ সোঁতত সৃষ্টি হৈ অহা প্ৰায়বোৰ কবিতাতে সমাজ-চেতনা বিদ্যমান। একবিংশ শতিকাৰ দ্বিতীয় দশকৰ প্ৰায়বোৰ কবিতাতে সমাজ-চেতনা নিহিত হৈ আছে। কবিতাসমূহ যিসময়ত কবিসকলে ৰচনা কৰে তাত সেইসময়ৰ ঘটনা-পৰিঘটনাৰ প্ৰতিচ্ছবিৰ বৰ্ণনা থাকে। কবিসকলৰ অন্তৰত কোনো ঘটনা, কোনো পৰিস্হিতি, কোনো দৃশ্যই যেতিয়া গভীৰভাৱে প্ৰভাৱ পেলায় তেতিয়া সেই মনৰ ভাৱবোৰ কবিতাৰ আকাৰে প্ৰকাশ কৰে। একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাত বিশেষভাৱে লিংগবৈষম্য, আধুনিকতাবাদ আৰু সাম্প্ৰতিক ঘটনাৰ প্ৰতিফলন দেখা পোৱা যায়। এই দশকত বহুতো নতুন কবিৰ কবিতা পোৱা যায়। কবিসকলে কবিতা ৰচনা কৰোঁতে সমাজৰ এনে কিছুমান দিশ অৱলম্বন কৰি লয় যাৰ জৰিয়তে সমাজলৈ নতুন বাৰ্তা প্ৰদান কৰিব পাৰে।

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাসমূহৰ মাজত প্ৰতিফলিত হোৱা সমাজৰ বিভিন্ন ঘটনা-পৰিঘটনা, পৰিৱেশ-পৰিস্থিতি, ভাষাশৈলী, মানুহৰ সুখ-দুখৰ চিত্ৰ, অসমীয়া সমাজৰ পৰম্পৰা আদি সম্পৰ্কে কবিতাসমূহত কবিসকলে কেনেদৰে উপস্থাপিত কৰি তুলিছে সেই সম্পৰ্কে তলত আলোচনা কৰা হৈছে

হীৰেণ ভট্টাচাৰ্য কবিতাত সমাজ-চেতনা

সাহিত্যিক সকলে অসমীয়া সমাজলৈ যথেষ্ট বৰঙণি আগবঢ়াই আহিছেসমাজৰ বিভিন্ন বাস্তৱ দিশ শিল্পসন্মতভাৱে দাঙি ধৰাৰ ওপৰতেই সিহঁতৰ শিল্পৰ সাৰ্থকতা নিৰ্ভৰ কৰে। হীৰেন ভট্টাচাৰ্য সমাজ-সচেতন কবিসেই বাবে ভট্টাচাৰ্যৰ কবিতাত সমাজৰ বিভিন্ন দিশ প্ৰতিফলিত হৈছে। তেওঁৰ বহুতো কবিতাত সমাজৰ লগত জড়িত হৈ থকা শোষণ-নিষ্পেশন, প্ৰকৃতিৰ মুক্ত চিত্ৰ, অসমীয়া গাঁৱলীয়া মানুহৰ কৃষি কৰ্মৰ ছবি, নিজৰ দেশৰ প্ৰতি থকা মানুহৰ প্ৰেম আৰু শ্ৰদ্ধা তেওঁৰ কবিতাসমূহৰ মাজত  ফুটি উঠা দেখা পোৱা যায়

অসমত বাস কৰা প্ৰতিজন মানুহৰে জীৱনটো নিৰাপত্তাহীনতাই আৱৰি আছে। অসমীয়া সমাজখনত অতীজৰে পৰা বৰ্তমানলৈকে চলি অহা বিভিন্ন সমস্যাসমূহে মানুহক শান্তিত বসবাস কৰিবলৈ দিয়া নাইএই সমস্যা বোৰৰ শেষ কেতিয়া হ'ব সেইটো কোনেও নাজানেদিন-ৰাতি সকলো সময়তে মানুহ ভয়ত কাতৰ হৈ থাকিব লাগে নিৰাপত্তাহীনতাৰ ভয়ে মানুহক ঘৰৰ ভিতৰতে যেন আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰিছে। সেয়ে কবিয়ে এই পৰিস্থিতিৰ লগত খাপ খুৱাই লিখিছে

‘‘মই দুৱাৰ খিৰিকী বন্ধ কৰি দিলো

        হৃদয়ৰ দিনতাৰ দাহনত

        অকলে অকলে মই কান্দো

কি যে ভয়াবহভাৱে আমি অসহায়।"  (সি)

ভট্টাচাৰ্যৰ কবিতাসমূহৰ মাজেৰে সমাজৰ লোকসকলক নিজৰ দেশৰ প্ৰতি থকা ভালপোৱা আৰু দায়িত্ব সম্পৰ্কে সোঁৱৰাই দিব বিচাৰিছেদেশৰ কথা কলেই মনত এক শক্তি জাগ্ৰত হৈ উঠেসেয়েহে কবিয়ে কৈছে এনেদৰে

‘‘মোৰ দেশৰ ক্লিষ্ট দেহত

      পতাকাখনৰ জৰী গছেৰে

      তেজৰ টোপাল নিগৰি পৰিছে

      সদূৰত

      মোৰ পতাকাখন

      দপদপাই জ্বলিছে.......।" (পতাকা)

অসমীয়া সমাজত এতিয়া আৰু সেই একতাৰ বান্ধোনেৰে মানুহবোৰ বান্ধ খাই থকা নাই। গাঁও-নগৰ সকলোতে সম্পৰ্কবোৰ কেৱল স্বাৰ্থৰ সময়তহেগতিকে নিমিষতে বহুত কিবা কিবি হব পাৰেনিমিষতে গাঁও-নগৰ সকলো জ্বলি চাই হৈ যাবও পাৰে। কবিয়ে লিখিছে

‘‘নগৰখন নিমিষতে

দপদপাই জ্বলি উঠিল

ভস্মীভূত নগৰৰ

ছায়ে পুতি থলে

শেষ নিশাৰ শেঁতা জোন" (নিয়তি)

অসমীয়া সমাজত উচ্চ-নীচৰ ভেদ-ভাৱ ক্ৰমান্বয়ে বাঢ়ি আহিছে। দুখীয়াসকল ধনীসকলৰ শোষণৰ বলি হৈছে। কৃষক-বনুৱাই হাড় ভগা পৰিশ্ৰম কৰি খেতি কৰি আনি সেই খেতিৰ শস্য নিজৰ চোতালত থ’ব নোৱাৰে থব লাগে ডাঙৰীয়াৰ চোতালতহেভট্টাচাৰ্যই কৃষকসকলৰ জীৱনৰ সংগ্ৰাম আৰু  তেওঁলোকৰ ওপৰত সমাজত চলি অহা শোষণ সম্পৰ্কে সুন্দৰকৈ উপস্থাপন কৰিছে এনেদৰে

‘‘মেটমৰা ধানৰ ডাঙৰী

ডাঙৰীয়াৰ চোতালত থ'লো

এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া

আইজণীৰ মাকৰ গাত লেঠা

এই বেলি ল'ৰা এটা হ'লে ভাল হয় বৰ

জানাইতো খেতিয়কৰ ল'ৰাৰ হাত বৰ  

চিধা।" (লখিমী)

সমাজৰ পৰা মানৱতা কৰবাত হেৰাই গৈছেমানুহে মানুহৰ বাবে চিন্তা নকৰা হৈছে মানুহৰ দুখ-কষ্ট মানুহেই উপলব্ধি কৰিব নোৱাৰা হৈ আহিছেমানুহবোৰ হৈ উঠিছে পৰস্পৰে পস্পৰৰ প্ৰতি হিংসুককবিয়ে এই সমাজৰ পৰা নিঃশেষ হৈ যোৱা মানৱতাবোধৰ প্ৰকাশ কৰি কবিয়ে লিখিছে

‘‘গছৰ পৰা ছাঁ

এনেকৈ উৰি গৈছে

যেনে ক'ৰবালৈ গুচি যাব.....

গছৰ পৰা ছাঁ

এনেকৈ যেনেকৈ উৰি গৈছে

যেন আন ছায়াত মুখ থৈ ক'

বুকুখন মোৰ মৰুভূমি

হাত দি চোৱা তুমি পুৰি নিব।" (ছাঁ)

বৰ্তমান সকলোতে ক'লা ধনৰ প্ৰয়োভৰ বাঢ়িছেঅসমো সেই ক্ষেত্ৰত পিছ পৰি থকা নাইঅফিচ-আদালত, গাঁও-ভূই সকলোতে এই ক'লা ধনৰ প্ৰভাৱ কৰি সকলো অনিষ্ট কৰি পেলাইছিলকবিয়ে এই দিশটোক মুখ্য কৰি বিপ্লৱী কণ্ঠেৰে গৰ্জি উঠিছে

‘‘......... উছন গ'ল গাঁও, নষ্ট নগৰ

মৃত্যুৰ মলিন ছাঁত অশ্লীল বনিজ

পাপ মুদ্ৰাৰ পয়োভৰ

হে সময়, গৰ্জি উঠা নিয়োজিত কৰা

সৰ্বোত্তম প্ৰতিভা" (সংকট দিন)

অসমীয়া সমাজ দৰিদ্ৰ-পীড়িত লোকসকলে দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নাপায়এসাজ ভাতৰ বাবে তেওঁলোকে অশেষ পৰিশ্ৰম কৰিব লগীয়া হয়সেয়ে কবিয়ে গৰখীয়া ল'ৰাটোৰ দূখভৰা জীৱনটোক লৈ কৈছে

‘‘ভাই ! সময় বুজি আহিবি এদিন

ফু মাৰি চোতালত একেলগে খাম

দুখৰ ধানৰ এসাজ ভাত" (গৰখীয়া ল'ৰাৰ গীত শুনি)

অসমীয়া গাঁৱলীয়া সমাজৰ জীৱন নিৰ্বাহৰ একমাত্র সম্বল হৈছে কৃষি যাৰ বাবে পুৰুষ-নাৰী সকলোৱে সমানে কষ্ট কৰিব লগীয়া হয়পুৰুষৰ সমানে সমানে নাৰীসকলে পথাৰৰ কঠিয়া ৰোৱে, ধান দাই। বছৰটোলৈ অভাৱ-অনাটন নহওঁক বুলিয়েই লঘোণে-ভোকে দিনৰ দিনটো পথাৰত কাম কৰি কটাইসেয়ে কবিয়ে লিখিছে

‘‘শস্যৰ সময়। ৰোৱনীৰ ভৰি উঠে বুকু !

বেলি বুৰ দিবলৈহে পালে

ধানৰ শীহে শীহে সুহুৰি বজাই বৈ গ'

বতাহৰ নিছিগা ধাৰ

সাঁজৰ এন্ধাৰে মোৰ বাহুত মূৰ থৈ

যিমানলৈ চাব পাৰে চালে

ৰোৱনীৰ ধ্ক ধ্ক বুকুৰ শব্দই

কঁপি উঠে গোটেই পথাৰ।" (পথাৰ)

ভট্টাচাৰ্যই নদী কাষত বসবাস কৰি থকা মানুহবোৰক বানপানীয়ে কেনেদৰে জুৰুলা কৰি পেলাইছে সেই দৃশ্য তেওঁ উপলদ্ধি কৰিছে। তেওঁ বানপানীৰ ধ্বংসলীলাৰ মৰ্মস্পৰ্শী ৰূপায়ন সম্পৰ্কে এনেদৰে লিখিছে

        গুঁজৰী উঠে বন্দী নদীৰ দলনী দোপনি পাৰ

টলমল বান্দৰ জলে ভাঙি পেলালে   

শিলৰ বুৰুজ

কঠিন বান্ধ, মেঘ-মিথু তীব্ৰ জলোচ্ছাসে

উটুৱাই নিয়ে বেউলাৰ ভটিয়নি ভূৰ

বিষাদৰ পনিয়লি ছাঁ ফালি যায় থাউনি

হেৰোৱা উজাগৰ দুচকু

প্ৰকৃতিৰ মুখামুখি প্ৰতিদ্বন্ধী মানুহ

দেহ দাপোনত জীৱন-মৰণ জলজ অভিধান

        সমুখত কণ কঠীয়া মৰা ধানৰ উদং

        পথাৰ" (জলজ অভিধান)

তেখেতৰ ব্যক্তিগত দেহ সমাজিকতাত বিলীন হৈ যোৱাৰ ৰূপকল্পনাৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ মাজত কবিৰ বাঞ্ছা মূৰ্ত হৈছে

ক) ‘‘মোক চহাই মৈয়াই শৈচৰ গুটি সিঁচি

দিয়া চকুৰ পানীৰে জীপ দিম শিলুৱা

বুকুৰ মাটি হাড়-হিমজুৰ সাৰত

লহপহকৈ বাঁহী উঠিব ধান-মাহ-সৰিয়হ

শস্যৰ সুদৃশ্য বৰ্ণমালা" (শস্যৰ সুদৃশ্য বৰ্ণমাল)

খ) ‘‘তুমুল বৰষুণে ধুৱাই দিয়ক গছ-গছনি,

চৰাই-চিৰিকটিৰ মাত

কোনোবা হাবিতলীয়া নিজান

শিল-চেঁচা পানীৰ দাপোনত

জিলমিল কৰক তোমাৰ ঘামে টলবল  

মুখ" ( তোমাৰ ঘামে টলবল মুখ) ]

হীৰেন ভট্টাচাৰ্যই মৃত্যুক কেনেদৰে জয় কৰিব পাৰি মৃত্যুৰ প্রতি থকা মানুহৰ ভয় কেনেদৰে আতৰাব পাৰি সেই কথাও‍ঁতেওঁ কবিতাত প্ৰকাশ কৰিছে।মানুহৰ জীৱনত মৃত্যু অনিবাৰ্য্য যদিওঁ মানুহে মৃত্যুক ভয় কৰেভট্টাচাৰ্যই মৃত্যুক ভয় নকৰে তেওঁৰ কবিতাৰ দ্বাৰাই আন মানুহৰ মনৰ পৰাওঁ সেই ভয় আতৰাবলৈ চেষ্টা কৰিছে। তেওঁ কৈছে

‘‘মৃত্যুৰ সৈতে কোনে কাজিয়া কৰে

জীৱনৰ সংগীত মৃত্যুৰ সূক্ষ্মতাত শুদ্ধ"

ভট্টাচাৰ্যৰ কবিতাত দেশপ্ৰেমৰ চিত্ৰ বিস্তৃতভাৱে আলোচনা কৰা আছে। তেখেতে দেশৰ প্ৰতি থকা ভালপোৱা কবিতাৰ মাজত বৰ্ণনা কৰিছে আৰু লগতে সমাজৰ সকলো লোককে নিজৰ দেশৰ প্ৰতি থকা দায়িত্ব, প্ৰেম উপলব্ধি কৰিবলৈ চেষ্টা কৰিছে।

‘‘দেশপ্ৰেমৰ কথা কওঁতে কবিৰ ভাষাই বাধা নমনা হৈ যায়মোৰ দেশ' নামৰ কবিতাটোত তেওঁ ঘোষণা কৰে যে পৃথিৱীৰ সমস্ত দেশ ঘুৰি অহাৰ পিছত যি যাত্ৰা তেওঁ কৰে সেই যাত্ৰা শেষ হয় তেওঁৰ দেশত। তেওঁ লিখিছে

‘‘যাৰ বুকুৰ উমে মোক দিছে

ভালপোৱাৰ আনন্দ, যৌৱনৰ  

প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ

এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই

আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ

        প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধফুলৰ    

সুবাস

প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ

আশীৰ্বাদ

এই দেশৰ বাবে মই জীয়াই আছো

এই দেশৰ বাবে মই জীয়াই থাকিবলৈ 

সৰণপন কৰিছোঁ ।" (মোৰ দেশ)

হীৰেণ ভট্টাচাৰ্যৰ কবিতাত প্ৰতিফলিত সমাজ-চেতনা সম্পৰ্কে ওপৰত থুলমূলকৈ আলোচনা কৰি দেখুৱা হৈছেআলোচনা কৰা কবিতাসমূহৰ উপৰি তেখেতৰ বহুতো কবিতাত সমাজ-চেতনা প্ৰকাশ পাইছেসকলোবোৰ কবিতাৰ আলোচনা কৰাটো সম্ভৱ নহয় সেইবাবে কিছুপৰিমানে উপৰোক্ত আলোচনাত দেখুওৱা হৈছে

সমীৰ তাঁতীৰ কবিতাত সমাজ-চেতনা

‘‘সমীৰ তাঁতীৰ তাৎক্ষণিক অভিজ্ঞতাৰ সামাজিক পটভূমি হ'ল অসমযি ঠাইৰ তেওঁৰ বাসভূমি কিন্তু তেওঁৰ কবিতাত বহল পৰিপ্ৰেক্ষিতত গোটেই পৃথিৱী আৰু সেয়ে সমীৰে কয় পৃথিৱী এক যুদ্ধভূমি' আৰু কয় ‘যিমান দিনলৈকে পৃথিৱীত থাকিব অত্যাচাৰ, পৰাধীনতা আৰু আকাল, বৰ্বৰতা আৰু চিন্তাৰ দৈন্য, সিমান দিনলৈকে বোধ কৰো ৰক্তাক্ত হৈ ৰ'ব এই আকাশ' সমীৰ তাঁতীয়ে কিন্তু আন বহু আধুনিক কবিৰ দৰে সংশয় আৰু সন্দেহত দোদুল‍্যমান হৈ থাকি নিৰাশাবাদী হৈ নপৰে, তেওঁৰ বিশ্বাস কৰে যে বিভীষিকাৰ মাজেদিয়েই আহিব এদিন অপৰিসীম শান্তি’

সমীৰৰ কথোপকথন' কবিতাত পোৱা যায় ধ্বংস আৰু সৃজনৰ মিশ্ৰিত এখন পৃথিৱী  ‘শইচ/ কবিতা/ বৰুদ/ মেঘ/ মন্ত্ৰ কিংবা/ মৃত্যু' কবিতাটোৰ এই অংশটোত প্ৰতিটো শব্দই একোটা গাইগুটীয়া শাৰী হৈছে আৰু সমান মান পাইছে। পৃথিৱীত জীৱনৰ উপাদান হিচাপে প্ৰতিটোৰ গুৰুত্ব ইয়াত স্পষ্টভাৱে দাঙি ধৰা হৈছে । এই কবিতাটোৰ সামৰণি পৰিছে এনেদৰে

‘‘এদিন নিৰাশাবাদী হৈছিলোঁ

         এতিয়া আশাত মজি আছোঁ

         তাৰ পিছত স্বীকাৰ কৰিব কালে

         ফল

         ফুল

         পখিলা

         আৰু মাটিত।"    

সমাজত ৰাজনৈতিক ব্যৱস্থাই চলাই অহা শোষণ-নিষ্পেষণৰ ছবিও কবিয়ে কবিতাত বৰ্ণিত কৰিছে। তেওঁ লিখিছে

‘‘মোৰ ফালে চোৱা ভোকত আছোঁ

সুখত আছোঁ

পৃথিৱীত নটী নামৰ নাৰী

ৰজা, মন্ত্ৰী, নেতাক দেহ বেছি

ধন্য কৰোঁ এই দেশ" 

সমীৰৰ কবিতাত যৌনতাৰ এক চিত্ৰৰ প্ৰকাশিত হোৱা দেখা পোৱা যায়এই সম্পৰ্কে তেওঁ লিখিছে

        ‘‘মানুহবোৰে কাপোৰ খুলিছে

মানুহবোৰে এতিয়া

একো একোটা এঙা ক'লা ৰাতি (মানুহবোৰে কাপোৰ খুলিছে, যুদ্ধভূমিৰ কবিতা)

        সেউজীয়া উৎসৱ' কবিতা সংকলনখনিত কেইটামান সুন্দৰ কবিতাৰ সমাৱেশ ঘটিছে সেইকেইটা হৈছে

জীৱনৰ আদি অন্ত খেতি, তেজ সেউজীয়া, চৰাইবোৰে সুধিলে, 'ত পালা এই চকুযুৰি সমীৰৰ প্ৰায়বোৰ কবিতাতে সমাজ-চেতনা বিৰাজমান হৈ আছেখেতিয়ে তেওঁৰ কবিতাত কোনো ব্যঞ্জনাৰ আশ্ৰয় নোলোৱাকৈৱে পঢ়ুৱৈৰ সংবেদনশীলতা স্পৰ্শ কৰে লয়-ছন্দ নিয়ন্ত্ৰিত ভাষা হৈ পৰিছে। তেওঁ লিখিছে

‘‘খেতিৰ পঢ়াশালীত পাঠ লওঁতে

মই আয়ত্ত কৰিলোঁ

নক্ষত্ৰমণ্ডলী আৰু মেঘ

সৰোবৰৰ ভাষা

বতাহৰ স'তে খোজ কাঢ়ি

যাওঁতে মই বুজিব পাৰিছোঁ

আন একো নহয়

মাটিয়েই মোৰ প্ৰথম কবিতা।" (জীৱনৰ আদি অন্ত খেতি)

এই সংকলনটোৰ 'ত পালা এই চকুযুৰি' কবিতাটি সমীৰ তাঁতীৰ উৎকৃষ্ট কবিতাসমূহৰ ভিতৰত এটা। জীৱনৰ প্ৰাণস্পন্দন আৰু সৰস ৰূপ বাস্তৱ-অধিবাস্তৱৰ পটভূমিত লয় নিয়ন্ত্ৰিত ভাষাত সাৰ পাই উঠে

     ‘‘ক'ত পালা এই চকুযুৰি

      নিৰিবিলি গধূলিৰ

      মমতাত

      নিবনুৱা প্ৰেমিক বোৰক

     শুৱনি হৈ অহা দেখোঁ

     মুখৰ দাপোন খনিত

     'দে অঁকা

     সপোনৰ হাঁহি দেখোঁ

    এটা দীঘল শোভাযাত্ৰাৰ

    পোহৰ

    জীৱনটো অধিক বেগৱান

    হোৱা দেখোঁ" (ক'ত পালা এই চকুযুৰি)

চাহবাগিচাৰ জীৱনক লৈ, একেটা বিষয়বস্তুকে লৈ কবি সমীৰ তাঁতীয়ে এলানি কবিতা ৰচনা কৰিছেএনে সম্প্ৰৰীক্ষাৰ বাবে প্ৰয়োজন ভাষাৰ ওপৰত দখল, সেয়ে তাঁতীয়ে আয়ত্ত কৰি লৈছেচাহবনুৱাৰ ওপৰত হোৱা শোষণ মৰ্মস্পৰ্শীভাৱে ৰূপায়িত হৈছে

‘‘তোমাৰ ক্ষুধা থাকক

তোমাৰ স'তে

নিদ্ৰা আৰু যৌনতাৰ

আশে-পাশে

তুমি থকা সন্ধ‍্যা

শোকৰ নির্জনতাত" (চাহ বাগিচা মোৰ চাহ বাগিচা)

সমীৰৰ কবিতাত সকলো ব্যক্তিনিষ্ঠতা অতিক্ৰম কৰি শ্ৰমজীৱী সকলোৰে জননীৰ মৰ্মস্পৰ্শী ৰূপ মূৰ্ত হৈ উঠে। নিৰ্দিষ্টতাৰ মাজেজিও ব্যাপকতাৰ দ্যোতনাৰে

‘‘চাহপাত দৰে কোমল মোৰ আই

সহে আৰু সহিবলৈ শিকায়

পিঠিত বান্ধি মোক

জোনক মাতে তোৰফুট

আকাশৰ তলত সপোন ৰচে

বগা দাপোনত চুলি মেলে

কেৰাচিনৰ চাকিৰ দৰে জ্বলে

দেখিছেনে দেখিছেনে

        মোৰ আইক

চাহ নাৰী। সেউজীয়া ব্লাউজ

ৰঙা পৰিৰ শাৰী বগা

ভোকতো টুপনিতো

নিজকে পাহৰা।" (মোৰ আই)

বোবা, উন্মাদ, মাতাল আদি ভালেমান চৰিত্ৰ সমীৰৰ কবিতালৈ আহিছে আৰু সেইবোৰে আমাৰ গণতান্ত্ৰৰ প্ৰহসনক হৃদয়স্পৰ্শীভাৱে তুলি ধৰিছে"

জীৱনক ভালপোৱা কবিজনে জীৱনৰ যন্ত্ৰণা আৰু দৰিদ্ৰ শ্ৰেণীৰ জীয়াই থকাৰ সমস্যা তেখেতে বাৰুকৈয়ে উপলদ্ধি কৰিছে। এই শ্ৰেণীৰ লোকসকলৰ মনত আছে জীৱন জিওৱাৰ এক আচৰিত ধৰণৰ শক্তিএনে লোকক লৈ কবিয়ে লিখিছে এনেদৰে

‘‘উৎসৰ্গিত ওৰেটো জীৱন

কেৱল তেওঁ শিল্পী

তেওঁৰ নিজস্ব কোনো জাতি নাই

নিজস্ব কোনো দেশ

তেওঁৰ এই এটাই মাথো ভাষা

যি ভাষাত কথা কয়

কোনো শস্যক্ষেত্ৰ

কিংবা মেঘ" (খেতিয়ক)

মেহনতী জনতাক তেওঁ সকীয়াই দিয়ে নিজৰ অধিকাৰৰ কথাসমস্ত পৃথিৱীৰ দিন-ৰাতি, 'দ-বৰষুণ, ফুল আৰু চৰাই, সাহস আৰু প্ৰতাপসকলোবোৰ তেওঁলোকৰ বাবেইএই জনতাক জগাবৰ বাবে তেওঁ কলম তোলে।"

‘‘সমীৰ তাঁতীৰ কবিতাৰ মাজত সমাজত চলি থকা শোষণ-নিষ্পেষণৰ ছবি প্ৰতিফলিত হোৱা দেখা পোৱা গৈছে কবিতাটোত সন্তাসে সাধাৰণ লোকসকলৰ ওপৰত চলাই অহা শোষণৰ চিত্ৰ উপস্থাপন কৰিছেতেওঁ কৈছে--

ভোকত কাতৰ শব্দ

অত্যাচাৰৰ পংগু শব্দ

যন্ত্ৰণাত জঠৰ শব্দ

কাঠগৰাত থিয় হোৱা শব্দ

সন্তাসত বোবা শব্দ

নিৰ্বাসিত শব্দবোৰ মাতি আছে।"  (কথোপকথন, অত্যাচাৰৰ টোকাবহি)

সমীৰ তাঁতী এজন উল্লেখিত সমাজ-চেতনাৰ কবিতেওঁ কবিতাবোৰত সমাজৰ প্ৰায়বোৰ দিশকে সামৰি হৈছেতেওঁ কবিতাত অসমীয়া সমাজৰ এক জ্বলন্ত ছবি দেখা পোৱা গৈছে

নীলিম কুমাৰ কবিতাত সমাজ-চেতনা  

নীলিম কুমাৰৰ কবিতাবোৰত সমাজ-চেতনা কম পৰিমাণেহে পোৱা গৈছে। তেওঁ বেছিভাগ কবিতা ৰোমাণ্টিক ভাৱ-ধাৰাৰে বিভূষিত আৰু যৌন-চেতনা বিদ্যমান হৈ আছে। যাৰ বাবে তেওঁ বিতর্কিতও হৈ পৰিছিল

নীলিম কুমাৰে নগৰীয়া সমাজ জীৱনত চলি থকা কিছুমান বিভৎস দৃশ্য কবিতাৰ মাজেৰে উপস্থাপন কৰিছে

‘‘সেই ফুটপাথবোৰ আৰু

তাৰ তলিৰ আন্ধাৰ

নৰ্দমা আৰু গলিত মৃতদেহত

থকা পোকবোৰ দেখিও

সিতো নাক কোঁচোৱা নাছিল

মুগ্ধহে হৈছিল !

তোমাৰ সেই গুদাম ঘৰবোৰ

আৰু সেই নিগনি আৰু

শুভ্ৰ এন্দুৰবোৰ

যি ৰক্তকেশিকাৰ মাজত

লুকাই থাকে

সি তোমাৰ কি ভালপোৱা

নাছিল"

নীলিম কুমাৰৰ কবিতাত লোকগীত,লোককথাৰ প্ৰকাশিত হৈছে। তেওঁ অসমীয়া সমাজত প্ৰচলিত হৈ থকা আয়তী নামটীয়ে গোৱা বিয়া নামৰ বৰ্ণনা কবিতাৰ মাজত উপস্থাপন কৰিছে এনেদৰে---

সেই পাৰত আয়তী নামটীয়ে গায়

আইদেউৰে পদূলিত তিনিজুপি তিতা

অত বেলি নোৱান কৰে তাই!

গা ধুই তাইৰ পটুৱাতে ভৰি

সাগৰো আহিব ভাগিছে ফুল চন্দন

তুলসী।

ৰক্তকেশিকাই মহানগৰীৰ দেহ আৰু আত্মা দুয়োটাকে একেলগে বান্ধি পেলাইছে আৰু শব্দবোৰৰ লগত লিপিত খাই আছে এক প্ৰকাৰৰ আৱেগিক বোধ

নীলিম কুমাৰে বিবাহ-উৎসৱৰ বিষয়বস্তু হিচাপে লৈও কবিতা ৰচনা কৰিছে। শিল আৰু পানীৰ ৰূপকেৰে নৰ-নাৰীৰ আৱহমান কালৰপৰা সংঘটিত মিলনৰ দ্যোতনা

 দিছে

এখন মৰি যোৱা ৰামধেনুৰ

তোৰণ

কুঁৱলীৰ আয়তাকাৰ ৰভা

এহেজাৰ বছৰীয়া এটা

নিদ্ৰাৰ পাৰত এয়া মোৰ

বিবাহ-উৎসৱ।

মোৰ আত্মীয় শিলবোৰৰ

মাজত মই উথলি উঠিছোঁ

পানীৰ সাজ পিন্ধি উঠি

আহিছে মোৰ বাগদত্তা

চপচপীয়া এটা পুখুৰীৰ পৰা

পানীৰ এটা ভঙ্গীত

এই ভঙ্গীমাৰ বাবে তাইৰো

লাগিছিল ইমান সময়

আৰু দুয়োৰে নিদ্ৰাৰ

পাৰত ৰৈ ৰৈ আমাৰ

আই-বোপা মাৰিছিল।

তথাপি মোৰ আইৰ ছাঁ আহে

বোপাইৰ ছাঁ আহে

এই উৎসৱলৈ"   (বিবাহ-উৎসৱ)

নীলিম কুমাৰৰ কেইটামান মানুহৰ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে সংগতি থকা কবিতা কেইটামান হৈছে― হাস্পাতাল, ৰোগী, প্ৰসূতি-গৃহ, আইছ'লেশ্যন ৱাৰ্ড, এম্বুলেন্স, ডেড'বডী, অস্ত্ৰোপচাৰ কক্ষ, নাৰ্ছ আদি

প্ৰত্যেক মানুহৰ শৰীৰত বেমাৰে বাহ লয় আৰু সেই বেমাৰ ভাল কৰিবলৈ চিকিৎসাৰ প্ৰয়োজন হয়সকলো মানুহেই বেমাৰক ভয় কৰে কাৰণ নিজৰ জীৱনটো সকলোৰে প্রিয়নীলিম কুমাৰে এই বিষয়বোৰ পঢ়ুৱৈ সমাজৰ বাবে এক সুন্দৰ ৰূপত কবিতাৰ আকাৰে ৰূপায়িত কৰিছে তেওঁ লিখিছে

‘‘ক) দীঘল বাৰাণ্ডাখনেৰে

জোতাৰ খটখট শব্দ এটা

আগবাঢ়ি আহিছে

শব্দটোৱে পিন্ধিছে

এটা বগা অপ্ৰন

আৰু কান্ধত ওলোমাই

আনিছে অপাট যন্ত্ৰ (হাস্পাতাল)

খ) বৰসাৰ্ঙ্গত বেণ্ডেজ

বিছনাৰপৰা নামি আহে

আৰু গুণগুণাই গুণগুণাই

বাথৰুমত সোমাই। (ৰোগী)

গ) ঘোঁৰাৰ দৰে জঁপিয়াই জঁপিয়াই

আহে এম্বুলেন্স

আৰু দুৰ্ঘটনাটো শুঙি

চাৰিওফালে এপাক ঘূৰে

ষ্টাৰ্ট বন্ধ নকৰে

তুলি লয় ক্ষত-বিক্ষতক।  (এম্বুলেন্স)

আমাৰ সমাজত পংগু মানুহহে অৱহেলা কৰা হয়তেনে মানুহৰ কোনো আদৰ নাই। বৰ্তমান মানুহ শিক্ষাৰ ক্ষেত্ৰত বহু দূৰলৈ আগুৱাই গৈছে যদিও মানুহৰ মানসিকতা এতিয়াও কিছু ক্ষেত্ৰত বহু পিছ পৰি ৰৈছেবৰ্তমান সময়তো শাৰীৰিকভাৱে সক্ষম মানুহক অৱহেলা কৰেএনে মানুহক সাধাৰণ মানুহে কেতিয়াও আপোন বুলি ভাৱিব নোৱাৰেশাৰীৰিকভাৱে সক্ষম মানুহে বেলেগ মানুহবোৰৰ পৰা মৰম আৰু আদৰ পাবলে চেষ্টা কৰে যদিও মানুহে তেওঁলোকক কেৱল দয়া আৰু পুতৌ দৃষ্টিৰে হে চায়এনে পৰিস্হিতিক লৈও নীলিম কুমাৰে কবিতা ৰচনা কৰিছে। তেওঁ এনেদৰে কৈছে

কাণী হোৱা বাবে

কোনেও তাইক বিয়া নকৰালে

গোটেই পাহাৰখন তাই ঘুৰিলে

ভৈয়ামৰ নদীৰ পাৰে পাৰেও গ'

কিন্ত ক'তো নাপালে

এটা কণা ল'ৰা

মনত বৰ দুখ পালে তাই

পৃথিৱীৰ আটাইতকৈ ধুনীয়া

চকুটোৰ সৈতে

এদিন ছোৱালীজনী

বুঢ়ী হৈ গ'ল। (এজনী কাণী ছোৱালীৰ প্ৰেম)

নীলিম কুমাৰৰ অসমীয়া এক গাঁৱলীয়া পৰিবেশ পোৱা যায়চহা খেতিয়ক সমাজৰ জীৱন নিৰ্বাহৰ একমাত্ৰ প্ৰণালী হৈছে খেতিখেতিয়কৰ বাবে খেতিয়েই প্ৰাণ খেতিৰ পৰা উৎপাদন হোৱা শস্য বিক্রী কৰিয়েই পৰিয়াল পোহপাল দিয়ে'ৰা-ছোৱালীক পঢ়ুৱাইনীলিম কুমাৰে তেওঁৰ ৰসাল শব্দ শৈলীৰে খেতিৰ ওপৰত কবিতা ৰচনা কৰিছেতেওঁ কবিতাটো এনেদৰে লিখিছে

দাৱনী হৈ তেওঁ আহিব বুলি

কিমান বাৰ যে

মোৰ বুকুৰ পথাৰত

উপচি পৰিছিল সোণালী শস্য (দাৱনী)

বৰ্তমান সমাজত সকলো লোকৰে এটা চখ্ হৈ পৰিছে হোম ডেলিভাৰীৰ দ্বাৰা প্ৰয়োজনৰ সামগ্ৰী অনাপিন্ধাৰ পৰা খুৱালৈকে আদি কৰি সকলো বস্তুৱেই হোম ডেলিভাৰী কৰি আনিব বিচাৰেডেলিভাৰী দিয়া লোকজনে বস্তুটো নিৰপদে কোনো ক্ষতি নোহোৱাকৈ গন্তব্য স্থান পোৱালৈকে বহু কষ্ট হয় কিন্তু তাৰ পিছতো যদি বস্তুটো দিয়া অকমান সময়ো দেৰি হয় গ্ৰাহকে গালি-গলাজ দিয়ে। ডেলিভাৰী কাম কৰা লোকজনৰ সেইটো কোনো চখত কৰা কাম নহয় নিজৰ পৰিয়ালটোৰ পোহ-পাল দিবলৈহে ৰ'দ-বৰষুণ কাটি কৰি, পেটৰ ভোক পেটতে ৰাখি নিজৰ দায়িত্ব পালন কৰিব লাগেনীলিম লোকসকলৰ জীৱন যান্ত্ৰণা মৰ্মে মৰ্মে উপলব্ধি কৰিব পৰিছেসেইবাবে তেওঁলোকক লৈ তেওঁ কবিতা লিখিছে

দুই প্লেট হাঁহিৰ বিৰিয়ানি

দুবাটি সুখৰ চুপ

আৰু পাহৰণিৰ চালাড্

এক প্লেট

'ম ডেলিভাৰী দিব পাৰিবনে?

চোৰ কৰাটো কিছুমান মানুহৰ এটা বেয়া স্বভাৱ। চোৰ মানুহে কেতিয়াও সমাজত মান-সন্মান নাপায় তাক সদায় নীচ চকুৰেই চোৱা হয়। চোৰ কৰি নিজৰ আত্মসন্মান নষ্ট কৰাতকৈ কষ্ট কৰি এসাজ খাই এসাজ লঘোণে থকাই বেছি ভাল। নীলিম কুমাৰে এই চোৰবোৰক উদ্দেশ্য কৰিও কবিতা ৰচনা কৰিছে তেওঁ লিখিছে

তামোলৰ বাৰীত

পিতাই ধৰিছিল তাক

আৰু আমাৰ এজাউৰি

কিৰিলিৰ পাৰে-পাৰে

কণ কণ চেকনিৰ তালে-তালে

অভিনয়ৰ চকু মোহাৰি

পিতাইৰ উফন্দি উঠা

গৰ্বিত বুকুৰ বাষ্পত আমিও

শক্তিমান হৈ উঠিছিলোঁ সেইদিনা

বান্ধিছিল তাক শনিবাৰৰ হাতত (চোৰ)’’ 

ওপৰত হীৰেন ভট্টাচাৰ্য, সমীৰ তাঁতী, নীলিম কুমাৰৰ কবিতাত প্ৰকাশিত সমাজ-চেতনা সম্পৰ্কে আলোচনা কৰি দেখুৱা হ’ল। কবি কেইজনৰ কবিতাসমূহ বিশ্লেষণ কৰি জানিব পাৰিলো যে তেওঁলোকৰ কবিতা সমূহত সমাজ-চেতনাৰ উপৰিও প্ৰকৃতিবাদ, দেশপ্ৰেম, ৰোমাণ্টিকতাবাদ, ৰাজনৈতিক চেতনা আদিকে ধৰি বিভিন্ন দিশৰ সমাহাৰ হৈ আছে। সমাজৰ বহুতো দিশক অৱলম্বন কৰি কবিসকলে কবিতা ৰচনা কৰিছে তাৰ ভিতৰত এওঁলোক অন্যতম।

এই ক্ষুদ্ৰ গৱেষণা গ্ৰন্থখনত আলোচনা কৰা কবি কেইজনৰ আটাইবোৰ কবিতাৰ সম্পর্কে আলোচনা কৰিব পৰা নাইগতিকে  সকলো কবিতাত প্ৰতিফলিত সমাজ-চেতনা সম্পৰ্কে ইয়াত আলোচনা পোৱা নাযাব

 

 

প্ৰসংগসূচীঃ

. বিশ্বনাথ কবিৰাজ. সাহিত্য় দৰ্পন. পৃ, ১০

২. এম. কামলুদ্দিন আহমেদ, আধুনিক অসমীয়া কবিতা, পৃ. ১৩২-১৩৪

৩. হৰেকৃষ্ণ ডেকা, আধুনিক কবিতা, পৃ. ২০০, ২০২

৪. হৰেকৃষ্ণ ডেকা, আধুনিক কবিতা, পৃ. ২৬৭-২৭০

৫. ডঃ কৰবী ডেকা হাজৰিকা, অসমীয়া কবি আৰু কবিতা, পৃ.১৩৫

৬. এম. কামালুদ্দিন আহমেদ, আধুনিকঅসমীয়া কবিতা, পৃ.১৮১-১৮৬

৭. এম. কামলুদ্দিন আহমেদ, আধুনিক অসমীয়া কবিতা, পৃ. ২১০, ২১৫, ২১৬

৮. নীলিম কুমাৰ, নীলিম কুমাৰৰ নিৰ্বাচিত কবিতা, পৃ. ১৭, ৩৯, ৪০, ৪২, ৬০, ৬৭


সহায়ক গ্ৰন্থপঞ্জীঃ 

·       আহমেদ, কামলুদ্দিন. আধুনিক অসমীয়া কবিতা. গুৱাহাটীঃবনলতা, তৃতীয় প্ৰকাশ, ২০২০

·       উল্লাহ, ইমদাদ. কবিতাৰ সবিশেষ. অসম সাহিত্য সভা, তৃতীয় প্ৰকাশ, ২০১৪

·       কুমাৰ, নীলিম. নিৰ্বাচিত কবিতা. গুৱাহাটীঃ বনলতা, প্ৰথম প্ৰকাশ, ২০১৫

·       ডেকা, হৰেকৃষ্ণ.আধুনিক কবিতা. গুৱাহাটীঃ পাণবজাৰ, প্ৰথম প্ৰকাশ, ২০১৩

·       নেওগ, মহেশ্বৰ (সম্পা).অসমীয়া সাহিত্যৰ ৰূপৰেখা. গুৱাহাটীঃপানবজাৰ. একাদশ প্ৰকাশ, ২০১০

·       বৰগোহাঞি, হোমেন. এশ বছৰৰ অসমীয়া কবিতা. অসম প্ৰকাশন পৰিষদ, পঞ্চম প্ৰকাশ, ২০১২

·       বৰমুদৈ, আনন্দ. অসমীয়া কবিতাৰ সমালোচনা. অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, ২০১২

·       বৰমুদৈ, আনন্দ. সাহিত্য সমালোচনা. গুৱাহাটী: অসম পাৱলিচিং কোম্পানী, প্ৰথম প্ৰকাশ, ২০১৩

·       বৰমুদৈ, আনন্দ.নিৰ্বাচিত অসমীয়া কবিতাৰ সমালোচনা. গুৱাহাটীঃ অসম পাৱলিচিং কোম্পানী, দ্বিতীয় প্ৰকাশ, ২০২১

·       বৰমুদৈ, আনন্দ.আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস. ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, ২০২৩

·       বৰা, মহেন্দ্ৰ. সাহিত্য উপক্ৰমণিকা. বনলতাঃ ডিব্ৰুগড়. একাদশ প্ৰকাশ, ২০২৩

·       শইকীয়া, বিপুলজ্যোতি.হীৰেন ভট্টাচাৰ্যৰ ৰচনাৱলী. গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ, দ্বিতীয় প্ৰকাশ, ২০২৩

·       শইকীয়া, ৰাজুমণি. হীৰেন ভট্টাচাৰ্যৰ কবিতা. মৰিগাঁওঃসৃষ্টি প্ৰকাশ, প্ৰথম প্ৰকাশ, ২০১৩

·       শৰ্মা, সত্যেন্দ্ৰনাথ.অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. দশম সংস্কৰণ, ২০১১

বাংলা কবিতাপুথি

·       সৰকাৰ, সুবুধ. দ্বৈপায়ন হ্ৰদৰ পাৰত (সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত বাংলা কবিতাৰ সংকলন).অনু. এম. কামলুদ্দিন আহমেদ. সাহিত্য অকাডেমি. প্ৰথম প্ৰকাশ, ২০১৪

ইংৰাজী কবিতাপুথি

·       Dutta, Amaresh. Poetry Religion and culture: The Indian perspective and sankardeva. published by, purbanchal prakash.1st Edition, 2020

·       Satchidanandan, k. Akademi Award-winning malayalam poetry collection entitled marannu vecha vasthukkal and other poems.published by, Sahitya Akademe.1st Edition, 2019

 

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাৰ সামগ্ৰিক বৈশিষ্ট্য

      একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাৰ সামগ্ৰিক বৈশিষ্ট্য শ্ৰীমতী প্ৰিয়ংকা বৰা , প্ৰাক্তন ছাত্ৰী , অসমীয়া বিভাগ মাজুলী সাংস্...