একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাৰ সামগ্ৰিক বৈশিষ্ট্য
শ্ৰীমতী প্ৰিয়ংকা বৰা,
প্ৰাক্তন ছাত্ৰী,
অসমীয়া বিভাগ
মাজুলী সাংস্কৃতিক বিশ্ববিদ্য়ালয়
borahp882@gmail.com
একবিংশ শতিকাৰ কবিসকলৰ কবিতাৰ মাজত
বিভিন্ন বৈশিষ্ট্য বিৰাজমান হৈ আছে। গৱেষণা
গ্ৰন্থখনত আলোচিত কবি কেইজনৰ কবিতাত প্ৰতিফলিত বৈশিষ্ট্যসমূহ আলোচনা কৰা হৈছে―
স্বদেশপ্রেম
একবিংশ শতিকাৰ দ্বিতীয় দশকৰ কবিসকলৰ বহুতৰে
কবিতাত স্বদেশপ্ৰেমৰ অনুভূতি প্ৰকাশিত হৈছে। উদাহৰণ
স্বৰূপে―
মোৰ
শব্দৰ শোভাযাত্ৰা হওক
ক্ৰুৰ-কুটিল
ৰাতিৰ প্ৰহৰী হওক
তিৰবিৰাই
থাকক বিক্ষোভৰ
চোকা
তৰোৱাল
টলমল
শব্দৰ উচ্ছ্বসিত
তেজৰ
প্ৰবাহে-প্ৰবাহে (‘দেশ আৰু
অন্যান্য বিষয়ক’― হীৰেন
ভট্টাচাৰ্য)
এই কবিতাটোৰ জৰিয়তে দেশপ্ৰেমৰ এক গভীৰ অনুভূতিৰ
প্ৰকাশ ঘটাইছে। নিজৰ দেশক ৰক্ষা কৰিবৰ বাবে সজাগ হোৱাৰ কথা কবিতাটোত কৈছে। দেশৰ
বাবে নিজৰ জীৱন ত্যাগ কৰি হ’লেও দেশক ৰক্ষা কৰিবলৈ তৰোৱাল সাজু
কৰি ৰাখিবলৈ আহ্বান জনাইছে। তেজৰ
প্ৰবাহে প্ৰবাহে দেশপ্ৰেমৰ প্ৰতি দায়বদ্ধতা আৰু সজাগতাৰ ঢৌ বৈ থকাৰ কথা
কবিয়ে উল্লেখ কৰিছে।
প্ৰকৃতিবাদ
এই দশকৰ কবিতাসমূহৰ মাজত প্ৰকৃতিৰ নানান চিত্ৰ
পৰিস্ফুট হৈ উঠিছে। গছ-গছনি,
চৰাই-চিৰিকটি, খেতি-পথাৰ, নদী-সাগৰ, পৰ্বত-পাহাৰ আদি বিষয়বোৰ কবিতাৰ মাজত বিস্তৃতভাৱে প্ৰকাশিত
হয়। উদাহৰণস্বৰূপে―
১/ উৎসৰ্গিত
ওৰেটো জীৱন
কেৱল
তেওঁ শিল্পী
তেওঁৰ
নিজস্ব কোনো
জাতি
নাই, নিজস্ব কোনো দেশ
তেওঁৰ
এই এটাই মাথো ভাষা
যি
ভাষাত কথা কয়
কোনো
শস্যক্ষেত্ৰ, কিংবা মেঘ। ( ‘খেতিয়ক'-সমীৰ তাঁতী)
২/ শিল্পৰ কৰ্ষণে তল ওপৰ
কৰে
সৃষ্টিৰ মাটি
মাটি
পানীয়ে মোক ঢালি
দিব
ঢালি দিয়ক
শস্যহীন
নির্বীজ প্ৰকৃতি
আৰু
মোৰ বিনষ্ট
কবিতাৰ
ভ্ৰণ
আজি
ৰাতি বৰষুণ হ'ব
অগাধ
বৰষুণ। (‘তুমি সৰোবৰ
শান্তি কল্যাণ'-- হীৰেন ভট্টাচাৰ্য)
প্ৰথম কবিতাটোত কবিয়ে তেওঁৰ নিজৰ কথাৰ মাজেৰে
প্ৰকৃতিৰ মাজলৈ গতি কৰিছে। তেওঁ ওৰেটো জীৱন শিল্পীৰ নামত উৎসৰ্গিত কৰিছে। তেওঁ
কৈছে যে তেওঁৰ নিজৰ কোনো জাতি নাই, নিজৰ কোনো
দেশ নাই, তেওঁ যিটো ভাষা ব্যৱহাৰ কৰি কথা কয়
সেইয়া কোনোবা এখন শস্যক্ষেত্ৰ নাইবা আকাশৰ মেঘ বুলি ব্যক্ত কৰিছে। এই প্ৰকৃতিৰ
মাজতে তেওঁ নিজকে বিলীন কৰি ৰাখিছে।
দ্বিতীয় কবিতাটোত কবিয়ে প্ৰকৃতিৰ
এক নিৰ্মম চিত্ৰ উপস্থাপন কৰিছে। মাটি আৰু পানীৰ মাজত তেওঁ নিজকে আত্মনিয়োগ কৰিছে।
শস্য নোহোৱা প্ৰকৃতি যেনেদৰে আধৰুৱা ঠিক তেনেদৰে এটা কবিতাত সামান্য ভূলে কবিতাটোৰ
সাৰমৰ্ম সলনি কৰি দিয়ে। সেয়ে তেওঁ প্ৰকৃতিক জীপাল কৰি তুলিবৰ বাবে শেষত আজি ৰাতি বৰষুণ হোৱাৰ কথা কৈছে।
ৰোমাণ্টিকতাবাদ
একবিংশ শতিকাৰ দ্বিতীয় দশকৰ কবিসকলৰ কবিতাত
ৰোমান্টিক ভাৱ-ধাৰাৰো প্ৰকাশ দেখা পোৱা যায়। ৰোমাণ্টিক
কবিতাই মানুহৰ মনক আনন্দ প্ৰদান কৰে। উদাহৰণস্বৰূপে―
১/ তুমি
আহিলে
আহোঁ
বুলি আহিন
আগেয়ে
আহে
মোৰ
তেজৰ গালিচা গলে
তোমাৰ
খোজত পদুম
পাহে
পাহে।" (‘আচৰিত
প্ৰেমৰ পিঞ্জৰাত বন্দী’― হীৰেন ভট্টাচাৰ্য)
২/ চিটিবাছত
ওলমি এতিয়াও
তাৰ
আত্মাই বিচাৰি আহে
তোমাৰ
অমাতৰ মাত
তাৰ
উশৃংখল চুলি
আৰু
দাড়িৰ অস্থিৰতাৰে
তোমাৰ
এই প্ৰাচীন
প্ৰেমিকজনক
তুমি
এতিয়া চিনি নাপাবা
গুৱাহাটী
চৰাই
এটাৰ স'তে
দূৰৰ
পাহাৰ এটাত
সি
থাকে।" (‘গুৱাহাটী'―নীলিম কুমাৰ)
প্ৰথম কবিতাটোত কবিয়ে প্ৰেমৰ উন্মুক্ত প্ৰকাশ
ঘটাইছে। প্ৰেমিকজনক কবিয়ে ‘তুমি' বুলি সম্বোধন কৰিছে। কবিৰ মতে তেওঁৰ প্ৰেমিক আহিছে আহিলে
আহিন আগতীয়াকৈ আহে। প্ৰেমিকজন আহিলে কবিৰ তেজৰ গালিছা গলিবলৈ
আৰম্ভ কৰে। কবিয়ে কবিতাটোত প্ৰেমিকৰ খোজত পদুম পাহে পাহে ফুলাৰ কথা কৈছে। কবিয়ে
তেওঁৰ প্ৰেমৰ আভাস কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।
দ্বিতীয় কবিতাটোত কবিয়ে গুৱাহাটী মহানগৰীক লৈ মনৰ
মাজত সজীৱ হৈ থকা ৰোমাণ্টিকতাৰ অনুভূতি প্ৰকাশ কৰিছে।গুৱাহাটী এৰি যোৱা মধুৰ
স্মৃতি ৰোমন্থন কৰিছে তেওঁ। সেই চিটিবাছখনত যিখনত তেওঁ অহা-যোৱা কৰিছিল তাত এতিয়াও
তেওঁৰ স্মৃতি জড়িত হৈ আছে। এতিয়াও বিচাৰি আহে তাৰ আত্মাই অমাতৰ এশাৰি মিঠা মাত। কবিয়ে
সকলো স্মৃতি প্ৰকাশ কৰিছে যদিও তেওঁ দুখেৰে কৈছে গুৱাহাতীয়ে এতিয়া তেওঁৰ
প্ৰেমিকজনক চিনি নাপায় কাৰণ বহু দিনৰ আগতেই গুৱাহাটীক এৰি
আঁতৰি গৈছে। এতিয়া তেওঁ দূৰৰ পাহাৰ এটাত বসবাস কৰে
আৰু তেওঁৰ লগত থাকে এটা চৰাই।
সমাজবাদ
একবিংশ শতিকাৰ কবিসকলৰ ভালেসংখ্যক কবিতাতে
সমাজবাদ বিৰাজিত হৈ আছে। সমাজৰ বিভিন্ন দিশক লৈ ৰচনা কৰা কবিতাসমূহৰ মাজত এই
সমাজবাদ প্ৰতিফলিত হৈ আছে। উদাহৰণস্বৰূপে―
১/ ভাই ! সময় বুজি আহিবি
এদিন
ফুমাৰি চোতালত
লগে-ভাগে খাম
দুখৰ ধানৰ
এসাজ ভাত।"
(‘গৰখীয়া ল'ৰাৰ গীত শুনি'― হীৰেন ভট্টাচাৰ্য )
২/ এইখন দেশ কাৰ
মই কোন
কোন মোৰ জন্মৰ পৰম কাৰণ
এছিয়াৰ বৃত্ৰাসুৰ নে
আৰ্য্য-দস্যু ইন্দ্ৰ
স্বৰ্ণলোভী মহম্মদ ঘোৰী নে
ব্যাকুল হৃদয়
মইনুদ্দিন সিষ্টি। (জয়াৰ ছাঁ
-সমীৰ তাঁতী)
প্ৰথম কবিতাটোত কবিয়ে অসমীয়া গাঁৱলীয়া সমাজৰ চহা
কৃষকসকলৰ পৰিশ্ৰমৰ ছবি ফুটি উঠিছে। কবিতাটোত ‘ভাই' বুলি তেওঁ কোনোবা আপোন মানুহক লম্বোধন কৰিছে। সময় চাই এদিন
তেওঁৰ দুখীয়া খেতিয়কৰ ঘৰলৈ আহিবলৈ কৈছে। একেলগে চোতালত বহি দুখৰ ধানৰ এসাজ খাব
দুয়ো মিলি য'ত দুখৰ মাজতো মৰম আৰু আন্তৰিকতা থাকিব।
দ্বিতীয় কবিতাটোত কবিয়ে সমাজ ধৰ্মৰ নামত চলি থকা
ভেদ-ভাৱক লৈ ৰচনা কৰিছে। কবিয়ে যেন এই অন্ধবিশ্বাসেৰে ভৰা সমাজ খনৰ মাজত নিজকে
চিনি নোপোৱাৰ দৰে হৈছে। সমাজত ঈশ্বৰৰ নামত
চলা ভাগ-বতৰা কবিতাটোত প্ৰকাশিত হৈছে। সকলো জাতিৰ লোকৰে নিজৰ নিজৰ এজন ভগৱান থাকে। সকলোৱে
ভাৱে নাম অনুযায়ী ভগৱান বেলেগ বেলেগ কিন্তু কোনেও মানি লৱ নিবিচাৰে যি জাতিয়েই
নহওঁক লাগিলে সকলো নামতেই ভগৱান এজনেই।
যৌন-চেতনা প্ৰকাশ
এই শতিকাৰ দ্বিতীয় দশকৰ কবি নীলিম কুমাৰৰ কবিতাত
যৌন-চেতনাৰ প্ৰকাশ আছে। সেয়েহে এই ক্ষেত্ৰত তেওঁ বিতৰ্কিতও হৈছিল। উদাহৰণস্বৰূপে ―
১/ গোপনে
গোপনে
তাইৰ
বুকুৰ ফুলে
ৰঙা
জবা এপাহ
এদিন
টোপ টোপকৈ
পাহিবোৰ
সৰি
তাইৰ
হাতত পৰাত
উচুপি
উচুপি তাই
মাকক
কয়
সাত
দিন সাত ৰাতি
মুখ
নেদেখুৱাই
বেলি, জোন আৰু তৰাক। (কন্যাকাল )
২/ কতবাৰ
তোমাৰ সেওঁটাৰে
নামি
আহি
তোমাৰ
ললাতভূমিত
জিৰণি
ল'লে
মোৰ
ৰনক্লান্ত অশ্ব।
উক্ত কবিতা দুটাত নীলিম কুমাৰে ছোৱালী সকলৰ যৌৱনৰ
ছবি উপস্থাপন কৰিছে। এজনী ছোৱালী ভৰ যৌৱনৰ দৈহিক অৱয়বৰ চিত্ৰ কবিয়ে কবিতা দুটাত
উল্লেখ কৰিছে। এজনী ভৰ যৌৱনপ্ৰাপ্ত ছোৱালীৰ প্ৰতি পুৰুষসকল আকৰ্ষিত হয় পুৰুষসকলৰ
ছোৱালীজনীক লৈ মনত নিহিত হোৱা ভাৱসমূহ কবিতা দুটাৰ মাজেৰে প্ৰকাশিত হৈছে।
মৃত্যুচেতনা
একবিংশ শতিকাৰ দ্বিতীয় দশকৰ কবিসকলৰ কবিতা
কিছুমানত মৃত্যু চেতনাৰ উন্মুক্ত প্ৰকাশ পোৱা যায়। উদাহৰণস্বৰূপে―
মৃত্যুৰ
স'তে কোনে
কাজিয়া
কৰে
জীৱনৰ
সংগীত
মৃত্যু
সুক্ষ্মতম শুদ্ধ। ― হীৰেন ভট্টাচাৰ্য
এই কবিতাটোত কবিয়ে মৃত্যুক ভয় নকৰি সাহসেৰে
মৃত্যুৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰিছে। মৃত্যু সকলো জীৱৰে জীৱনলৈ আহে পাৰ্থক্য
মাথোঁ এটাই কাৰোবাৰ ক্ষেত্ৰত সোনকাল হয় আৰু কাৰোবাৰ ক্ষেত্ৰত দেৰি। মৃত্যু সকলোৰে ক্ষেত্ৰত আনিবাৰ্য যদিও
সকলোৱে মৃত্যুক ভয় কৰা দেখা যায় কিন্তু সেই মৃত্যুক হীৰেন ভট্টাচাৰ্যই ভয় নকৰাৰ
কথা কৈছে। মৃত্যুক ভয় কৰাৰ কোনো কাৰণ নাই তেওঁৰ
মতে মৃত্যু সংগীতৰ দৰে জীৱনত বিয়পি আছে আৰু থাকিবই।
এনেদৰেই হীৰেন ভট্টাচাৰ্য, সমীৰ তাঁতী, নীলিম
কুমাৰৰ কবিতাক লৈ একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা
কৰা হ'ল। এই কবিকেইজনৰ কবিতাৰ মাজত ভালেমান সমাজৰ দিশ
নিহিত হৈ আছে। কবিতাবোৰৰ জৰিয়তে তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰাৰ উপৰিও কবিতাসমূহৰ
দ্বাৰা সমাজলৈ এক সুস্থিৰ বাৰ্তাও প্ৰেৰণ কৰিছে।
মুঠতে, কবিতাসমূহৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি এই বৈশিষ্ট্যসমূহ
বিচাৰি উলিওৱা হৈছে।
সহায়ক গ্ৰন্থপঞ্জীঃ
· আহমেদ, কামলুদ্দিন. আধুনিক অসমীয়া কবিতা. গুৱাহাটীঃবনলতা, তৃতীয় প্ৰকাশ, ২০২০
· উল্লাহ, ইমদাদ. কবিতাৰ সবিশেষ. অসম সাহিত্য সভা, তৃতীয় প্ৰকাশ, ২০১৪
· কুমাৰ, নীলিম. নিৰ্বাচিত কবিতা. গুৱাহাটীঃ বনলতা, প্ৰথম প্ৰকাশ, ২০১৫
· ডেকা, হৰেকৃষ্ণ.আধুনিক কবিতা. গুৱাহাটীঃ পাণবজাৰ, প্ৰথম প্ৰকাশ, ২০১৩
· নেওগ, মহেশ্বৰ (সম্পা).অসমীয়া সাহিত্যৰ ৰূপৰেখা.
গুৱাহাটীঃপানবজাৰ. একাদশ প্ৰকাশ, ২০১০
· বৰগোহাঞি, হোমেন. এশ বছৰৰ অসমীয়া কবিতা. অসম প্ৰকাশন পৰিষদ, পঞ্চম প্ৰকাশ, ২০১২
· বৰমুদৈ, আনন্দ. অসমীয়া কবিতাৰ সমালোচনা. অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, ২০১২
· বৰমুদৈ, আনন্দ. সাহিত্য সমালোচনা. গুৱাহাটী: অসম পাৱলিচিং
কোম্পানী, প্ৰথম প্ৰকাশ, ২০১৩
· বৰমুদৈ, আনন্দ.নিৰ্বাচিত অসমীয়া কবিতাৰ সমালোচনা. গুৱাহাটীঃ
অসম পাৱলিচিং কোম্পানী, দ্বিতীয়
প্ৰকাশ, ২০২১
· বৰমুদৈ, আনন্দ.আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস. ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, ২০২৩
· বৰা, মহেন্দ্ৰ. সাহিত্য উপক্ৰমণিকা. বনলতাঃ ডিব্ৰুগড়.
একাদশ প্ৰকাশ, ২০২৩
· শইকীয়া, বিপুলজ্যোতি.হীৰেন ভট্টাচাৰ্যৰ ৰচনাৱলী. গুৱাহাটীঃ
অসম প্ৰকাশন পৰিষদ, দ্বিতীয় প্ৰকাশ, ২০২৩
· শইকীয়া, ৰাজুমণি. হীৰেন ভট্টাচাৰ্যৰ কবিতা. মৰিগাঁওঃসৃষ্টি
প্ৰকাশ, প্ৰথম প্ৰকাশ, ২০১৩
· শৰ্মা, সত্যেন্দ্ৰনাথ.অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. দশম সংস্কৰণ, ২০১১
বাংলা
কবিতাপুথি
· সৰকাৰ, সুবুধ. দ্বৈপায়ন হ্ৰদৰ পাৰত (সাহিত্য অকাডেমি
পুৰস্কাৰপ্ৰাপ্ত বাংলা কবিতাৰ সংকলন).অনু. এম. কামলুদ্দিন আহমেদ. সাহিত্য অকাডেমি.
প্ৰথম প্ৰকাশ, ২০১৪
ইংৰাজী
কবিতাপুথি
· Dutta, Amaresh. Poetry Religion and culture: The Indian perspective and
sankardeva. published by, purbanchal prakash.1st Edition, 2020
· Satchidanandan, k. Akademi Award-winning malayalam poetry collection
entitled marannu vecha vasthukkal and other poems.published by, Sahitya
Akademe.1st Edition, 2019
No comments:
Post a Comment