মাজুলীৰ চমু পৰিচয়
-------শ্ৰীমতী কৰিশ্মা দাস,
প্ৰাক্তন ছাত্ৰী,
অসমীয়া বিভাগ
মাজুলী সাংস্কৃতিক বিশ্ববিদ্য়ালয়
karishmadas2002@gmail.com
ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত মাজুলী অসমৰ এখন অন্যতম জিলা। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলে বসবাস কৰা মাজুলীক স্বকীয় আৰু বৰ্ণাঢ্য সংস্কৃতিয়ে সমৃদ্ধ কৰি তুলিছে। সাম্প্ৰতিক সময়ত মাজুলী দেশ-বিদেশৰ পৰ্যটকৰ থলী হিচাপে পৰিচিত হৈ পৰিছে।মাজুলীয়ে নদী-দ্বীপৰ আকাৰ লোৱাৰ আগতেই দিহিং-ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইখনক ‘মাজালি’, ‘মজালি’, বোলাৰ কিছু প্ৰমাণ পোৱা যায়।১ নকুল চন্দ্ৰ ভূঞাই বাৰ ভূঞাৰ চমু বুৰঞ্জীত উল্লেখ কৰা মতে উপদ্বীপ মাজুলীয়ে নদী-দ্বীপৰ আকাৰ লয় জয়ধ্বজ সিংহৰ (১৬৪৮- ১৬৬৩) দিনতেই।২ ড° জে.পি. ৱেডে অষ্টাদশ শতিকাৰ শেষ দশকত ‘মাজুলী' শব্দটো ব্যৱহাৰ কৰি ইয়াৰ দীঘ-প্ৰস্থ ক্ৰমে ১৬০ আৰু ৬০ মাইল (বৃটিছ মাইল) বুলি কৈছে।৩ ড° ডম্বৰুধৰ নাথে প্ৰসংগ ক্ৰমে উল্লেখ কৰিছে যে, সপ্তদশ শতিকাৰ মাজভাগ পৰ্যন্ত মাজুলীৰ অৱস্থিতি চাপৰি এটাৰ দৰে হ'লেও ই দক্ষিণ স্থল ভাগৰ লগত মুক্তভাৱে সংলগ্ন আছিল। অৱশ্যে দিহিং আৰু দিখৌৰ জলধাৰা এক হৈ প্ৰৱাহিত হোৱাৰ পৰৱৰ্তী কালত ইয়াৰ আকৃতি প্ৰায় নদীবেষ্টিত দ্বীপ অৰ্থাৎ চাপৰি বা মাজুলী এটাৰ নিচিনা হৈ পৰে। সেই কাৰণেই সম্ভৱত: প্ৰকৃততে দ্বীপ এটাৰ আকাৰ লোৱাৰ আগৰে পৰাই মানুহে ইয়াক মাজুলী চাপৰি বা ‘লুইত মাজুলী', বুলি কৈছিল; কিন্তু কেউফালে নদীবেষ্টিত নোহোৱা বাবে ই দেখাত এখন দীঘল দা বা জাতিলাও এটাৰ দৰেহে আছিল। এনে ভৌগোলিক অৱস্থানৰ বাবেই ঠাইখণ্ডক কেতিয়াবা কেতিয়াবা মাজালি (মজালি, মাযালি) অৰ্থাৎ মাজৰ ঠাই বুলিও উল্লেখ কৰা পোৱা যায়। তথাপি ‘মাজালি' শব্দই বৰ্তমান মাজুলী নামে জনাজাত ঠাইখিনিক নিৰ্দিষ্টকৈ বুজাইছিল; কিন্তু মাজুলী শব্দই ব্ৰহ্মপুত্ৰৰ বুকুৰ যিকোনো চাপৰিকে বুজাইছিল যদিও এই শব্দই মাজালিকো সামৰি লৈছিল।৪
মাজুলী পূৰ্বতে যোৰহাট জিলাৰ মহকুমা আছিল যদিও ২০১৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে ই সুকীয়া জিলা ৰূপে স্বীকৃতি লাভ কৰে। মাজুলীৰ জনগাঁথনি মিশ্ৰিত, যেনে-- কৈৱৰ্ত, ব্ৰাহ্মণ, কোঁচ, কলিতা, কেওঁট আদিৰ লগতে মিচিং, দেউৰী, সোণোৱাল কছাৰী, আহোম আৰু নেপালী সম্প্ৰদায়ৰ লোকসকলে বাস কৰে। ২০১১ চনৰ লোকপিয়ল অনুসৰি মাজুলীৰ জনসংখ্যা ১৬৭৩০৪ জন।৫ মাজুলীৰ পূৰ্বে মাটিকালি আছিল ৪৮৩ বর্গমাইল, কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ১৬৩ বৰ্গমাইল।৬
মাজুলী সত্ৰীয়া-সংস্কৃতিৰো অন্যতম এখন
পীঠস্থান। মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা সৃষ্ট এই সত্ৰ সমূহৰ ভূমিকা উল্লেখযোগ্য।
মাজুলীৰ সমাজ জীৱনত সত্ৰীয়া-সংস্কৃতিৰ প্ৰভাৱে মাজুলীৰ সামাজিক আৰু সাংস্কৃতিক
দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে মাজুলীয়ে বিশ্বৰ বুকুত এখন অন্যতম
পৰ্যটন থলী হিচাপে স্থান লাভ কৰিছে।
হেমকোষত দিয়া মতে- মাজুলী, বি. মাজালী চাপৰি, কেউফালে পানীৰে আবৃত ঠাই, উপদ্বীপ, or Island, a peninsula, বিন. পানীৰে আবৃৰ্ত মাজালী, Surrounded by water এই অভিধানিক অৰ্থৰ পৰাও পানীৰে আবৃত ভূখণ্ড হোৱা বাবেই একালৰ দিহিং-লুইত পৰিৱেষ্টিত ঠাইখণ্ড ‘মাজুলী’ নামে পৰিচিত হোৱা যেন অনুমান কৰিব পাৰি।৭
‘মাজুলী’ ৰ নামটোৰ সন্ধি ভাঙি সাহিত্য়াচাৰ্য স্বৰ্গীয় অতুল চন্দ্ৰ হাজৰিকাই লক্ষ্মীৰ ভঁৰাল (মা- লক্ষ্মী, জুলী- ভঁৰাল) হিচাপে অভিহিত কৰিছিল। এসময়ত শস্য়ে-মৎস্য়ে ভৰপূৰ, নদন-বদন অৱস্থাৰ হোৱাৰ বাবেই মাজুলীক লখিমীৰ ভঁৰাল বা জোলোঙা বুলি কোৱা যেন ধাৰণা হয়; ইয়াৰ বাহিৰে ই অধিক অনুসন্ধান- উৎসুক্য় জগাব পৰা তাৎপৰ্য্য় বহন কৰা যেন ধাৰণা নহয়।৮
মাজুলীৰ
ভৌগোলিক পৰিচয়
বৰলুইতৰ মাজৰ শুৱনি আৰু প্ৰখ্য়াত মাজুলী অতীতৰ অবিভক্ত শিৱসাগৰ জিলাৰ এটা বৃহৎ অঞ্চল আছিল আৰু পৰৱৰ্তী সময়ত উত্তৰ-পূব ভাৰতৰ অধিক জনবসতিৰ বৃহৎ নদীদ্বীপ হিচাপে স্বীকৃত হৈ ঐতিহ্য় বহন কৰি আছে।৯ মাজুলী যোৰহাট জিলাৰ উত্তৰ দিশত অৱস্থিত। মাজুলীত মুঠ ২০ খন পঞ্চায়ত আৰু ২ টা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আছে। মাজুলীৰ উত্তৰে লোহিত-খেৰকটীয়া সুঁতি, লখিমপুৰ, ধেমাজি জিলা, দক্ষিণে গোলাঘাট আৰু নগাঁও জিলা, পূবে যোৰহাট আৰু শিৱসাগৰ জিলা আৰু পশ্চিমে সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ নদী আছে। অসম উপত্য়কাৰ এক বিশাল ভূ-প্ৰকৃতি হ’ল মাজুলী। ভূ-প্ৰকৃতিৰ ফালৰ পৰা মাজুলীক সাধাৰণতে পাঁচটা ভাগত ভগাব পাৰি। যেনে-
ক) উজনি মাজুলী অঞ্চল
খ) মধ্য় মাজুলী অঞ্চল
গ) নামনি মাজুলী অঞ্চল
ঘ) পূব মাজুলী অঞ্চল
ঙ) উজনি-মধ্য়-নিম্ন-মাজুলীৰ চৰচাপৰি অঞ্চল।১০
মাজুলীত সাধাৰণতে দুই প্ৰকাৰৰ উদ্ভিদ দেখা যায়- প্ৰাকৃতিক উদ্ভিদ আৰু স্থানীয় উদ্ভিদ। মাজুলীত যথেষ্ট সেউজীয়া পৰিৱেশ আছে। ইয়াত কৰ্কটক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ পৰ্ণপাতী উদ্ভিদ, নদী কাষৰীয়া উদ্ভিদ আৰু তৃণভূমি- এই চাৰিপ্ৰকাৰৰ দেখা যায়।১১ মাজুলী জৈৱ-বৈচিত্ৰ্য়ৰ এখন অতি উত্তমথলী। ইয়াত অনুজীৱৰ পৰা আৰম্ভ কৰি নানা জাতি-প্ৰজাতিৰ গছ-গছনি, পশু-পক্ষী, মাছ-কাছ, কীট-পতঙ্গ আদি বিভিন্ন ধৰণৰ জীৱ আছে। এই সকলোবোৰৰ প্ৰাচুৰ্য্য় আৰু সিহঁতৰ মাজৰ বিভিন্নতাই ইয়াৰ জৈৱ বৈচিত্ৰ্য়। এই চহকী জৈৱ-বৈচিত্ৰ্য়ৰ সুৰক্ষাহে সমগ্ৰ মাজুলীবাসীৰ ৰক্ষা কৱচ।১২
প্ৰাকৃতিক সম্পদৰ এখন ভৰপূৰ ঠাই মাজুলী। ইয়াত বিভিন্ন প্ৰকাৰৰ গছ-গছনি, চৰাই-চিৰিকটি, মৎস্য়ক্ষেত্ৰ, কীট-পতংগ, বালিশিল, কৃষি পথাৰ আদি কৰি অনেক প্ৰাকৃতিক সম্পদ আছে। মাজুলী এটা কৃষিপ্ৰধান অঞ্চল। ইয়াত বিভিন্নধৰণৰ খাৰিফ আৰু ৰবি শস্য় কৰা হয়। তাৰোপৰি বিভিন্ন মাহজাতীয় শস্য়, সৰিয়হ, কুঁহিয়াৰ, নানা ধৰণৰ শাক-পাঁচলিৰ খেতি যথেষ্ট পৰিমাণে ইয়াত উৎপাদন হয় বাবে ৰপ্তানিওও কৰা হয়। মাজুলীৰ সমাজ আৰু ধৰ্মীয় ব্য়ৱস্থাসমূহ মহাপুৰুষ দুজনা আৰু তেওঁৰ শিষ্য়সকলে গঢ়ি তোলা ভেটিৰ ওপৰত প্ৰতিষ্ঠিত বাবে নৱবৈষ্ণৱ ধৰ্মৰ নীতি আৰ্দশৰে প্ৰভাৱিত হৈ মাজুলীৰ ধৰ্মীয় সমাজ পৰিচালিত হৈ আহিছে। আৰু প্ৰত্য়েক সম্প্ৰদায়ৰ লোকসকলে নিজ নিজ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি জীৱন অতিবাহিত কৰি আছে।
শিক্ষাৰ ক্ষেত্ৰতো মাজুলী অতীজৰে পৰা আগবঢ়া। মাজুলীৰ শিক্ষা ব্য়ৱস্থা
অতি পুৰণি আছিল যদিও বৰ্তমান সময়ত পৰিৱৰ্তন হৈ মাজুলীৰ শিক্ষা ব্য়ৱস্থা উন্নত
পৰ্য্য়ায়ত উপনীত হৈছে। বৰ্তমান মাজুলীত শিক্ষিত লোক আৰু শিক্ষানুষ্ঠানৰ পৰিমাণ
অসমৰ আন জিলাসমূহৰ সমপৰ্য্য়ায়ৰ। ইয়াত প্ৰাথমিক পৰ্য্য়ায়ৰ পৰা আৰম্ভ কৰি বৰ্তমান
বিশ্ববিদ্য়ালয়ৰ পৰ্য্য়ায়লৈকে শিক্ষা গ্ৰহণৰ ব্য়ৱস্থা কৰিছে। প্ৰাথমিক বিদ্য়ালয়,
মজলীয়া উচ্চ মাধ্য়মিক বিদ্য়ালয়, উচ্চতৰ মাধ্য়মিক বিদ্য়ালয়, মহাবিদ্য়ালয় থকাৰ উপৰিও
বৰ্তমান মাজুলী সাংস্কৃতিক বিশ্ববিদ্য়ালয় নামেৰে বিশ্ববিদ্য়ালয় আছে। ইয়াৰ উপৰিও
সংস্কৃত, হিন্দী আৰু সংগীতৰ শিক্ষানুষ্ঠানো আছে। শিক্ষাৰ ক্ষেত্ৰখনত মাজুলী
যথেষ্ট পৰিমাণে পৰিৱৰ্তন হোৱাৰ লগতে বৰ্তমান ভালেসংখ্যক শিক্ষানুষ্ঠানো গঢি়
উঠিছে।
ব্য়ৱসায়ৰ ক্ষেত্ৰখনত মাজুলী পিছপৰি আছে।
মাজুলীত কোনো বৃহৎ উদ্যোগ নাই, যাৰ ফলত ব্য়ৱসায়ৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে
স্বাৱলম্বী হ’ব পৰা নাই। বৰ্তমান মাজুলীত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্য়োগ গঢ়ি
উঠিছে। আৰু এই ক্ষুদ্ৰ উদ্য়োগসমূহে বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। আৰু
মাজুলীয়ে পৰ্যটন ক্ষেত্ৰ হিচাপে বৰ্তমান সময়ত গোটেই বিশ্বতেই পৰিচয় লাভ কৰিছে।
মাজুলী জনগাঁথনি
মাজুলীত প্ৰথম মানুহে কেতিয়া জনবসতি আৰম্ভ কৰিছিল সেইটো অনুমান কৰিবলৈ
যথেষ্ট কষ্ট হয় যদিও তৃতীয়-চতুর্থ শতিকাৰ পাছত ব্রহ্মপুত্ৰ নৈ খন এখন গুৰুত্বপূর্ণ
ব্যৱসায় বাণিজ্যৰ পথ আছিল বুলি জনা যায়। এই নৈ বাটেদি পূব অংশৰ ব্য়ৱসায়ীসকল অর্থাৎ
চীন আৰু বাৰ্মাৰ (বর্তমান ম্য়ানমাৰ) বিভিন্ন লোকে এই পথ ব্যৱহাৰ কৰিছিল। সেই
পুবাণুমান মাজুলীতো কিছু জিৰণি ঘাট আৰু জনপদ গঢ়ি উঠাটো সম্ভৱপৰ। এইবোৰ
অনুমানৰ
ভিত্তিহে কোৱা কথা। উজনি অসমৰ বসতি আৰম্ভ হোৱাৰে পৰা মাজুলীতো পশুধন, খেতি আদিৰ বাবে বসতি
আৰম্ভ হোৱা বুলি ক’ব পাৰি। এই সম্পর্কে জানিব পাৰি সপ্তমৰ
পৰা ত্ৰয়োদশ শতিকাৰ ভিতৰতেই মাজুলীৰ বিভিন্ন ঠাইত কৃষিভিত্তিক জনপদ পঢ়ি উঠিছিল।
এই সময়ছোৱাত জনজাতীয় মিছিংসকলৰ আদি পুৰুষসকলে উত্তৰৰ-পাহাৰীয়া অঞ্চলব পৰা
সোৱণশিৰিৰ পাৰেদি নামি আহি মাজুলীত প্রৱেশ কৰি জনবসতি আৰম্ভ কৰিছিল বুলি ক’ব পাৰি।
পুৰণি কালত ব্রহ্মপুত্র উপত্যকা যথেষ্ট অৰণ্য়ৰে ভৰা আছিল। মাজুলীৰ
অঞ্চলবোৰতো জনবসতি আৰম্ভ কৰা সহজ নাছিল কিন্তু এটা দিশৰ পৰা সূচল আছিল যে নৈ য়ে
সৃষ্টি কৰা চাপৰিবোৰত আৰু নৈ কাষৰীয়া অঞ্চল বোৰত প্ৰচুৰ পৰিমানে তৃণভূমি থকাৰ
লগতে খেতি উপযোগী হোৱাত বসতিৰ বাবে সূচল হৈছিল। নৈৰ সুবিধা লৈয়ে বহু মাছমৰীয়া গাঁও, সমাজৰ সৃষ্টি হোৱা বুলি ক’ব
পাৰি।
আহোমসকলৰ মাজুলীলৈ অহাৰ আগতে মাজলীৰ বৃহৎ অংশ চুতীয়া আৰু কছাৰী ৰাজ্যৰ তলতীয়া আছিল। যেতিয়া আহোমসকল মাজুলীলৈ আহিল আৰু শাসন কৰিবলৈ ল’লে তেতিয়া বিশেষ কিছুমান কাৰণত মাজুলীৰ জন সমাজৰ বিকাশ আৰু বৃদ্ধি খৰতকীয়া হ'ল। ভৌগোলিক অৱস্থানৰ কথাকে ক’ব পাৰি। তেতিয়াৰ দিনত যাতায়তৰ মূল অর্থাৎ ব্যৱসায় বাণিজ্যৰ মূল আছিল নাও। উত্তৰ অসম আৰু দক্ষিণ অসমৰ উজনী ঠাইসমূহৰ মাজতেই মাজুলী অৱস্থিত। মাজুলীৰ দক্ষিণ পাৰৰ পৰা নৈ পাৰ হোৱাৰ পাছতেই যোৰহাট, টিয়ক, জাঁজী আৰু অলপ দূৰত দিখৌমুখ পোৱা গৈছিল। দিখৌ নৈয়েদি অলপ উজাই গৈয়েই পোৰা গৈছিল ৰাজধানী ৰংপুৰ-গড়গাঁও সেয়ে মাজুলী ৰাজধানীৰ পৰা এক সূচল যাতায়ত ব্যৱস্থা আছিল বুলি ক’ব পাৰিছিল। মাজুলীৰ মাটি আছিল যথেষ্ট পলসূৱা আৰু সাৰুৱা। নৈয়ে সৃষ্টি কৰা পলসৰ ফলত খেতি বাতিৰ ক্ষেত্ৰত চহকী আছিল। মাছৰ বাবেও সুবিধাজনক হৈছিল যিহেতু মাজুলীৰ চাৰিওফালেই পানীৰে আগুৰি আছে। আহোমৰ দিনতেই মাজুলীতো প্রজাসকলক খেলবদ্ধ কৰি পাইকৰ ব্যৱস্থাত অন্তৰ্ভূক্ত কৰা হৈছিল। সেয়ে মাজুলীতো বিভিন্ন ধৰণৰ ডা-ডাঙৰীয়াৰ পদৰ সৃষ্টি হৈছিল। এইদৰেই মাজুলীত জনবসতি আৰম্ভ হোৱা পৰিলক্ষিত হৈছিল।
পঞ্চদশ শতিকাৰ আগৰে পৰা মাজুলীত পণ্ডিত ব্রাহ্মণ, কায়স্থ, ভূঞা, বেপাৰী আদিয়ে বাস কৰিছিল।
ধুৱাহাটৰ উত্তৰে নাৰায়ণপুৰ- লেটেকুপুখুৰী পাৰৰ হৰিসিংহ বৰা উজিৰৰ বাৰীত থকা সময়ত
মাধৱদেৱৰ পিতৃৰ জিকিৰি পিড়াত গা-সেকিবলৈ খৰি কিনিছিল, ধুৰাহাটৰ ধনাই মুদৈয়ে তামোল-পাণৰ
বেণাৰ কৰি যথেষ্ট লাভান্বিত হৈছিল। হোকোৰাকুচিয়া লোণ মুদৈয়ে নাৱেৰে নিমখৰ বেপাৰ
কৰিছিল। এই বেপাৰ বাণিজ্যবোৰ বণ্ডুকাৰ (বর্তমান বাংলাদেশ) ৰ পৰা মাজুলীৰ
ৰত্ন-পুৰালৈকে থকা মানুহবোৰৰ লগত ভাল-সম্পৰ্ক গঢ় লৈ উঠিছিল। এনেবোৰ কাৰণলৈ লক্ষ
কৰিলে দেখা যায় যে মাজুলী ব্যৱসায় বাণিজ্য়ৰ স্থলৰ পৰা যথেষ্ট উন্নতি লাভ কৰিছিল।
· মাজুলীৰ জন-গাঁথনিৰ
ইতিবৃত্ত
মাজুলী নামৰ বিশ্বৰ বিখ্যাত নদীদ্বীপটোত (প্রাচীন কানত) বিভিন্নধৰণৰ নৃ-গোষ্ঠীয় লোকে বসবাস কৰাৰ প্রমাণ পোৱা যায়। তাৰে ভিতৰত চুতীয়া, সোনোৱাল কছাৰী, মিছিং, দেউৰী, আদি লোকসকল তিব্বত বার্মা শাখাৰ মংগোলীয় গোষ্ঠীৰ। কোঁচসকল মংগোলীয় আৰু দ্রাবিড় গোষ্ঠীৰ সংমিশ্রিত নাথ, কৈৱর্ত, কেঁওট আৰু মটকসকল দ্রাবিড় নৃ-গোষ্ঠীৰ আৰু ব্রাহ্মণ, কলিতাসকল আলপাইন নৃ-গোষ্ঠীৰ লোক। মাজুলীত বিশেষকৈ চুতীয়া, কছাৰী, আহোম, কলিতা, কোঁচ, মটক, কৈৱর্ত আদি সম্প্রদায় ৰাজনৈতিক, প্ৰাকৃতিক কাৰণত বসতি কৰাৰ কথা উল্লেখ পোৱা যায়। আহোম স্বর্গদেউ চুহুংমুঙৰ ৰাজত্বকালৰ পৰা অর্থাৎ ১৪৯৭ খ্ৰীঃত মাজুলীৰ বিষয়ে লিখিত বুৰঞ্জী পোৱা যায়।
· মাজুলীৰ জন-গাঁথনিৰ
স্বৰূপ
মাজুলীৰ ভূ-খণ্ডত বিভিন্ন কাৰণত যেনেবা ঐতিহাসিক, প্রাকৃতিক অথবা
প্রাকৃতিক ঘটনাক্রমে বা আন কাৰণতেই হওঁক বহুতো জাতি-জনগোষ্ঠীৰে স্থায়ীভাৱে বসবাস
কৰিছিল। বর্তমান
সময়ত প্রায় ৫০ ৰো অধিক সৰু বৰ দ্বীপৰ ভিতৰত তেইশটামানতে কোঁচ, কছাৰী, চুতীয়া, মিচিং, দেউৰী, আহোম, ব্রাহ্মণ, কালিকা, কেঁওট, কৈৱৰ্ত, কায়স্থ, নাথ, নেপালী, বঙালী আদি সম্প্রদায় লোকে
বৈচিত্ৰ্য়ৰ মাজত ঐক্য আৰু সমন্বয়ৰে জীৱন নির্বাহ কৰিছে। সকলোবোৰ
জাতি-জনগোষ্ঠীবোৰ নিজ নিজ সমাজ ব্যৱস্থা, ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত
যথেষ্ট চহকী। মাজুলীৰ সামাজিক আৰু সাংস্কৃতিক পটভূমি ৰচনা কৰা কেইটামান
সম্প্রদায়ৰ বিষয়ে আলোচনা কৰা হ’ল-
· মিচিংঃ তিব্বত-বর্মা শাখাৰ মংগোলীয় গোষ্ঠীৰ লোক হ’ল মিচিংসকল। মিচিং শব্দৰ অৰ্থ হ’ল ভাল মানুহ। (মি- মানুহ, যাছিং-ভাল বা শ্রেষ্ঠ)। মিচিংসকল প্রধানত এটা খেলত বিভক্ত। ১৭শ শতিকাত মিচিংসকলে মাজুলীৰ ভূমিত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। ২০১১ চনৰ লোকপিয়ল মতে মাজুলীত মিচিং মানুহৰ সংখ্যা ৬৬, ৯২৫ জন। মিচিংসকলৰ পূজা আৰু ধর্মীয়-আচাৰ কিছুমান হৈছে, ডোনি পোলো অর্থাৎ সূর্য আক চন্দ্রক কেন্দ্র কৰি কৰা পুজা কৰে। আলি আই লিগাং, ইয়েঃ গিংকান পূজা, মিৰি পিৰু পূজা, মিচিং সকলৰ সাধু বা পূজাৰীক ‘‘সোম ধোন" বুলি কোৱা হয়। যি পুজাৰ নেতৃত্ব প্রদান কৰে।
· দেউৰীঃ চুতীয়াসকলক আদি পুৰোহিত শ্ৰেণীৰ লোক এই দেউৰীসকল হৈছে মংগোলীয় গোষ্ঠীৰ তিব্বত-বর্মা শাখাৰ অন্তর্গত। (আৰু চুতীয়াসকলৰ আদি পুৰোহিত শ্রেণীৰ লোক) তেওঁলোকে নিজকে ‘জিনচ্ছায়া’ বুলি পৰিচয় দিয়ে। শক্তি-উপাসক দেউৰীসকলৰ খেল চাৰিটা। ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাতৰগঞা। মাজুলীৰ উজনী অংশত অতি পুৰণিকালৰে পৰা কিছুসংখ্যক দেউৰী লোকে স্থায়ীভাৱে বসবাস কৰি আহিছে। মাজুলীত বসবাস কৰা দেউৰীসকলে নিজৰ ভাষা-সংস্কৃতি ৰক্ষা কৰাৰ লগতেও বিহু, তিথি, পূজা আদি পালন কৰা দেখা যায়।
· সোনোৱাল কছাৰীঃ সোনোৱাল কছাৰীসকল মংগোলীয় গোষ্ঠীৰ তিব্বত-বর্মা শাখাৰ পৰা বড়ো, নগা, কুকীচীন আদি বংশৰ পৰা উৎপত্তি হৈছে বুলি ঠিৰাং কৰা হৈছে। মাজুলীৰ বিভিন্ন বিচিত্র জনগাঁথনিত সোনোৱাল কছাৰীসকলে এক প্রধান ভূমিকা পালন কৰি আহিছে। ব্রিটিছ অহাৰ আগৰে পৰা উজনী মাজুলীৰ হালধিবাৰী অঞ্চল সোনোৱাল কছাৰীসকলে স্থায়ীভাৱে বসবাস কৰি আহিছে।
· চুতীয়াঃ চুতীয়া সকল হৈছে মংগোলীয় গোষ্ঠীৰ তিব্বত বর্মা শাখাৰ অন্তৰ্ভুক্ত। মাজুলীৰ বিভিন্ন সম্প্রদায়বোৰ ভিতৰত অন্যতম এক সম্প্রদায়। মাজুলীত থকা চুতীয়াবোৰ অধিকাংশ শ্রী শ্রী গড়মূৰ আৰু আউনীআটি সত্ৰৰ শিষ্য। কিছু সংখ্যক লোক শ্রীমন্ত শংকৰ সংঘৰ লোক। মাজুলীৰ বিভিন্ন স্থানত চুতীয়াসকল বসবাস কৰা দেখা যায়।
· কোঁচঃ কোঁচসকলক মংগোলীয় গোষ্ঠীৰ লোক বুলি নৃতত্ত্ববিদসকলে অভিহিত কৰে। মাজুলী মধ্য আৰু পশ্চিম অংশত কোঁচসকলৰ প্ৰধান বসতিস্থল। অতি পুৰণি দিনৰে পৰা মাজুলীত কোঁচসকলে বসবাস কৰাৰ উমান পোৱা যায়। মাজুলীৰ জন-গাঁথনিত কোঁচসকলে সামাজিক, সাংস্কৃতিক-অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আগবঢ়া।
· নাথ সম্প্রদায়ঃ নাথসকলৰ মাজত দ্ৰাবিড় গোষ্ঠীৰ লক্ষণ আছে বুলি পৰিচয় প্রদান কৰে। মাজুলীৰ মধ্য অংশৰ, ফুলনি, ৰঙাচাহী, সোনাৰি আটি আদিত নাথসকলৰ বাসস্থান শিক্ষা-দীক্ষাত নাথসকল আগবঢ়া। এই নামসকলৰ কিছু সংখ্যক শ্রীমন্ত শংকৰদেৱ সংঘৰ সেৱক। পূর্বতে বৌদ্ধতন্ত্রক হিন্দুৰূপ দি শৈৱ সম্প্রদায়ভুক্ত হোৱা নাথসকলে মাজুলীৰ এক নিৰাপদ স্থানত বসবাস কৰা দেখা যায়।
· কলিতাঃ আলপাইনসকলে পূর্বতে ব্রহ্মপুত্র উপত্যকাত প্ৰব্ৰজন কৰা দেখা গৈছিল। পণ্ডিতসকলে কলিতাসকলক সেই আলপাইনসকলৰ লগত সম্পর্ক' থকা কথা উল্লেখ কৰে বা ঠিৰাং কৰে। অধিক জনসংখ্য়ালৈ চাই কিছু পণ্ডিতে কলিতাসকলক বাৰভূঞাসকলৰ উত্তৰ-পূৰুষ যেন অনুমান কৰে। মাজুলীৰ দক্ষিণপাট, শালমৰা আদি স্থানত কলিতাৰ এটা ভাগ কুমাৰ কলিতাবোৰে মাটিৰপাত্ৰ তৈয়াৰ কৰি অসমৰ মৃন্ময় শিল্পক জীয়াই ৰাখিছে।
· ব্রাহ্মণঃ মাজুলীত থকা ব্রাহ্মণসকল মাজুলীত সত্রসমূহৰ প্রতিষ্ঠা হোৱাৰ আগতেই বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। অন্য়ান্য সম্প্রদায়ৰ তুলনাত জনসংখ্য়া তাকৰ যদিও সমাজত মৰ্যদা হিচাপত উচ্চস্থান দিয়া হৈছিল।
· কৈৱৰ্তঃ পণ্ডিতসকলে কৈৱর্ত সম্প্রদায়ৰ মাজত দ্রাবিড় গোষ্ঠীৰ নৃতাত্ত্বিক পৰিচয় পাইছে। বিশেষকৈ পুৰণি দিনক মৎস্যজীৱী হোৱাৰ হেতুকে নদী-বিলেৰে ভৰা মাজুলীলৈ ১৭শ শতিকাৰ মাজ ভাগতেই আগমন ঘটিছিল। মায়ামৰীয়া আৰু মহাপুৰুষীয়া ধর্ম সম্প্রদায় মাজুলীৰ কৈৱৰ্তসকলে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়ায়। মাজুলীৰ বুঢ়াশেনচোৱা, ডেকাশেনচোৱা, ঠাকুৰবাৰী, বালিচাপৰি, ভূৰামৰা, আমগুৰি ৰংদৈ আদি অঞ্চলত মায়ামৰীয়া কৈৱৰ্তসকলে বসবাস কৰা দেখা যায়।
· নেপালীঃ নেপাল অসমৰ চুবুৰীয়া ৰাষ্ট্র হিচাপে প্রাচীনকালত অতি সু-সম্পর্ক থকাৰ প্ৰমাণ পোৱা যায়। মাজুলীৰ ফুলনি আৰু কুহিয়াৰবাৰী অঞ্চলত খকা নেপালীসকলে গো-পালন, গাখীৰ ব্যৱসায় আৰু খেতি-বাতি কৰি আহিছে। তেওঁলোকে মাজুলীৰ সংস্কৃতিৰ পথাৰত যথেষ্ট ধৰণে বৰঙণি আগবঢায়।
· বঙালীঃ মাজুলীৰ ভিতৰত কমলাবাৰী, গড়মূৰ, জেংৰাইমুখ আৰু উজনি মাজুলীৰ আশে-পাশে ব্যৱসায় ক্ষেত্ৰত বহু বঙালী লোকে বসবাস কৰি আহিছে। বহু পুৰণি নহয় যদিও মাজুলীৰ অর্থনীতিত বঙালীবোৰে বাৰুকৈয়ে প্রভাৱ পেলায়।
শেষত ক’ব পাৰি যে, বিভিন্ন
জাতি-জনগোষ্ঠীৰ স্বকীয় আৰু বৰ্ণাঢ্য সংস্কৃতিয়ে মাজুলীক সমৃদ্ধ কৰাৰ লগতে
সাম্প্ৰতিক সময়ত মাজুলী দেশ-বিদেশৰ পৰ্যটকৰ থলী হিচাপে চিৰ পৰিচিত হৈ পৰিছে বুলিব
পাৰি।
No comments:
Post a Comment