চামগুৰি
সত্ৰৰ মুখাশিল্পৰ পৰিচয়
----শ্ৰীমতী কৰিশ্মা দাস,
প্ৰাক্তন ছাত্ৰী,
অসমীয়া বিভাগ
মাজুলী সাংস্কৃতিক বিশ্ববিদ্য়ালয়
karishmadas2002@gmail.com
সাৰাংশ
অসমৰ জাতীয় জীৱনত সত্ৰসমূহ এক অবিচ্ছেদ্য় অংগ হিচাপে পৰিগণিত হৈছে। পুৰণি
কালৰ পৰা সত্ৰসমূহত এক পৰম্পৰা হিচাপে বিভিন্ন শিক্ষা প্ৰদান কৰি অহা হৈছে। অসমীয়া
সংস্কৃতিৰ এক অন্য়তম ভূমিকা গ্ৰহণ কৰিছে লোককলা বা লোকশিল্পসমূহে এই
লোকশিল্পসমূহ অসমৰ প্ৰতিখন সত্ৰতে বিৰাজমান হৈ আছে। মাজুলীৰ চামগুৰি সত্ৰতো
লোকশিল্পৰ অন্য়তম এটি ভাগ মুখাশিল্পৰ চৰ্চা কৰি আহিছে। আৰু মুখাশিল্পৰ গুৰুত্ব
বুজি এই শিল্পকলাক জীয়াই ৰাখিবলৈ এই সত্ৰখনে অৰ্হনিশে চেষ্টা কৰি আছে। অসমৰ
প্ৰত্য়েক সত্ৰতে মুখাশিল্পৰ চৰ্চা কৰা হয় যদিও মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্প
অনন্য় আৰু পৃথক। মুখাশিল্পৰ চৰ্চাৰ বাবেই চামগুৰি সত্ৰই বিশ্বত পৰিচয় লাভ কৰিবলৈ
সক্ষম হৈছে।
বৰ্তমান সময়ত মুখাৰ গুৰুত্ব,
সম্ভাৱনা আৰু প্ৰাসংগিকতাৰ দিশটোৰ প্ৰতি লক্ষ্য় ৰাখিয়েই চামগুৰি সত্ৰৰ মুখাশিল্প শীৰ্ষক
বিষয়ত খণ্ড খণ্ডকৈ আলোচনা দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। কিবা আসোঁৱাহ থাকিলে
বিজ্ঞজনে পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিলোঁ।
(১)
মাজুলী
হৈছে অসম তথা বিশ্বৰ এটা বৃহত্তম নদীদ্বীপ। এই মাজুলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ
লোকে বসবাস কৰি আছে। মাজুলীত বসবাস কৰা এই জাতি-জনগোষ্ঠীৰ লোকসকলে স্বকীয়ভাৱে
নিজৰ পৰিচয় অটুট ৰাখিছে। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট সত্ৰসমূহে মাজুলীৰ জাতীয়
জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে মাজুলীক বিশ্বৰ আগত পৰিচয় কৰাই দিছে।
সত্ৰানুষ্ঠানসমূহৰ অৱদানে মাজুলীক বিশ্ববাসীৰ আগত এক সুকীয়া চিনাকী দিছে। এই সত্ৰসমূহত নৃত্য়, কলা, সংগীত, স্থাপত্য়,
ভাস্কৰ্য, মুখাশিল্প ইত্য়াদি বিভিন্ন শিল্পকলাৰ চৰ্চা কৰা হয়। এইসমূহৰ ক্ষেত্ৰত
মাজুলীৰ মুখাশিল্প অন্য়তম বা সুকীয়া ৰূপ স্পষ্ট।
উত্তৰ ভাৰতৰ পাৰ্বত্য অঞ্চলৰ
লগতে ভৈয়ামটো প্ৰায় পোন্ধৰ শতিকাৰ শেষ ভাগত এক বিশেষ উদ্দেশ্য আগত ৰাখি মহাপুৰুষ
গুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰথম মুখাৰ প্ৰচলন কৰে।১ ভাওনাত দেৱতা, অসুৰ আদিৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ আৰু কেতিয়াবা অভিনয়ৰ দৃশ্যসমূহক নিখুঁত
আৰু স্পষ্ট ৰূপত ফুটাই তুলিবলৈ মুখাৰ সহায় লোৱা হৈছিল। সেই তেতিয়াৰ পৰাই অসমৰ
সত্ৰসমূহত মুখা শিল্পৰ চৰ্চা আৰম্ভ হৈছিল। আৰু সেইসমূহৰ ভিতৰত মুখাশিল্প চৰ্চা কৰা
মাজুলীৰ অন্যতম সত্ৰ কেইখন হ'ল- পুৰণি চামগুৰি সত্ৰ, নতুন চামগুৰি সত্ৰ, এলেঙি নৰসিংহ সত্ৰ আৰু বিহিমপুৰ সত্ৰ। এইকেইখন সত্ৰত মুখাশিল্পৰ চৰ্চা
অব্যাহত কৰিছে যদিও বিশ্ব দৰবাৰত এই পৰম্পৰাক পৰিচয় কৰাই দিছে নতুন চামগুৰি
সত্ৰই। ‘মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নাতি শ্ৰী শ্ৰী চক্ৰপাণি আতাই ১৬৬৩ খ্ৰী: ত
মাজুলীৰ এজোপা বৃহৎ চাম গছৰ ওচৰত শ্ৰী শ্ৰী চামগুৰি সত্ৰখনি প্ৰতিষ্ঠা কৰে।২ জন্ম লগ্নৰে পৰাই এই সত্ৰখনিয়ে মুখাশিল্পৰ চৰ্চা কৰি আহিছে। অসমৰ বিভিন্ন
সত্ৰসমূহত মুখাশিল্পৰ চৰ্চা কৰিলেও মাজুলীৰ নতুন চামগুৰি সত্ৰৰ মুখাৰ প্ৰচাৰ আৰু
প্ৰসাৰত অন্যতম ভূমিকা আছে। নতুন চামগুৰি সত্ৰৰ মুখাশিল্পই সত্ৰখনৰ লগতে মাজুলীক
বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
নতুন চামগুৰি সত্ৰৰ মুখাশিল্পৰ প্ৰথম ভেঁটি নিৰ্মাণ কৰিছিল শৈশভ চন্দ্ৰদেৱ
গোস্বামীয়ে। তেওঁ যি এই পৰম্পৰা
আৰম্ভ কৰিছিল পৰৱৰ্তী কালত এই পৰম্পৰা অক্ষুন্ন ৰাখিছে তেওঁৰ নাতি-পুতিসকলে। ২০০৩ চনত কোষকান্ত দেৱগোস্বামীয়ে মুখা
শিল্পৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰে আৰু মুখাশিল্পক বিশ্ব দৰবাৰত পৰিচয়
কৰাই নতুন চামগুৰি সত্ৰক এক সুকীয়া মাত্ৰা প্ৰদান কৰে।
অতীজৰে
পৰা অসমৰ বিভিন্ন সত্ৰানুষ্ঠানসমূহত মুখাশিল্পৰ চৰ্চা কৰি আহিছে। অসমৰ বিভিন্ন
সত্ৰসমূহত মুখাশিল্পৰ চৰ্চা কৰিলেও মাজুলীত অৱস্থিত চামগুৰি সত্ৰৰ মুখাশিল্পই
প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অসমৰ আন আন ঠাইৰ সত্ৰসমূহত
মুখাশিল্পৰ চৰ্চা কৰিলেও মাজুলীৰ চামগুৰি সত্ৰৰ দৰে কোনো এখন সত্ৰই নিৰৱচিন্নভাৱে
চৰ্চা কৰা নাই। চামগুৰি সত্ৰৰ জৰিয়তেহে মুখাশিল্পই বিশ্বত পৰিচয় লাভ কৰিছে।
মুখাশিল্পৰ ওপৰত বহুজনে বহু গৱেষণাও কৰিছে। মুনমী কোৱঁৰৰ এম.ফিল. ডিগ্ৰীৰ গৱেষণা
গ্ৰন্থ শিৱসাগৰ জিলাৰ সত্ৰানুষ্ঠানঃ খাটপাৰ সত্ৰৰ বিশেষ উল্লেখসহ এটি অধ্যয়ন
(২০০৬-২০০৭)ত মুখাশিল্পৰ বিষয়ে আলোচনা কৰিছে। আৰিফুৰ জামানৰ The Tradition of Masks in Indian Culture
(২০১৫) গ্ৰন্থত মুখাশিল্পৰ বিষয়ে আলোচনা
কৰিছে। কৃষ্ণ গোস্বামীৰ মুখাঃ সত্ৰীয়া মুখাশিল্প (২০১৬) গ্ৰন্থত
মুখাশিল্পৰ আলোচনা কৰিছে। মাজুলী জ্যোতি গ্ৰন্থখনত ৰুবী গায়নে চামগুৰি সত্ৰৰ
মুখাশিল্পৰ এটি চমু অৱলোকন (২০১৮) নামৰ প্ৰৱন্ধত চামগুৰি সত্ৰৰ
মুখাশিল্পৰ বিষয়ে আলোচনা কৰিছে। ভৰতচন্দ্ৰ
মহন্তৰ অসমৰ মুখাশিল্পৰ হাতপুথি (২০২০) গ্ৰন্থখনিত মুখাৰ বিষয়ে আলোচনা
কৰিছে। অনুপম কৌশিক বৰাৰ গৱেষণামূলক গ্ৰন্থ The
Bhaona Mask as a Tool in the Training of the Modern Actor (২০২২) ত মুখাশিল্পৰ বিষয়ে
আলোচনা কৰিছে। স্মৃতিগ্ৰন্থ শংকৰ শিৰোমণিত হেমচন্দ্ৰ গোস্বামীৰ পৰম্পৰাগত মুখা
নিৰ্মাণ আৰু মুখাৰ প্ৰয়োগ
(২০২২-২৩) নামৰ প্ৰবন্ধত মুখাশিল্পৰ বিষয়ে আলোচনা কৰিছে।
মাজুলীত অৱস্থিত চামগুৰি সত্ৰৰ পৰিচয়
সত্ৰীয়া সংস্কৃতিৰ এক অন্য়তম কলাভূমি
মাজুলী। মাজুলীৰ সমাজ জীৱন সত্ৰীয়া পৰম্পৰাৰে সিক্ত হৈ আছে। মাজুলীৰ সমাজ,
সংস্কৃতি আৰু জাতীয় জীৱনত সত্ৰসমূহ এক অবিচ্ছেদ্য় অংগ হৈ পৰিল। মাজুলীত শংকৰদেৱেই
পোন প্ৰথমবাৰ সত্ৰ প্ৰতিষ্ঠা কৰে। মাজুলীত চাৰি সংহতিৰ অন্তৰ্গত বহু সত্ৰ আছে। এই
চাৰি সংহতি হ’ল- কাল সংহতি, নিকা সংহতি, ব্ৰহ্ম সংহতি আৰু পুৰুষ সংহতি।
পুৰুষ
সংহতিৰ অন্তৰ্গত অন্য়তম এখন ঐতিহ্য়মণ্ডিত সত্ৰ হ’ল চামগুৰি সত্ৰ। মহাপুৰুষ
শ্ৰীমন্ত শংকৰদেৱৰ নাতি শ্ৰী শ্ৰী চক্ৰপাণি আতাই ১৬৬৩ খ্ৰীঃত মাজুলীৰ এজোপা বৃহৎ
চাম গছৰ ওচৰত শ্ৰী শ্ৰী চামগুৰি সত্ৰখনি প্ৰতিষ্ঠা কৰে।৩ চামগুৰি সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ হ’ল নগেন চন্দ্ৰ গোস্বামী। ৰাৱণাপাৰৰ পৰা
১ কিলোমিটাৰমান উত্তৰ দিশে এই সত্ৰখনি অৱস্থিত।
প্ৰৱাদ আছে যে, শংকৰ গুৰু আহোম ৰাজ্য় এৰি নাৱেৰে দিখৌ নদীয়েদি ভটিয়াই যাওঁতে নদীৰ পাৰতে থকা এই চামগছ জুপিৰ তলত কিছু সময় জিৰণী লৈছিল আৰু কৈছিল যে, সেই ঠাইত ভৱিষ্য়তে এগছি বন্তি জ্বলি থাকিব। (কালক্ৰমতগছজোপা বুঢ়া হৈ ভাঙি পৰাত তাৰ গুৰিৰ পৰা ওলোৱা পুলি হৈছিল। কিন্তু দুবৃত্তই গছজোপাৰ মুঢ়াকে খান্দি লৈ যোৱাত চামগছৰ অস্তিত্বই বৰ্ত্তমান নোহোৱা হ’ল।৪
চামগছৰ আদি আখৰ ‘চ’ প্ৰতিষ্ঠাপক ৰজা চক্ৰধ্বজ ৰজাৰ আদি আখৰ ‘চ’
আৰু অধিষ্ঠিত ধৰ্ম্মাধিকাৰ চক্ৰপাণিদেৱৰ আদি আখৰ ‘চ’ এই তিনিটি ‘চ’ একত্ৰিত কৰি
সত্ৰৰ নামৰ আদি আখৰো ‘চ’ হ’ল। চামগছৰ ওচৰত ৰজা চক্ৰধ্বজে চক্ৰপাণি আতাক
ধৰ্ম্মাচাৰ্য্য় পাতি ‘‘চামগুৰি সত্ৰ’’ নামাকৰণেৰে প্ৰতিষ্ঠা কৰি তামৰফলিত খোদিত
কৰি বৃন্দাবন চন্দ্ৰ মুৰ্ত্তি প্ৰদান কৰি মূৰ্ত্তিৰ নামত অৰ্থাৎ সত্ৰৰ নামত বহু নিষ্পিখেৰাজ জমি দান দিয়ে।৫ সত্ৰখনৰ মূল চিহ্ন বস্তু হ’ল শ্ৰীকৃষ্ণৰ খৰম (পাদুকা), চামগছ, ৰাজপ্ৰদত্ত বৃন্দাবন
আৰু দৌল গোবিন্দ মূৰ্ত্তি। বৰ্তমানলৈকে চামগুৰি সত্ৰই ৩৬২ বছৰ বয়স গৰকিল।
শ্ৰীশ্ৰী নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ আৰু ডেকা অধিকাৰৰ ক্ৰমানুসৰি তালিকা৬
সত্ৰাধিকাৰ
ডেকা অধিকাৰ
প্রথমজন টঙ্কেশ্বৰ আতা
মুক্ষেশ্বৰ আতা
দ্বিতীয়জন মুক্ষেশ্বৰ আতা
ৰোষেশ্বৰ আতা
তৃতীয়জন ৰোষেশ্বৰ আতা
চৈতন্যদেৰ আতা
(এখেতৰ অকাল বিয়োগ হোৱাত কমল চন্দ্ৰ আতা)
চতুর্থজন কমল চন্দ্র আতা
পঞ্চমজন ৰূদ্রকান্ত দেৱ আতা
ৰূদ্রকান্ত দেৱ আতা
দীনকান্ত আতা
(এখেতৰ অকাল বিয়োগ হোৱাত কোষকান্ত আতা)
ষষ্ঠ জন কোষকান্ত দেৱ আতাৰ পিচত যাদৱ চন্দ্ৰ আতা
(এখেতৰ অকাল বিয়োগ হোৱাত নগেন চন্দ্র আতা
সপ্তমজন শ্রীনগেন চন্দ্ৰ দেৱ আতাৰ পিচত শ্রীতিলক চন্দ্ৰ দেৱ গোস্বামী
চামগুৰি সত্ৰত মুখাশিল্পৰ চৰ্চা আৰু ইতিহাস
অসমৰ
মুখাশিল্পৰ চৰ্চাৰ ক্ষেত্ৰত এখন অন্য়তম সত্ৰ হ’ল মাজুলীৰ চামগুৰি সত্ৰ। মুখাশিল্প
চৰ্চাৰ কথা আলোচনা কৰিবলৈ হ’লে প্ৰথমতেই চামগুৰি সত্ৰৰ নাম ল’ব লাগিব। মুখাশিল্পৰ
ক্ষেত্ৰখনত পোনপ্ৰথমবাৰ খোজ পেলাই এই সত্ৰখনিয়ে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে।
চামগুৰি সত্ৰই প্ৰতিষ্ঠা কালৰ পৰাই অৰ্থাৎ ১৬৬৩ খ্ৰীঃৰ পৰাই মুখাশিল্পৰ চৰ্চা কৰি
আছে। শৈশত চন্দ্ৰদেৱ গোস্বামীয়ে পোনপ্ৰথমবাৰ চামগুৰি সত্ৰত মুখাশিল্পৰ চৰ্চা
আৰম্ভ কৰে। তেওঁ যি এই শিল্প কৰ্মৰ চৰ্চা অক্ষুন্ন ৰাখিছে তেওঁৰ পিছৰ প্ৰজন্মই
উত্তৰপুৰুষ সকলো তেওঁৰ পৰৱৰ্তী সময়ত চামগুৰি সত্ৰত ৰোষেশ্বৰ দেৱ গোস্বামী,
ধৰ্মকান্ত দেৱ গোস্বামী, কোষকান্ত গোস্বামী আৰু হেমচন্দ্ৰ গোস্বামীয়ে মুখাশিল্পৰ
চৰ্চা কৰি আহিছে। মুখাশিল্পৰ চৰ্চাৰ বাবে কোষকান্ত দেৱ গোস্বামীয়ে ২০০৩ চনত সংগীত
নাটক একাডেমী পুৰস্কাৰ লাভ কৰি চামগুৰি সত্ৰৰ লগতে মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনে।
মুখাশিল্পৰ চৰ্চাৰ বাবে ৰুদ্ৰকান্ত দেৱগোস্বামীৰ পুত্ৰ ধৰ্মকান্তদেৱ গোস্বামীয়েও
অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰিছিল।
চামগুৰি
সত্ৰৰ মুখাশিল্পৰ অবিৰতভাৱে চৰ্চা কৰা আন এগৰাকী ব্য়ক্তি হ’ল হেমচন্দ্ৰ গোস্বামী।
তেওঁ পিতৃৰ পৰা এই মুখাশিল্পৰ শিক্ষা গ্ৰহণ কৰি এই শিল্পকলাক জীয়াই ৰাখিবলৈ
অহোপুৰুষাৰ্থ চেষ্টা কৰিছে।
সত্ৰৰ
পৰা যাতে মুখাশিল্পৰ পৰম্পৰা কালৰ সোঁতত নিঃশেষ হৈ নাযায়- তাৰ প্ৰতি ধ্য়ান ৰাখি
হেমচন্দ্ৰ গোস্বামীয়ে ১৯৮০ খ্ৰীঃত চামগুৰি সত্ৰত ‘‘সুকুমাৰ কলা পীঠ’’ নামৰ এটি
মুখাশিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰে আৰু এই কেন্দ্ৰটোতে মুখাশিল্পৰ
প্ৰশিক্ষণ যুৱক-যুৱতীসকলক দি আহিছে। মুখাশিল্পৰ চৰ্চা কৰাৰ বাবে হেমচন্দ্ৰ
গোস্বামীয়ে অসম চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটাও লাভ কৰে। মুখাশিল্পক বৃত্তি হিচাপে
গ্ৰহণ কৰি বৰ্তমান উঠি অহা নৱপ্ৰজন্মই জীৱন-জীৱিকাৰ বাট মোকলাইছে।
বিশ্বত মুখাশিল্পক প্ৰতিষ্ঠা
কৰিবলৈ আৰু মুখা পৰম্পৰাক জীয়াই ৰাখিবলৈ চামগুৰি সত্ৰই বিভিন্ন ঠাইত মুখাশিল্পৰ
কৰ্মশালাও কৰিছে। এই আপুৰুগীয়া শিল্পকলাবিধক জীয়াই ৰাখিবলৈ চামগুৰি সত্ৰই
নিৰবিচ্ছিন্নভাৱে চৰ্চা অব্য়াহত ৰাখিছে।
চামগুৰি
সত্ৰৰ মুখাশিল্পৰ বিভাজন
সাধাৰণতে সত্রসমূহত তিনিধৰণৰ মুখা সজা হয়, তাৰ প্রধান
ভাগকোইটা হৈছে----
- ছো মুখা বা বৰ মুখা
- লোটোকাই বা লোটোকৰি বা চুতি ছো মুখ
- মুখ মুখা
· ছো মুখা বা বৰ মুখা
এনেধৰণৰ মুখাবোৰ সাধাৰণতে আকৃতিৰ ক্ষেত্ৰত যথেষ্ট ডাঙৰ
আৰু বহুল পৰিসৰৰ। এনে ভাগ মুখা প্রস্তুত কৰোতে ওপৰৰ অংশ অর্থাৎ সুৰ অংশ আৰু তলৰ
অংশ অর্থাৎ শৰীৰ ভাগ বেলেগ বেলেগকৈ সজা হয়। যেতিয়া অভিনয়ৰ সময় আহি পৰে তেতিয়া এই
মুখা ভাগ মূৰ অংশ শৰীৰৰ লগত বান্ধি তাৰ ভিতৰত মানুহ সোমাই আৰু তাত থকা ব্যবস্থা
অনুসাৰে কান্ধত পিন্ধি লৈ ভাওনা আদিত অভিনয় কৰে। যি
জন মানুহে মুখা পৰিধান কৰি অভিনয় তেখেতৰ ভৰি অংশ যাতে দর্শকৰ চকুত নপৰে তাৰ বাবে মানুহজনৰ
ককালৰ অংশত কাপোৰঘূৰী পিন্ধাই দিয়া হয়। ভাও দিয়াৰ সময়ত মুখা প্রায় ৮/১০ ফুট
পর্যন্ত ওখ দেখা হয়। মুখা পিন্ধা মানুহজনে যাতে বাহিৰৰ অভিনয় কৰিবৰ প্রয়োজন হোৱা
ঠাইবোৰ দেখে তাৰ বাবে মুখাৰ গাৰ সুবিধাজনক অংশত ফুটা কৰি লোৱা হয়। ভাওনাৰ
ভাৱৰীয়াৰ চৰিত্ৰবোৰ প্রতক্ষ কৰি লৈহে এনেধৰণৰ ছো-মুখা বা বৰ মুখা সজা হয়।
তেনেধৰণৰ দুটামান চৰিত্ৰ হৈছে-- ৰাৱণ, বানৰজা, কুম্ভকর্ণ, সূৰদানব নৰকাসুৰ আৰু নৰসিংহ
ইত্যাদি।
·
লোটোকাই বা লোটোকৰি বা চুতি ছো-মুখা
এনেধৰণৰ মুখা বৰ মুখাতকৈ আকাৰত সৰু। এই মুখাৰ ধৰণ-কৰণ প্ৰায় ছো
মুখাৰ দৰেই কিন্তু তাত কিছুমান তাৰতম্য দেখা যায়। বৰমুখাৰ দৰেই এইধৰণৰ মুখাৰো
শৰীৰ আৰু মূৰ অংশ সুকীয়া-সুকীয়াকৈ সজা হয়। ইয়াত এটা মুখ্য় বৈশিষ্ট হৈছে হাত, মূৰ অংগসমূহৰ লৰচৰ কৰিব
পৰাকৈ ব্যৱস্থা ৰখা হয়। বৰমুখাৰ দৰেই মুখাৰ ভিতৰ অংশত মানুহ সোমাই মুখাৰ হাত
মানুহজনৰ নিজৰ হাতত পিন্ধি হাত লৰচৰ কৰা দেখা যায়। বৰমুখাৰ দৰে কিন্তু এই মুখা গাৰ
অংশ মূৰ অংশৰ লগত বান্ধি দিয়া নহয়। এই মুখা মানুহজনৰ মূৰত পিন্ধে আৰু মুখাৰ ককাঁলত
ঘুৰী পিন্ধাই দিয়ে। এনে মুখাৰ বহু সুবিধা আছে যে ভাও দিয়াৰ সময়ত সুন্দৰকৈ মূৰ, হাতবোৰ লৰচৰ কৰিব পাৰে
আনকি যুদ্ধ চালনা আদিও কৰিব পাৰি। এনে মুখাৰ কিছুমান চৰিত্র হ’ল
পুতনা ৰাক্ষসী,
তাৰকা
ৰাক্ষসী,
ত্ৰিশিৰা, দুন্দুভী, শংখচূড়, যক্ষ ইত্যাদি।
·
মুখ-মুখা
অকল মুখখনক লৈ বনোৱা মুখাবোৰক
মুখ মুখা বুলি কোৱা হয়। যেতিয়া এজন ভাৱৰীয়াই
ভাও দিয়ে তেতিয়া মুখাখন মানুহৰ মূৰত পিন্ধি শৰীৰত বিভিন্ন ৰঙৰ কাপোৰ বা
চোলা পৰিধান কৰি লোৱা হয়। এই মুখাবোৰ ব্যৱহাৰ কৰা ভাওবোৰ কংসৰ পাঞ্চনী, মাৰিচ, সুবাহু, চক্রবাত উপনন্দ আদি।
বিভিন্নধৰণৰ পশু-পক্ষী, জীৱজন্তুৰ মুখাও তৈয়াৰ কৰা হয়। যেনে- বকাসুৰ, ধেণুকাসুৰ, বৎসাসুৰ, অনন্ত কালী নাগ ইত্য়াদি।
আকাৰৰ প্রতি লক্ষ্য ৰাখি এনেধৰণৰ মুখাত পৰৱর্তী আকৌ তিনিটা
ভাগত ভগাব পাৰি যেনে-ডিঙি বিহীন মুখ মুখা, মূৰ-মুখা আৰু এফলীয়া মুখা।
এনেধৰণৰ মুখাৰ বিষয়ে তলত উল্লেখ আলোচনা কৰা হ’ল-
· ডিঙি বিহীন মুখ মুখা
এনেধৰণৰ মুখাত ডিঙি অংশ সজা নহয়।
ভাৱৰীয়াজনৰ ডিঙিৰ লপত মিলিব পৰাকৈ এটা নির্দিষ্ট জোখত এনেধৰণৰ মুখা সজা হয়। যিটো
অংশই দি মানুহৰ মূৰটো সোমাব পৰাকৈ থয় সেই অংশটো প্রায় চাৰি ভাগৰ এক অংশ। মুখা পৰিধান কৰাৰ সময়ত
ভাৱৰীয়াজনৰ মুখৰফালে মুখাখন সামান্য ডাঙি ধৰি মুখৰফালে মুখাখন সামান্য় ডাঙি ধৰি
মূৰত পিন্ধাই মুখখনৰ লগত লগাই দিলে ভালকৈ ডিঙিৰ লগত মিলি যোৱা দেখা যায়। যেতিয়া
এটা ভাৱৰীয়াই ভাও কৰে তেতিয়া মুখাটোৰ লগত মিলাই চৰিত্ৰটোৰ কাপোৰ পিন্ধোৱা হয়।
চক্ৰবাত, মাৰিচ, সুবাহু, উপনন্দ আদি ভাৱৰীয়াৰ কাৰণে এনেধৰণৰ মুখা প্ৰস্তুত কৰা হয়।
·
মুৰ মুখা
মুখা মুখাৰ অন্য় এটা প্ৰকাৰ হৈছে মূৰ মুখা। এনে মুখা তৈয়াৰ
কৰা প্ৰণালী মুখ-মুখাৰ দৰেই একে। মুখাটো সাজোতে ডিঙি অংশ একেলগে সজা পৰিলক্ষিত
হয়। এনেধৰণৰ মুখা পিন্ধা কৌশল ও সুকীয়া। ইয়াক মুৰ মুখা বুলি কোৱা প্ৰধান কাৰণটো
হৈছে এনেধৰণৰ মুখা মূৰৰ ওপৰৰ পৰা পিন্ধা হয়। মূৰৰ ওপৰৰ পৰা পিন্ধি সামান্য়ভাৱে
হেঁচা প্ৰয়োগ সুন্দৰভাৱে মুৰ মুখাটো শৰীৰৰ লগত মিলি এক সৌন্দৰ্য প্ৰদান কৰে
এনেধৰণৰ মুখাৰ নান্দনিক দৃশ্য়টো বহুতভাৱে প্ৰকট হৈ উঠে। পুতনা ৰাক্ষসী, তাৰকা
ৰাক্ষসী, মূৰ দানৱ, বহুৱা মুখা টিকটিকি ইত্য়াদি চৰিত্ৰত মুৰ মুখা ব্য়ৱহাৰ কৰা হয়।
·
এফলীয়া মুখা
মূৰ মুখাক কাণৰ ওচৰেদি দুফাল কৰি
প্রস্তুত কৰা মুখাক এফলীয়া মুখা বুলি কোৱা হয়। এনেধৰণৰ মুখা বোৰ দুইভাগৰ এক অংশ।
এফলীয়া মুখাত মূৰৰ পিছফালটো সাধাৰণতে প্ৰস্তুত কৰা নহয়। এনেধৰণৰ মুখাবোৰ পৰিধান
কৰিবৰ সুবিধাৰ্থে কাণৰ ওচৰত দুডাল ৰচি সংলগ্ন কৰি পিছফালে বান্ধিব পৰাকৈ ব্যৱস্থা
কৰি লোৱা হয়। বর্তমান আধুনিক মঞ্চৰ বাবেহে এনেধৰণৰ মুখা বিশেষভাৱে প্রয়োজন হৈ পৰে
কিয়নো এফালৰ পৰা দর্শকে নাটক উপভোগ কৰে। কিন্তু
মহাপুৰুষ
শ্রীমন্ত শংকৰদেৱৰ অপূর্ব সৃষ্টি ভাওনা পৰিবেশনত সকলো ফালৰ পৰা দর্শকে ভাওনা উপভোগ
কৰে সেয়েহে এনে মুখা বৰ বেছি উপযোগী নহয়। এফলীয়া মুখাক High relief Sculpture বোলা হয়।
বর্তমান সময়ত এফলীয়া মুখা বিভিন্নধৰণৰ
মানুহৰ ঘৰত দেৱালত সজাই থৱৰ বাবেও ব্যৱহাৰ কৰে। উপহাৰ সামগ্রী হিচাপেও সমাজত
অনে মুখাই যথেষ্ট আদৰ লাভ কৰিছে। গৰুড় পক্ষী, হনুমান আদি পবিত্রৰ এফলীয়া মুখা
প্রস্তুত কৰা দেখা যায়।
চামগুৰি সত্ৰৰ মুখাশিল্পৰ লগত জডি়ত বিশ্বাস,
ৰীতি-নীতি
অসমৰ
প্ৰত্য়েক সত্ৰৰে নিৰ্দিষ্ট কিছুমান ৰীতি-নীতি, পৰম্পৰা আৰু বিশ্বাস আছে। মাজুলীৰ
চামগুৰি সত্ৰৰ মুখা শিল্পৰো কিছুমান বিশ্বাস আৰু ৰীতি-নীতি আছে। চামগুৰি সত্ৰৰ
মুখাশিল্পৰ লগত বিশেষকৈ আধ্য়াত্মিক বিশ্বাস ৰাখিয়েই শংকৰদেৱে মুখাক ভাওনাত প্ৰাণ
দিছিল। আৰু গুৰুজনাই দি থৈ যোৱা এই আধ্য়াত্মিক ভাৱ সত্ৰখনৰ লগতে সত্ৰৰ মুখাশিল্পৰ
লগত জড়িত হৈ আছে।
চামগুৰি
সত্ৰৰ মুখা নিৰ্মাণ প্ৰণালীৰ ক্ষেত্ৰতো কিছুমান পৰম্পৰাগত নীতি নিয়ম বা ৰীতি-নীতি
জড়িত হৈ আছে। চামগুৰি সত্ৰৰ মুখা নিৰ্মাণৰ ক্ষেত্ৰত আধ্য়াত্মিক ভাৱ, সৎ আচাৰ, সৎ
ব্য়ৱহাৰৰ দিশটোত লক্ষ্য় ৰাখে। মুখা এখন সজাৰ ক্ষেত্ৰত যাতে বেয়া কাপোৰ বা বেয়া
ঠাইৰ বস্তু ব্য়ৱহাৰ নকৰে সেয়াও এক ৰীতি-নীতি হিচাপে চলি আহিছে। আৰু মুখা এখন
পিন্ধি পৰিৱেশন কৰাৰ ক্ষেত্ৰতো নীতি-নিয়ম, সদাচাৰ আছে। আৰু চামগুৰি সত্ৰৰ
মুখাশিল্পৰ লগত জড়িত হৈ থকা আন এটি বিশ্বাস বা ৰীতি-নীতি হ’ল চুৱা বা গা
নোধুৱাকৈ মুখা চুব বা নিৰ্মাণ কৰিব নাপায়। আৰু অশৌচী মানুহেও এই মুখা চুব নাপায়। এইসমূহ
দিশেই চামগুৰি সত্ৰৰ মুখাশিল্পৰ লগত বিশ্বাস বা ৰীতি-নীতি
হিচাপে অতীজৰে পৰা জড়িত হৈ আছে।
No comments:
Post a Comment