একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া নিৰ্বাচিত
কবিতাৰ চমু আভাস
শ্ৰীমতী প্ৰিয়ংকা বৰা,
প্ৰাক্তন ছাত্ৰী,
অসমীয়া বিভাগ
মাজুলী সাংস্কৃতিক বিশ্ববিদ্য়ালয়
Borahp882@gmail.com
(১)
অতীজৰে পৰা মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা কবিতাসমূহে চৰ্যাপদত লিখিত ৰূপ পায়। চৰ্যাপদতে আৰম্ভ হোৱা অসমীয়া লিখিত কবিতাই সুদীৰ্ঘ আৰু এহেজাৰ বছৰ অতিক্ৰম কৰিছে। এই সুদীৰ্ঘ সময়ছোৱাক প্ৰাচীন আৰু আধুনিক এই দুটা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি। অৰুনোদই কাকতৰ পাততেই অসমীয়া আধুনিক কবিতাৰ জন্ম হৈ প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিলে। অসমীয়া আধুনিক কবিতাৰ শুভ আৰম্ভণি ঘটে জোনাকী কাকতত প্ৰকাশিত চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘‘বনকুঁৱৰী" নামৰ কবিতাটিৰ মাজেৰে। বিভিন্ন পৰিৱৰ্তন আৰু পৰিবৰ্ধনে আধুনিক অসমীয়া কবিতাৰ ধাৰাক সমৃদ্ধ কৰি তুলিছে।
একবিংশ শতিকাৰ দ্বিতীয় দশকটোৰ সময়ছোৱা হৈছে ২০১০ চনৰ পৰা ২০১৯ চনলৈকে। এই দশকটোৰ ভিতৰত বহুতো কবিয়ে কবিতা ৰচনা কৰিছিল, তাৰ ভিতৰত কেইজনমান উল্লেখযোগ্য কবি হৈছে– হীৰেন ভট্টাচাৰ্য, সমীৰ তাঁতী, সনন্ত তাঁতী, অনুভৱ তুলসী, জীৱন নৰহ, গংগামোহন, প্রাণজিৎ বৰা, নীলিম কুমাৰ, কৰবী ডেকা হাজৰিকা, লুটফা হানুন চেলিমা বেগম, সৌৰভ কুমাৰ শইকীয়া আদি কবিসকলে কবিতা ৰচনাৰে অসমীয়া সাহিত্য সমৃদ্ধিশালী কৰিছে। ইয়াৰে ভিতৰত নিৰ্বাচিত কেইজনমান কবিৰ কবিতাসমূহৰ চমু আভাস দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে---
· হীৰেন ভট্টাচাৰ্যৰ কবিতা
‘‘হীৰেন ভট্টাচাৰ্যই কবিতা লিখাৰ আগতে গীত ৰচনা কৰিছিল। সেয়ে হয়তো তেওঁৰ কবিতাত ধ্বনি স্পন্দনৰ পাচুৰ্য দেখা যায়। তেওঁৰ কবিতা কেতিয়া গীত হৈ পৰে সেই কথা গম পোৱা নাযায়। তেওঁৰ প্ৰতিটো গীতেই একোটি বনগীত সুৰীয়া কবিতা। এই ফালৰ পৰা তেওঁক পূৰ্বসুৰী পাৰ্বতিপ্ৰসাদ বৰুৱাৰ লগতো ৰিজাব পাৰি। তেওঁৰ কবিতা আন এটা ধৰনেও বনগীতৰ লগত তুলনা কৰিব পাৰি। বনগীতৰ দৰেই হীৰেন ভট্টাচাৰ্যৰ কবিতা অসমৰ প্ৰকৃতিৰ প্ৰাণ স্পন্দনেৰে স্পন্দিত হৈ থকা পোৱা যায়। তেওঁৰ কবিতাৰ ধ্বনিৰ সংগীতে প্ৰকৃতিৰ সজীৱতাক প্ৰণাময় কৰি তোলে। এইফালৰ পৰা তেওঁ ৰোমাণ্টিক কবিৰ মেজাজৰ ওচৰ।কিন্ত তেওঁৰ শব্দ ব্যৱহাৰত পতিশীলিত ধ্ৰুপদী গাম্ভীৰ্য সংযোজিত হয়। সেয়ে তেওঁৰ কবিতাৰ ৰূপ ৰোমান্টিক কবিতাতকৈ বেলেগ হৈ পৰে। প্ৰকৃতিৰ কথা কওঁতে আন এটা কথা দেখুৱাই দিয়াৰ প্ৰয়োজন বোধ কৰিছোঁ। সেয়া হল তেওঁৰ কবিতাত আমি অসমৰ গ্ৰাম্য প্ৰকৃতিহে বাৰে বাৰে লগ পাওঁ। যি প্ৰকৃতিৰ আদান-প্ৰদানতাৰ মাজত ললিত-পালিত মানুহৰ লগত প্ৰকৃতিৰ বন্য ৰূপটোৱে হীৰেন ভট্টাচাৰ্যৰ কবিতাত কাহানিও ভুমুকি মৰা নাই। প্ৰকৃতিৰ কিমনীয় লৱন্যময় ৰূপটো তেওঁ যি ধৰণে নিজৰ কবিতাৰ মাজেৰে প্ৰকাশ কৰিছে সেই ধৰণে বন্য প্ৰকৃতিৰ ভীতি বিৰল ৰূপটোৰ প্ৰতি তেওঁ আওকণীয়া হৈ ৰৈছে। তেওঁৰ কবিতাত অসমৰ প্ৰকৃতিৰ লাৱণ্যময় ৰূপটো ইমান বেছিকৈ উপস্থিত যে মানুহৰ বিষয়ে কৰা উল্লেখ প্ৰকৃতিৰ পৰা আহৰণ কৰা উৎপেক্ষাৰ সহায়ত প্ৰকাশিত হয়।উদাহৰণ হিচাপে চাব পাৰোঁ--
উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল আলসুৱা তোমাৰ মুখৰ
শইচ সোনালী হাঁহি।
এই কবিতাত মানুহৰ মুখৰ যি সৌন্দৰ্য
প্ৰকাশ পাইছে সেই সৌন্দৰ্য আহিছে প্ৰকৃতিৰ পৰা লোৱা উৎপেক্ষাৰ মাজেদিয়ে। সেই
কোমল মুখৰ তুলনা আলসুৱা ফুলৰ কৰা হৈছে আৰু অপৰূপ হাঁহিত তুলনা পথাৰৰ শইচৰ লগত কৰা
হৈছে। ইয়াত মানুহ আৰু প্ৰকৃতিৰ একাকাৰ কৰি দেখুৱা হৈছে। আন
এটা কবিতাত তেওঁ কৈছে-
মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ
এনেকৈ ৰু ৰুৱাই জ্বলে
যে তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে বাহিৰে।
এই শাৰীকেইতাতো প্ৰেমৰ একান্ত অনুভৱক প্ৰকাশ
কৰিবলৈ কবিয়ে প্ৰকৃতিৰে সহায় লৈছে।
মোৰ
দুৱাৰৰ অদূৰত
তুমি !
যেন সোণালী শস্যভূমি।
ই এটা প্ৰেমৰ কবিতা। সূক্ষ্ম সংবেদনশীল মনৰ প্ৰেমৰ একান্ত অনুভূতি প্ৰকাশ কৰিবলৈ কবিয়ে প্ৰকৃতিৰ উপমাৰ আশ্ৰয় লৈছে। এই কবিতাৰ পৰিপূৰ্ণ উপস্থিতি সমুখত দেখা ভৰপূৰ সোণালী শস্যৰ পথাৰৰ দৰে।এনে ধৰণৰ উপমা আৰু উৎপেক্ষাৰ ব্যৱহাৰে হৃদয়ৰ অনুভূতিক যেনেকৈ মূৰ্ত কৰি তোলে, সেইদৰে প্ৰকৃতিকো সৌন্দৰ্যৰে তাৎপৰ্যময় কৰি তোলে। অসমৰ গ্ৰাম্য প্ৰকৃতি যেনেকৈ তেওঁৰ কবিতাৰ পটভূমিত বিস্তীৰ্ণ হৈ আছে আৰু তাৰ মাজেৰে আমি যিদৰে গোন্ধ, স্পৰ্শ আৰু ইন্দ্ৰিয়ৰ অনুভূতি পাওঁ সেইদৰে তেওঁৰ কবিতাত প্ৰেমো অন্তলীন শ্ৰোতস্বীনি হৈ আছে।
‘ভোগালী’
কবিতাত নি:স্ব পোছাকৰ আঁৰত এনে পৰিপূৰ্ণ প্ৰেমিকৰ হৃদয়ক আমি আবিষ্কাৰ কৰো। সেয়ে
কবিয়ে আন এটা কবিতাত কয় যে তেওঁ ‘আচৰিত প্ৰেমৰ পিঞ্জৰাত বন্দী’ আন এটা কবিতাত
কবিয়ে এইদৰে কয় ―
তুমি
আহিলে
আহোঁ
বুলি আহিন আগেয়ে আহে
মোৰ
তেজৰ গালিছা গলে
তোমাৰ
খোজৰ পদুম পাহে পাহে
দেশপ্ৰেমৰ কথা কওঁতে কবিৰ ভাষাই বাধা নমনা হৈ
যায়। ‘মোৰ দেশ’ নামৰ কবিতাটোত তেওঁ ঘোষণা কৰে যে পৃথিৱীৰ সমস্ত দেশ ঘূৰি অহাৰ
পিছতো যি যাত্ৰা তেওঁ কৰে সেই যাত্রা শেষ হয় তেওঁৰ দেশত।
যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ
প্ৰাচুৰ্য জীৱনৰ নতুন অৰ্থ
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ
লুকাই আনে ঐশ্বৰ্যৰ বিপুল
সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ এনে স্নিগ্ধ
ফুলৰ সুবাস
প্ৰতিটো ঋতুৱে মোক দি যায়
জীৱনৰ আশীৰ্বাদ।
এই দেশৰ বাবে মই জীয়াই আছো
এই দেশৰ বাবে মই জীয়াই
থাকিবলৈ মৰণপন কৰিছোঁ।
দেখা যায় যেতিয়াই দেশৰ কথা কবিয়ে কৈছে তেতিয়াই
মনৰ আৱেগ সংহত হৈ থকা নাই। উদ্বোলিত হৈ ফেনে-ফুটোকাতৰে দেশ-মাতৃলৈ ধাৱিত হৈছে। আন
এটা স্বদেশ প্ৰেমৰ কবিতাত তেওঁ এনেদৰে কৈছে-
মোৰ দেশ, মোৰ
স্বদেশ, মোৰ প্ৰথম
প্ৰেমৰ উন্মেষ
তোৰ সাতসৰী যেন সাতোখন নদী
প্ৰেমৰ কি যে গভীৰ সহানুভূতি
তাক মই কিদৰে পাহৰিম?
এই কবিতাটোৰ নাম ‘আশ্ৰয়’ দেশপ্ৰেমৰ এই উপলব্ধি
আহিছিল সেই মুহূৰ্তত, যি মুহূৰ্তত এখন দেশৰ সৌন্দৰ্যময়
প্ৰকৃতিৰ মাজৰ পৰা গৰখীয়া লৰাৰ পেঁপাৰ সুৰ ভাঁহি আহিছিল। আন
এটা কবিতাত তেওঁ বিপ্লৱী চিন্তা প্ৰকাশ কৰি কৈছে―
দেশ বুলি ক’লে আদেশ নালাগে
মোৰ তুমৰলী তেজৰ টগবগাই
উঠে এহেজাৰ এটা ঘোঁৰা
কিন্তু তেওঁ যিহেতু এজন কবি
তেওঁৰ বিপ্লৱী মনৰ অস্ত্ৰ হল শব্দ।
সেয়ে এই কবিতাটোৰ প্ৰসংগত তেওঁ পুনৰ
কৈছে―
মোৰ শব্দৰ শোভাযাত্ৰা হওক
ক্ৰুৰ-কুটিল ৰাতিৰ প্ৰহৰী হওঁক
তিৰবিৰাই থাকক বিক্ষোভৰ চোকা
তৰোৱাল
টলমল শব্দৰ উচ্ছবসিত তেজৰ
প্ৰবাহে প্ৰবাহ।
কবিতাটোত দেশৰ পৰিস্থিতিয়ে তেওঁৰ মনলৈ
অস্থিৰতা আনিছে চৌপাশে উদ্যত মৃত্যুক দেখা পাইছে। কিন্তু তাৰ মাজতো মৃত্যুজিৎ
প্ৰতিভাৰ আচ্ছাদিত আভাসো অনুভৱ কৰিছে। সন্দেহ নাই যে তেওঁৰ বিপ্লবী মনত এই
মৃত্যুজিৎ প্ৰতিভাৰ আভাস আহিছে তেওঁৰ অনাবিল দেশপ্ৰেমৰ পৰা।
তেওঁৰ ভালেমান কবিতাত দুখৰ প্ৰকাশ আছে। কিন্তু
দুখক লৈ কবি বিচলিত নহয়। সেয়ে তেওঁ ক’ব পাৰে ―
সহজ
এন্ধাৰ,সহজতৰ মোৰ সহজাত
দুখ
প্ৰকৃততে
দুখবোৰ সজ, সহজ আৰু
সুনিশ্চিত।
আন এঠাইত তেওঁ কৈছে–
দুখে
যেতিয়া কবিতা লিখে মোৰ
হাতেৰে
মোৰ
আঙুলিত আহি নিজাৰ পৰে
সখিয়তী
ৰ'দ।
তেওঁৰ কবিতাত মৃত্যু চেতনাও প্ৰকাশ পাইছে। কিন্তু
তেওঁৰ সংবেদন মৃত্যুৰ ভয়েৰে ভাৰাক্ৰান্ত নহয়। তেওঁ কয়―
মৃত্যুৰ
স'তে কোনে কাজিয়া কৰে
জীৱনৰ
সংগীত মৃত্যুৰ সূক্ষ্মতাত শুদ্ধ।
আন এটা কবিতাত মৃত্যুক তেওঁ ভাস্কৰ্যৰ লগত
ৰিজাইছে। অৰ্থাৎ মৃত্যুক উত্তোলক কৰিছে
শিল্পবস্তুলৈ আৰু এই শিল্পবস্তুৰ উপাদান যে জীৱন,সেই
কথাও তেওঁ প্ৰকাশ কৰিছে।
হীৰেন ভট্টাচাৰ্য প্ৰকৃততে জীৱনৰ কবি। মৃত্যু, ভয়, দুখ, হতাশা, ক্ৰোধ এই সকলোকে অতিক্ৰম কৰি তেওঁৰ কবিতাই জীৱনৰে জয়ৰ পতাকা উত্তোলন কৰিছে সেইকাৰণে মৃত্যুৰ সময়তো তেওঁৰ মন আছিল প্ৰশান্ত।১
·
সমীৰ তাঁতীৰ কবিতা
অসমীয়া সাহিত্যত কবিতা সৃষ্টিৰে নিজৰ স্থান দখল
কৰা এজন উল্লেখযোগ্য কবি তথা সাহিত্যিক হৈছে সমীৰ তাঁতী। তেখেতে
প্ৰকৃতিবাদ/সমাজবাদ আহি সকলো দিশতে কবিতা ৰচনা কৰিছে। তেওঁৰ কবিতাত
সদা-সক্ৰিয় হৈ থকা মানৱতাবাদ এই প্ৰত্যয়ৰ পৰা নিগৰি আহিছে-
‘‘নিঃসংগতাক জোকাই প্ৰাণ খুলি গাঁও
বৈ যোৱাৰ গান, দিন
সলনিৰ গান।
মানুহেই মোৰ শিপা, মোক
শিকাই
ব্ৰহ্মগুৰুৰ দৰে মেৰুদণ্ড পোন কৰি
মহাতপস্যাৰ ধ্বনি, কিদৰে
আহিব
পাৰে শান্তি।
এই আটাইবোৰেই যে শিল্প মই শিকো
পৃথিৱীৰ পঢ়াশালীত ।
মোৰ প্রিয় বিষয় মানুহ, মোৰ সকলো
শোভাৰ শোভা.........।"
(সেউজীয়া উৎসৱ," মোৰ প্ৰিয় বিষয় মানুহ)
লর্কা, নেৰুদা, লেংষ্টন হিউজ, নিক'নাৰ পৰা, নাজিম হিক্
মট, ফাইজ আহমেদ ফ্ৰাইজ প্ৰমুখ্যে
সংগ্ৰামী কবিসকলৰ সৈতে সমীৰে কুটুম্বিতা অনুভৱ কৰে। সমীৰ এইসকল কবিতাৰ সৈতে
নিবিড়ভাৱে পৰিচিত। দুস্থজনৰ সৈতে তেওঁৰ সমমৰ্মিতাৰ
চানেকি হিচাপে আন এটা স্তৱক উদ্ধৃত কৰোঁ--
মোৰ বুকুৰ পৰা খহি পৰা এটা নিঃসংগ
ৰাতিৰ কথা জানিব খুজিলে।
মই ক’ব লাগিব বহু নিঃসংগ নিবনুৱাৰ
কণ্ঠিন গল্প, প্ৰাচীন
যুদ্ধৰ
ধ্বংসলীলা যাৰ অন্তৰালত আছে আন
এখন যুদ্ধৰ বিৰুদ্ধে সন্মিলিত মানুহৰ
শান্তিৰ প্ৰয়াস
আৰু যদি মোক সোধা
কেনে আছা কবি? অতি
সহজভাৱে
ক'ব
লাগিব ভালে আছো
ঠিক তোমালোকৰ দৰে সমস্যাৰ স'তে
যুঁজি ক্ৰমশঃ হতাশাৰ পৰা পৰা গভীৰ
বিশ্বাসলৈ। (
সেউজীয়া উৎসৱ, যদি তোমালোকে মোক সোধা)
সমীৰ এজন বিস্তৃতভাৱে অধ্যয়নপুষ্ট কবি। ভিন্ন ভিন্ন ধাৰাৰ লেখাৰ প্ৰতি তেওঁৰ উৎসুক্য আছে আৰু তেওঁৰ কবি মানস সেই তৎপৰতাৰ দ্বাৰা পুষ্ট হৈছে। সমীৰৰ কবিসত্তাৰ ভালে কেইটা মাত্ৰা আছে। তেওঁ একাধাৰে বিপ্লৱী আৰু প্ৰেপিক নৈসৰ্গৰ শোভা আৰু অপৰিমেও গৰিমা তেওঁ এজন সূক্ষ্ম-সচেতন চিত্ৰকৰৰ অকুলতাৰে অনুধাৱন কৰে। অচেনাৰ অনুসন্ধান (Quest for the unknown) যিবোৰ বাক্যৰীতিত প্ৰকট তেনে ধাৰাৰ কবিতাৰ অন্তস্থলত তেওঁ প্ৰৱেশ কৰি পাইছে। তেনেকুৱা লিৰিক ধাৰাৰ ওপৰত সমীৰৰ দখলৰ কিছু দৃষ্টান্ত দিব খোজে----
‘‘তোমাৰ দেহ অৰণ্যৰ পৰা উভতিলো
আন এটা দেহৰ
সোঁৱৰণি হৈ ৰ'ম
এটা চুমাৰ
বিনিময়ত শুদ্ধ হব পৃথিৱী
মোক তোমাৰ কোন
তৰাই মাতি
আছে
তাৰ নিদানত
এবাৰ চামিল হব পৰা
হ'লে
এই নিজান
ছায়াপথ গচকি তুমি
ৰ্ভৱতী হ'বা ।" (‘‘এই
আন্ধাৰ এই পোহৰৰ তন্ময়তা, তোমাৰ দেহ
অৰণ্যৰ পৰা উভতিলো")
বেলেগ বেলেগ ঠাঁচত লিখা সমীৰৰ কবিতাৰ পুঞ্জবোৰ
লক্ষ্য কৰিলে ভাব হয় যে পৱলো নেৰুদাৰ দৰে সমীৰে কিজানি এনেদৰে অনুভৱ কৰে-
‘‘Of the many
men who I am,
who we are ,
I cannot settle on a single one.
They are last to me under the
cover of clathing
They have departed for
another city.
what must I do to single out
myself ?
How can I put myself
together?" (‘we are many')
আমি অৱশ্যে কথাটো এনেদৰেও কব পাৰো যে জীৱনক
পূৰ্ণতম ৰূপত হৃদয়ংগম কৰিবৰ বাবে কবিয়ে সুকীয়া সুকীয়া অবস্থান লোৱাটো প্ৰয়োজনীয় হ'ব পাৰে আৰু সমীৰেও সেয়েহে তাকে কৰিবলৈ আত্মনিয়োগ কৰিছে।
লগতে আৰু এটা লক্ষণীয় কথা হ'ল যে সমীৰৰ
সৰহসংখ্যক কবিতাতে মানুহৰ প্ৰতি উষ্ণ সহানুভূতি সুস্পষ্ট আৰু এইটো অনুভূতিয়ে
কবিতাবোৰক সমূহীয়াকৈ এটা ঐক্য প্ৰদান কৰিছে।
কবি সমীৰ তাঁতী অসমীয়া
চাহ-সম্প্ৰদায়ৰ ল'ৰা আৰু দীৰ্ঘকালজুৰি নিপীড়িত এই
শ্ৰেণীটোৰ ক্ষোভ আৰু প্ৰতিবাদ তেওঁৰ অনেক কবিতাত তেজস্বী সংগ্ৰামৰ সুৰত ধ্বনিত
হৈছে। অসমীয়া ভাষাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আৰু নিখুঁত দখল আছে। ভাব হয় যে
জ্যোতিপ্ৰসাদে যিখন ভৱিষ্যৎ অসমৰ সপোন দেখিছিল সমীৰে তাৰেই এজন বাৰ্তাবাহক। অৱশ্যে
কবিতাৰ উৎকৰ্ষ বিচাৰৰ ক্ষেত্ৰত এইটো তথ্য মাপকাঠী নহয়।
বিশ্বসাহিত্যত বামপন্থী কাব্যধাৰাৰ জ্যোতিষ্ক
নক্ষত্ৰ লর্কাৰ ফেচিষ্ট নৰাধমহঁতৰ হাতত কৰুণ মৃত্যুৰ ঘটনাটো সুঁৱৰি সমীৰৰ প্ৰথম
কাব্য সংকলন ‘যুদ্ধভূমিৰ কবিতা' ৰ
প্ৰথমটো কবিতা ৰচিত হৈছে। লর্কাৰ সৈতে গভীৰ আত্মীয়তা অনুভৱ কৰি কবিয়ে ব্যক্ত কৰিছে
যে লর্কাৰ মৃত্যু হ'ল পবিত্ৰতাক হত্যা কৰা অমানুষিকতা
আৰু হত্যাকাৰী ফেচিষ্টহঁত এতিয়াও এই কাৰ্যত প্ৰবৃত্তা ‘যুদ্ধভূমিৰ
কবিতা'ৰ এটা বিশেষ কবিতা হৈছে ‘মানুহবোৰে
কাপোৰ খুলিছে'। মানুহবোৰে সম্ভৱত:ৰতিক্ৰিয়াৰ
বাবে কাপোৰ খুলিছে যদিও লগে লগে আনুসংগিকভাৱে মানৱ প্ৰবৃত্তিৰ উলংতা আৰু আদিমতা প্ৰকট
হৈছে-
‘‘ৰাজপুৰুষ সকলে কাপোৰ খুলিছে,
ৰাজপুৰুষ সকল এতিয়া,
একো একোটা মানুহ খোৱা বাঘ।"
দ্বিতীয়খন কাব্যসংকলন ‘শোকাকুল
উপত্যকা' ৰ শিৰোনামটোৱেই অসম আন্দোলনৰ সময়ৰ
অসমখনৰ যন্ত্ৰণাময় পৰিস্হিতিটো মূৰ্ত কৰি তুলিছে। এই সংকলনখনৰ ভিতৰত এটা
মৰ্মস্পৰ্শী আৰু অবিস্মৰণীয় কবিতা হ'ল 'যোৱা গৈ খবৰটো দি আহা' কবিতাটোৰ
আকৰ্ষণীয় নাটকীয় আৰু কথনমথনৰ ভঙ্গীৰ অন্তৰালত মৰ্মন্তদ যন্ত্ৰণাৰ বতৰা নিহিত আছে।
কবিতাটোৰ দৈৰ্ঘ্য বিষয়বস্তুৰ অনুপাতৰ সৈতে মিলাই নিয়াৰ ক্ষেত্ৰত কবিয়ে কৃতিত্ব
দেখুৱাইছে। সংকলনখনত সন্নিবিষ্ট আৰু দুটা ভাল
কবিতা হ'ল- ‘মই ক'লৈ গৈ আছো' আৰু ‘মাজৰাতি নদীৰ বান্ধ খুলি' উক্ত
দুটা কবিতাত সমসাময়িক বাস্তৱৰ বিপৰীতে পৃথক কিন্তু পৃথক হ'লেও
মানৱ আকৃতিৰ সৈতে সংলগ্ন বাস্তৱৰ প্ৰতি কবিৰ জিজ্ঞাসা ধাবিত হৈছে। কবি সমীৰৰ সহজাত
স্বচ্ছন্দতা আৰু পৰিবেশ সৃষ্টিৰ ক্ষমতাই কবিতাকেইটাক ৰসময় কৰি তুলিছে।
পৰৱৰ্তী সংকলন 'সেউজীয়া
উৎসৱ'ৰ কেন্দ্ৰীয় কবিতাটো হ'ল ‘মোৰ প্ৰিয় বিষয় মানুহ'। কবিৰ
জীৱন বীক্ষা উক্ত কবিতাটোত আকৰ্ষণীয় ভাৱে মূৰ্ত হৈ উঠিছে। পৰৱৰ্তী আন দুখন সংকলনত
যথা ‘অত্যাচাৰৰ টুকাবহী’ আৰু ‘বিষয় দুৰ্ভিক্ষ’ ত আঙ্গিকৰ
ক্ষেত্ৰত নতুনত্বৰ পৰিদৃষ্ট হয়। অধিবাস্তববাদ
বা চুৰৰিয়েলিজমৰ প্ৰতি কবি আকৃষ্ট হোৱা ৰ উমান কিছুমান কবিতাত পাওঁ
যথা-
পাত সৰিছে ধূলি উৰিছে
চোতালত পোৰাহাড়ৰ ছাই
দুর্বলতাক কোনেও পঢ়িব খোজা
নাই।"
আকৌ ‘অন্তৰ দৃশ্য’ (অত্যাচাৰৰ টোকাবহী) কবিতাই
নেৰুদাৰ ‘‘Residencia" পৰ্বৰ কবিতাখিনিলৈ মনত পেলায়।
অৱশ্য সমান্তৰালভাৱে অগ্নিময় বৰ্তমানৰ সমাজ জীৱনৰ বিশ্লেষণ থকা ভালেকেইটা কবিতাও
এই সংকলনৰ দুখনত পাওঁ। ‘ৰতিৰাম বসুমতাৰীৰ আদিকথা’, ‘কম
বেছি পৰিমাণে আমি আটায়ে অপৰাধী’ এই দুটা এনে ধৰণৰ কবিতা।
কবিৰ ষষ্ঠখন কাব্য সংকলন হ'ল ‘এই আন্ধাৰ এই পোহৰৰ তন্ময়তা’ সমীৰৰ এইখন কাব্যপুথিয়ে এই লেখাটোৰ আলোচকক
বিশেষভাবে মুগ্ধ কৰে। কাব্যৰীতিৰ ভিন্নসুৰী প্ৰয়োগৰ দ্বাৰা উপলব্ধিৰ গভীৰতা আনিবৰ
বাবে এইখন কাব্যগ্ৰন্থত কবি একান্তভাৱে নিবিষ্ট। ‘হে
অচিনাকি সময়’, ‘শিলৰ পৰা
নামি আহিছে পানী’ এই দুটা সুন্দৰ কবিতাৰ কথাকে প্ৰসংগক্ৰমে উল্লেখ কৰিলে। অনুমান
কৰো যে এই কাব্যগ্ৰন্থৰ বিষয়বস্তু হ'ল সময়।
এতিয়ালৈকে এই আলোচকৰ হাতত পৰা সমীৰৰ শেহতীয়া
কাব্যগ্ৰন্থখন হ’ল ‘কদম ফুলাৰ ৰাতি’ এই কবিতাপুথিখন অসমীয়া কাব্য জগতলৈ সমীৰৰ
মূল্যবান অৰিহণা। অসমীয়া চাহ-সম্প্ৰদায়ৰ এজন সন্তান হিচাপে কবিয়ে ইয়াত উক্ত
সম্প্ৰদায়টোৰ মনোজগতখন আন্দোলিত কৰি ৰখা দুখ-সুখ-আকাংক্ষা আৰু সপোনৰ গমনাগমন
মৰ্মস্পৰ্শী ৰূপত ৰূপায়ন কৰিছে। দীৰ্ঘকাল জুৰি নিপীড়িত এইখিনি মানুহৰ অন্তবেদনা
আৰু ক্ষোভ কিছুমান কবিতাত একত্ৰে ধ্বনিত হৈছে। চাহ-বাগিচাৰ প্ৰাকৃতিক দৃশ্যৰ
অপূৰ্ব চিত্ৰণৰ বাবে আমি মনোমোহা। অসমৰ এটা ৰূপ ইয়াত দেখা পাওঁ আৰু লগতে প্ৰকৃতিৰ
সৈতে অতি নিকট এই সহৃদৰ চহা মানুহখিনিৰ লৌকিক ধাৰণা তথা বিশ্বাস সামাজিক ৰীতি-নীতি, সংস্কৃতি এই সকলোবোৰৰ সংবেদনশীল ৰূপায়নে আমাৰ চিত্ত মন্থিত
কৰি তোলে। কাৰুণ্য এই কবিতাখিনিৰ অন্ত:কথা যদিও হাঁহি-তামাচা আৰু সপোনৰ জুৰণীয়ে
কবিতাখিনি ব্যঞ্জন সমৃদ্ধ কৰিছে।
সমীৰৰ আৰু গোটাদিয়েক কবিতা পঢ়ি উঠিও তেনে ভাব হয়। দ্বিতীয়তে ব্যক্ত কৰিব খোজো যে প্ৰতিবাদী- কবিতাত ক্ষোভ আৰু তিক্ততাই কাব্যিক ৰীতিক চেৰাই গৈছে। আনকি ‘কদম ফুলৰ ৰাতি তো, ক'লা চামৰাৰ কুনী, কি খবৰ’, ‘চালাম হুজুৰ হামি গিৰমিটিয়াৰ বেটা’ এই কবিতা দুটাই সংকলনখনৰ আন ভালেকেইটা কবিটা সাৰ্থক কবিতাৰ পৰ্যায় পোৱা নাই।২
· নীলিম কুমাৰৰ কবিতা
‘‘অগতানুগতিক বিষয়বস্তু আৰু স্বকীয় কথকতাৰে
আধুনিকতাবাদী অসমীয়া কবিতাক সমৃদ্ধি প্ৰদান কৰিছে কবি নীলিম কুমাৰে। নীলিম কুমাৰৰ
একেবাৰে আৰম্ভণি পৰ্বৰ ‘‘বাৰী কোঁৱৰ"ৰ ভালেমান কবিতাত ভাব আৰু ভাষাৰ সজীৱতা
উপলদ্ধি হয়। তেনে কেইটামান কবিতা হ'ল ― ‘‘দুটা
শিল", ‘‘কমলা কুঁৱৰী", ‘‘কথা আছিল" আৰু ‘‘শিলৰ ঘোঁৰা"। প্ৰতীকী
ব্যঞ্জনাসমৃদ্ধ কবিতাৰ যি আৰম্ভণি ঘটাইছিল নীলিম কুমাৰে, সিও
কবিৰ উজ্জলতাৰ ভৱিষ্যত জীৱনৰ আগজাননী সুন্দৰকৈ দাঙি ধৰে---
শিলালিপি
ফালি আহে
আৰু
সি গুচি যায়
বতাহত
পৰি ৰয়
তাৰ
খোজৰ
শুভ শব্দ। (শিলৰ
ঘোঁৰা)
নীলিম কুমাৰৰ আৰম্ভণি পৰ্বৰে ‘‘পানীত ঢৌ ঢৌবোৰে মাছ"ৰ বিষয়ৰ অভিনৱত্ব আৰু
ভাষাৰ সজীৱতাই সহৃদয় পঢ়ুৱৈৰ মনোযোগ আকৰ্ষণ কৰে। ধান আৰু অন্তৰৰ সাযুজ্য সজীৱ
প্ৰকাশ ভঙ্গীৰে মূৰ্ত হৈছে-
ৰ'দত মেলি দিওঁ
কলিজাৰে
মৰণা মাৰো
টোমত থওঁ
তাইৰ
দুমুঠি। (ধান)
আত্মজৈৱনিকতা সাঁচত ধলা ‘গুৱাহাটী’ কবিতাত আধুনিকতাবাদৰে এটি ৰূপ আমি অনুভৱ কৰো। কবিৰ গুৱাহাটীৰ কল্পদৃষ্টিত ইয়াৰ নৈসৰ্গিক পৰিপাৰ্শ্ব, ইয়াৰ বস্তি-এলেকা, পৌৰ-বাস্তৱতাৰ অন্য অনুষং, যেনে- পথ, নল-নৰ্দমা গুদাম ঘৰ-এই আটাইবোৰৰে যুগপৎ বিচ্ছুৰণ ঘটিছে। অভিনৱ সমাসোক্তিৰ কেতবোৰ স্তৱকে ইন্দ্ৰিয়গ্রাহ্যতাৰ নিৰ্যাসো পঢ়ুৱৈক দি যায়----
ৰৌদ্ৰস্নাতা তোমাৰ শৰীৰৰ
ঘাম আৰু শীতৰ কুঁৱলী
তোমাৰ নাকফুল, নাকৰ
পাহি, তোমাৰ
উশাহ আৰু
নিশাহৰ বাষ্প, তোমাৰ
ওঁঠ
আৰু ওঁঠৰ বিষ
তোমাৰ দাঁত আৰু দংশন
তোমাৰ কি ভালপোৱা
নাছিল সি।
কিছুসংখ্যক মহানগৰ কবিৰ বাবে স্থানীয়তাবাদ নীলিম কুমাৰে মূৰ্ত কৰা নাই। সৰ্বজনীনতাৰে স্পৰ্শ ইয়াত অনুভূত হয়--
সেই
ফুটপাঠবোৰ আৰু তাৰ
তলিৰ
আন্ধাৰ
নৰ্মদা
আৰু গলিত মৃতদেহত
পিলপিলকৈ
থকা পোকবোৰ
দেখিও
সিটো নাক কোঁচোৱা
নাছিল, মুগ্ধহে হৈছিল।
তোমাৰ
সেই গুদাম ঘৰবোৰ আৰু
সেই
নিগনি আৰু শুভ্ৰ এন্দুৰবোৰ
যি
তোমাৰ ৰক্তকেশিকাৰ
মাজত
থাকে
সি
তোমাৰ কি ভালপোৱা নাছিল।
ৰক্তকেশিকাই মহানগৰীত দেহ আৰু আত্মা দুয়োটাকে
একেলগে বান্ধি পেলাইছে আৰু শব্দটোৰ লগত লিপিট খাই আছে একপ্ৰকাৰৰ আৱেগিক বোধ।
মহানগৰীৰ সৈতে নিবিড়ভাৱে বান্ধ খাই পৰাৰ আকুলতা কবি-বক্তাৰ আছিল যদিও সেয়া সম্ভৱপৰ
হৈ উঠা নাছিল। আধুনিকতাবাদৰ সম্পৃক্ত বিছিন্নতাবোধে নৈৰাজ্যৰ বাট কাটি দিয়ে---
তাৰ
সপোনৰ চৰাইটোৰ
তোমাৰ
বুকুত সেউজীয়াএখন
লতাৰ
সাঁকো সাজিব খুজিছিল
তুমি
লতাবোৰ কাটি পেলাইছিলা
যিদৰে
তুমি কাটি পেলোৱা
তোমাৰ
নখবোৰ
ভৰলুমুখৰ
ভাঁজটোত সি বৰ উগ্ৰ
হৈ
উঠে
তুমি
তাৰ সপোনৰ শ্মশানভূমি,
প্ৰেমৰ
চিতা
তুমি
তাৰ নৈৰাশ্যৰ দুই প্ৰান্তৰ।
ৰোমাণ্টিক আৰু আধুনিকৰ সহাৱস্থনে ‘‘গুৱাহাটী" ক আকৰ্ষণীয় প্ৰদান কৰিছে---
চিটিবাছট
ওলমি এতিয়াও তাৰ
আত্মাই
বিচাৰি আহে
তোমাৰ
অমাতৰ মাত
তাৰ
উশৃংখল চুলি আৰু দাড়িৰ
অস্থিৰতাৰে
তোমাৰ
এই প্ৰাচীন প্ৰেমিকজনক
তুমি
এতিয়া চিনি নাপাবা
গুৱাহাটী
চৰাই
এটাৰ স'তে দূৰৰ পাহাৰ
এটাত
সি থাকে।
‘‘গুৱাহাটী" মহানগৰখন কবিৰ
প্ৰেৰণাৰ উৎস। আৰু এই অনুপ্ৰেৰণাই কাৰ্যকৰী ৰূপ লাভ কৰিছে মানৱসত্তা আৰু কল্পনাত। কবিতাটোৰ
আকর্ষণীয়তাৰ আন এটি কাৰণ হল প্ৰকৃত আৰু কাল্পনিক স্থানৰ পাৰ্থক্য ৰেখাডাল মচ খাই
গৈছে। এই সাৰ্থক কবিতাটোৱে উৎকৰ্ষৰ আন এটা বিন্দু চুব পাতিলেহেঁতেন যদিহে
গুৱাহাটীৰ সৈতে সাহিত্যিক আৰু সাংস্কৃতিক ঐতিহ্যৰ সংযোগ সাধনেৰে ইয়াৰ ইয়াক
সংজ্ঞাবদ্ধ কৰিলেহেঁতেন।
‘‘কন্যাকাল" ত নাৰী
সংবেদনশীলতা চমৎকাৰ যদিও কবিতাটোৰ শেষৰ ফালৰ নাটকীয়তাই কাব্যগুন ম্লান কৰে---
আগলটি
পাতত বতাহ নুৰিয়াই
ময়েই
কলপুলি এটা হৈছিলো
তাইৰ
কন্যাকালত।
জোনৰ সৈতে যৌনতাৰ সাযুজ্য স্থাপন কৰি অগতানুগতিক
কবিতা ৰচনা কৰিছে নীলিম কুমাৰে। কবিতাৰ ঋতু পৰিৱৰ্তনৰ ক্ষেত্ৰত জোনৰ ভূমিকাৰ কথা
আমি জানোৱেই। জনবিশ্বাসৰ আধাৰত প্ৰেমানুভূতি কবিয়ে প্ৰকাশ কৰিছে অন্তস্পর্শীভাৱে-
আৰু
এজোপা গছ মই
উত্তেজিত
হোৱা দেখিছিলোঁ
জোনাক
ইমান
জোনাক আছিল আনকি
ভূকভূকণীবোৰো
জিলিকিছিল
আৰু
গোন্ধাইছিল।
সজীৱ কল্পনাৰে বতাহৰ এটি কাব্যিক ৰূপ কবিয়ে যেন
খোদিট কৰিছে (বতাহ)। কেতিয়াবা উমাল হৃদয়ৰ
স্পন্দন লোকভাষাৰে প্ৰকাশ কৰিছে। আধুনিকতাৰে
হাত-বাট নাই প্ৰেমানুভূতি ৰোমাণ্টিকতাৰে সিক্ত----
পুৰণি তৰাৰ সঁচবোৰ
বোকোচাত
লৈ
মই
এতিয়াও ঘুৰি ফুৰোঁ
জীৱনৰ
প্ৰস্তৰ ভূমিত গজি
উঠা
তুমি কোন বেদনাময়ী
নাৰীৰ
যৌৱন। (কতবাৰ তুলি ললোঁ তোমাক)
নীলিম কুমাৰৰ ক্ষেত্ৰত পৰ্বান্তৰৰো স্বাক্ষৰ
ৰহনকাৰী। বিকশিত পৰ্বৰ দুটি প্ৰসিদ্ধ কবিতা ‘নিমখ' আৰু 'নৰকাসুৰ' ৰ কথা এইখিনিতে ক’ব বিচাৰিছোঁ। মানুহৰ জীৱনৰ কাৰুণ্যৰ
প্ৰাত্যহিকতাৰ এটি অন্যতম উপাদান নিমখৰ জৰিয়তে হৃদয়স্পৰ্শীভাৱে কবিতাত ফুটাই
তুলিছে। কবিতাটোৰ আৰম্ভণিয়েই
পঢ়ুৱৈৰ হৃদয় আলোড়িত কৰিব পৰা বিধৰ----
নিমখ আন একো নহয় দুখ
এই যে পৃথিৱীৰ তিনিভাগ পানী
জগতৰেই চকুপানী
য'ৰ
পৰা হয় নিমখৰ জন্ম।
নিমখৰ ব্যৱহাৰযোগিতাৰ লগে লগে কবিয়ে বৰ্ণনা কৰি গৈছে দুখ আৰু নিমখৰ পাৰস্পৰিক বিনিময়তা। নীলিম কুমাৰৰ স্বভাৱসিক্ত কথকতালৈ নিমখৰ প্ৰসংগত মানুহেই অহা নাই, আহিছে জীৱ-জন্তু কবিতাটোৰ সমাপ্তিত দাৰ্শনিকতাৰে ঋদ্ধ। ইয়ে কবিতাটিৰ আৱেদন বঢ়াইছে। ন'হলে কাব্যিক সৌষ্ঠৱ কমি থাকিলহেঁতেন-----
মানুহ
শেষ হৈ গলেও
নিমখ
থাকিব
পৃথিৱী
শেষ হৈ গলেও
নিমখ
থাকিব
কাৰণ
তেতিয়া ঈশ্বৰে
চকুলো
টুকিব
আৰু
চকুলো মানেইটো নিমখ
নিমখ
থাকিব নিমখ থাকিব
ঈশ্বৰৰ
চকুলো হৈ। (নিমখ)
প্ৰসিদ্ধ মিথ্ এটি অভিনৱ ৰূপত সজাই তুলিছে নীলিম কুমাৰে। নৰকাসুৰ কামাখ্যাৰ আখ্যানটোত অভিনৱ কবি-কল্পনাৰে নৰকাসুৰক পঢ়ুৱৈৰ অন্তৰৰ ওচৰলৈ লৈ গৈছে ------
নৰকাসুৰে
ভাঙি
পেলাইছিল
প্ৰেমিক
নৰকাসুৰক
আৰু
হৈ উঠিছিল
অন্য
এটা নৰকাসুৰ। (নৰকাসুৰ)
অসমীয়া ভাষাৰ ন-ন সম্ভাৱনা মুকলিৰ বাবে নীলিম
কুমাৰে কৰা সাধনাৰ সিদ্ধিৰ সাক্ষ্য ‘‘এদিন তোমাৰ ঘৰলৈ যাম তোমাৰ য'ত জন্ম হৈছিল" সংকলনখনটো জিলিকি আছে। আমাৰ
দৈনন্দিন বাস্তৱতাৰ পৰিচিত শব্দৰাজিৰেই তেওঁৰ কবিতা গঢ় লৈ উঠে। অৱশ্যে ইয়াৰ
ব্যতিক্ৰমো নোহোৱা নহয়। সংকলনটিত কল্পনাক দৈনন্দিন কথ্য ভাষাৰ জৰিয়তে
মূৰ্ত কৰি তোলাত তেওঁৰ স্বকীয়তা উদ্ভাসিত হৈছে
এই কথ্যভাষা ৰেটাৰিকযুক্ত কিন্তু ‘‘এদিন তোমাৰ ঘৰলৈ যাম তোমাৰ
য'ত জন্ম হৈছিল" ৰ গোটাদিয়েক কবিতাত ভাষাৰ সংযমপূৰ্ণ
ব্যৱহাৰ মন কৰিবলগীয়া-----
এইজনী ৰাধা মৰি আছে
মই
তাইৰ চেঁচা নখবোৰত
নেইলপলিছ
লগাই দিছোঁ
টিকটিকিয়া
ৰঙা।
ৰোমাণ্টিক প্ৰেমৰ ‘‘বৰফৰ মাজৰ কুঁৱলি"
ইয়াত নাই ।"ৰাধা" নামবাচক পদটিত বহু তৰপীয়া দ্যোতনা সোমাই আছে। বৈষ্ণৱ
পদাৱলীৰ আধ্যাত্মিকতাৰ স্পৰ্শমণ্ডিত ৰাধা ধূলি।মাটিৰ বুকুলৈ নামি আহিছে। নাৰী
গৰাকীৰ মৃত্যুৰ অন্তৰালত ৰুক্ষ বাস্তৱতা ক্ৰিয়াশীল হৈ আছে যেন বোধ হয়। ‘মৰি আছে' বাক্যাংশই
তাৰ ইংগিত দিছে। নাৰীৰ সচৰাচৰ আৰোপ কৰা কমনিয়তা কৰবাত লংঘন কৰা হৈছে। মৃত্যুৰ পিছত
টিকটিকিয়া ৰঙা ৰং লগাই দিয়া কাৰ্যই স্থূলতাৰো দ্যোতনা দিছে। মৃত্যুৰ শাশ্বত ৰূপক
সৌম্য আৰু বিনম্ৰতাৰে ইয়াত চোৱা হোৱা নাই। সুন্দৰ আৰু অসুন্দৰৰ ,জন্ম আৰু মৃত্যুৰ দ্বন্দ্ব আৰকর্ষণীয়ভাৱে ৰূপায়িত হৈছে
-এইজনী ৰাধা কবিতাত। ‘‘এদিন
তোমাৰ ঘৰলৈ যাম তোমাৰ য'ত জন্ম
হৈছিল" ―শীৰ্ষক কবিতাটোৱেই সংকলনটোৰ আটাইতকৈ ভাল কবিতা।
কথোপকথনৰ ভাষাৰ সমানুপাতিকভাৱে আছে ৰোমান্টিক অনুষংযুক্ত ভাষা :
আৰু তুমি মোক হাতত ধৰি
লৈ ফুৰিছা
সেই প্ৰাচীন
বজাৰখনৰ
মাজেৰে পাৰ
হৈ গৈছোঁ আমি
য'ত কচু আৰু ঢেঁকীয়াবোৰে
কথা পাতিছে
কলাপাত এখনত
বিয়পি
যোৱা গাহৰিৰ
তেজত
সন্ধ্যাৰ চাকি
সেমেকিছে।
ৰ'দ (আমাৰ আকাশত চাৰিজনী জোন), বৰষুণ (আৰু আত্মগাথা)ৰ দৰে কবিতাৰ personification―এ পঢ়ুৱৈক আনন্দ দিছিল। ‘ৰ'দ’ কবিতাৰ কোনোতোহঁত স্তৱক কাব্যিক নহয় সৌষ্ঠৱপূৰ্ণ আছিল।
কিন্তু সামগ্ৰিকভাৱে এই দুটা কবিতাৰ আৱেদন তিমান প্ৰবল নহয়। নীলিম কুমাৰৰ কবিতাৰ
জনপ্ৰিয়তাই তেওঁৰ কেতবোৰ অসাধাৰণ উৎকৃষ্ট কবিতা। যেনে-
বিবাহ উৎসৱ, অন্ত:সত্বা, শিয়াল, চোৰ আদিৰ পৰা পঢ়ুৱৈৰ মনোযোৰ আঁতৰাই থয়। ইয়ে
অৱশ্যে সাধাৰণ অসমীয়া কবিতাৰ পঢ়ুৱৈৰ ৰুচিৰো ইংগিত নিদিয়াকৈ নাথাকে। শিল আৰু পানীৰ
ৰূপকেৰে নৰ-নাৰীৰ আৱহমান কালৰ পৰা সংঘটিত মিলনৰ দ্যোতনা দিছে-
এখন মৰি যোৱা ৰামধেনুৰ
তোৰণ, কুঁৱলীৰ আয়তাকাৰ
ৰভা........
এহেজাৰ বছৰীয়া
এটা নিদ্ৰাৰ
পাৰত এয়া মোৰ
বিবাহ উৎসৱ। ( বিবাহ-উৎসৱ)
‘শিয়াল’ কবিতাৰ কল্পনাৰ অভিনৱত্বই এনেবোৰ অনুষংগ
দাবী কৰিছে : সোৱাদৰ বলয়ৰ বাষ্প, ডেউকা
পিন্ধা শৰীৰ আদি ৰূপ-কল্পনাই কার্যকৰিতা লাভ কৰিছে। আৰু দৰাচলতে শৈশৱৰ পটভূমিতে
কবি-সত্তাৰ উন্মোচন ঘটিছে শিল্পমণ্ডিত ৰূপত। কথ্য ভাষাৰ মাজতে আছে সাহিত্যিক ভাষাৰ
অৱতাৰণা। অজিৎ বৰুৱাৰ ভাষা-ৰীতিৰ
প্ৰভাৱ থাকিলেও ‘‘চোৰ" কবিতাৰ অভিযাত সহৃদয়ৰ পঢ়ুৱৈৰ বাবে বিস্ময়কৰ-
ধূলিসাৎ
মোৰ অতীতৰ
এৰাবাৰী
এতিয়া কংক্ৰীট
শিল-ইটাৰ
গছ-গছনিয়ে
কাঁচৰ
পাতেৰে উশাহ লয়
এই
আইনাৰ অৰণ্যত হেৰাই
গ'ল কেনি হেৰাই গ'ল কেনি
সেই
ৰহস্যময় প্ৰাচীন প্ৰাণী
মোৰ
! বিচাৰো মই সি চুৰ
কৰক।
বিবাহ-উৎসৱ নীলিম কুমাৰৰ অন্যতম শ্ৰেষ্ঠ কবিতা।
আধুনিকতাবাদী অসমীয়া কবিতাৰ আপুৰুগীয়া সম্পদ। আমাৰ জীৱনক আলোড়িত কৰি তোলা আন এটা
কবিতা হ'ল ‘অন্তঃসত্বা’। এইটোও
আধুনিক অসমীয়া কবিতা বোৰৰ এটি উৎকৃষ্ট কবিতা। গৰ্ভৱতী এগৰাকী নাৰীৰ বিভিন্ন
শাৰীৰিক অভিব্যক্তি বিৰাটত্বৰ ধাৰণাৰে আৰু অনুভূতিক সূক্ষ্মতাৰে ৰূপায়িত হৈছে।
ভাষাৰ সূক্ষ্মতাই ইয়াক উৎকৃষ্ট শিল্পলৈ ৰূপান্তৰিত কৰিছে-
শুকুলা
মেঘৰ বিছনাত
তাই শোৱে চিৎ হৈ
গছ-গছনি পৰ্বত-পাহাৰ
ভাঙি-ছিঙি
জোনাক
ফালি-ছিৰি
এঙামুৰি
দিয়ে তাই
আৰু
আকাশখন
গুচায়
ভৰিৰে।
‘মই
আৰু ৰাধা’, ‘মেঘপ্ৰেম’ ৰ দৰে কবিতাইও ৰস পঢ়ুৱৈৰ
মনোযোগ আকৰ্ষণ কৰি থাকিব অনাগত দিনত। অসাধাৰণ কল্পনাপ্ৰবণতা যিয়ে নীলিম কুমাৰৰ
কবিতাক আধুনিকতাবাদী অসমীয়া কবিতাৰ বিশেষ সম্পদত পৰিণত কৰিছে শেহতীয়া কবিতালানিৰ
বেছিভাগতে তাৰ অভাৱ অনুভৱ হয়। অনুভূতিক সূক্ষ্মতাৰে লগত পূৰ্বৰ কবিতাৰ ভাষাগত
চাৰুতাও ম্লান পৰিছে-
দেখিছেনে
এটা
খালি ঘৰ
মোৰ
ভিতৰলৈ
সোমাই
গৈছে। (খালি ঘৰ)
সমাপ্তিৰ আকস্মিকতাইও আৱেদন সঞ্চাৰ নকৰে-
বহু
মানুহে মোক কয়
আপোনাক সেইদিনা
ট্ৰেফিক জামত
দেখিছিলো
হয়, কোনে
মোক ট্ৰেফিক
জামত
দেখিছিল। (ট্ৰেফিক জামত)
অসমীয়া ভাষাৰ অনন্য প্ৰতিভাধৰ এইগৰাকী কবিয়ে আধুনিকতাৰে হাট-বাট কৰিলেও তেওঁৰ আত্মজৈৱনিকতাক বহু আয়তনযুক্ত কৰিবৰ বাবে তেওঁৰ শেহতীয়া কবিতালানিত যত্নপৰ হোৱা নাই। সেয়েহে নীলিম কুমাৰৰ পঢ়ুৱৈৰ পৰিচিত বিষয়ীৰো পৰিৱৰ্তন চকুত নপৰে। নীলিম কুমাৰৰ বিষয়ীৰ সময় সম্পৰ্কে দৃষ্টিকোণৰ কৰ্ষণে তেওঁৰ শেহতীয়া কবিতালানিত পবন্তিৰ সূচনা কৰাৰ অৱকাশ আছিল-
এই উৎসৱৰ বাবে মোক
ক্ষমা কৰা
কিয়নো মই শেষ পুৰুষ
তাই শেষ নাৰী
শেষ শিল শেষ পানী
আৰু এয়ে পৃথিৱীৰ শেষ
বিবাহ-উৎসৱ ।৩
উক্ত কবিতাটোত অসমীয়া সমাজৰ এক উৎসৱ পৰম্পৰা বিবাহৰ কথা কৈছে। কবিতাটোত উল্লেখ কৰা পুৰুষ-নাৰী দুজনক শেষ পুৰুষ-নাৰী বুলি অভিহিত কৰিছে আৰু সেইখনেই পৃথিৱীৰ শেষৰখন বিবাহ-উৎসৱ বুলি কবিয়ে কৈছে। এক অস্বাভাৱিক মনোভাৱেৰে কবিয়ে কবিতাটো ৰচনা কৰিছে।
৩. এম কামালুদ্দিন আহমেদ, আধুনিক অসমীয়া কবিতা, পৃ. ২০৯-২১৮
সহায়ক গ্ৰন্থপঞ্জীঃ
· আহমেদ, কামলুদ্দিন. আধুনিক
অসমীয়া কবিতা. গুৱাহাটীঃবনলতা, তৃতীয় প্ৰকাশ, ২০২০
· উল্লাহ, ইমদাদ. কবিতাৰ
সবিশেষ. অসম সাহিত্য সভা, তৃতীয় প্ৰকাশ, ২০১৪
· কুমাৰ, নীলিম. নিৰ্বাচিত
কবিতা. গুৱাহাটীঃ বনলতা, প্ৰথম প্ৰকাশ, ২০১৫
· ডেকা, হৰেকৃষ্ণ.আধুনিক
কবিতা. গুৱাহাটীঃ পাণবজাৰ, প্ৰথম প্ৰকাশ, ২০১৩
· নেওগ, মহেশ্বৰ (সম্পা).অসমীয়া
সাহিত্যৰ ৰূপৰেখা. গুৱাহাটীঃপানবজাৰ. একাদশ প্ৰকাশ, ২০১০
· বৰগোহাঞি, হোমেন. এশ বছৰৰ
অসমীয়া কবিতা. অসম প্ৰকাশন পৰিষদ, পঞ্চম প্ৰকাশ, ২০১২
· বৰমুদৈ, আনন্দ. অসমীয়া
কবিতাৰ সমালোচনা. অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, ২০১২
· বৰমুদৈ, আনন্দ. সাহিত্য
সমালোচনা. গুৱাহাটী: অসম পাৱলিচিং কোম্পানী, প্ৰথম প্ৰকাশ, ২০১৩
· বৰমুদৈ, আনন্দ.নিৰ্বাচিত
অসমীয়া কবিতাৰ সমালোচনা. গুৱাহাটীঃ অসম পাৱলিচিং কোম্পানী, দ্বিতীয় প্ৰকাশ, ২০২১
· বৰমুদৈ, আনন্দ.আধুনিক
অসমীয়া সাহিত্যৰ ইতিহাস. ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, ২০২৩
· বৰা, মহেন্দ্ৰ. সাহিত্য
উপক্ৰমণিকা. বনলতাঃ ডিব্ৰুগড়. একাদশ প্ৰকাশ, ২০২৩
· শইকীয়া, বিপুলজ্যোতি.হীৰেন
ভট্টাচাৰ্যৰ ৰচনাৱলী. গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ, দ্বিতীয় প্ৰকাশ, ২০২৩
· শইকীয়া, ৰাজুমণি. হীৰেন
ভট্টাচাৰ্যৰ কবিতা. মৰিগাঁওঃসৃষ্টি প্ৰকাশ, প্ৰথম প্ৰকাশ, ২০১৩
· শৰ্মা, সত্যেন্দ্ৰনাথ.অসমীয়া
সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. দশম সংস্কৰণ, ২০১১
গৱেষণা গ্ৰন্থ
· হালৈ, হীৰামনি. হীৰেন
ভট্টাচাৰ্যৰ কবিতাত সমাজ বাস্তৱতা. গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা শাখাত পি এইচ
ডি. ডিগ্ৰীৰ বাবে অসমীয়া বিভাগৰ পৰা নিবেদিত গৱেষণা গ্ৰন্থ, ২০১৭ বৰ্ষ
বাংলা কবিতাপুথি
· সৰকাৰ, সুবুধ. দ্বৈপায়ন
হ্ৰদৰ পাৰত (সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত বাংলা কবিতাৰ সংকলন).অনু. এম.
কামলুদ্দিন আহমেদ. সাহিত্য অকাডেমি. প্ৰথম প্ৰকাশ, ২০১৪
ইংৰাজী কবিতাপুথি
· Dutta, Amaresh. Poetry
Religion and culture: The Indian perspective and sankardeva. published by,
purbanchal prakash.1st Edition, 2020
· Satchidanandan,
k. Akademi Award-winning malayalam poetry collection entitled marannu vecha
vasthukkal and other poems.published by, Sahitya Akademe.1st Edition, 2019
No comments:
Post a Comment