একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া নিৰ্বাচিত কবিসকলৰ পৰিচয়
শ্ৰীমতী প্ৰিয়ংকা বৰা,
প্ৰাক্তন ছাত্ৰী,
অসমীয়া বিভাগ
মাজুলী সাংস্কৃতিক বিশ্ববিদ্য়ালয়
borahp882@gmail.com
(২)
একবিংশ শতিকাৰ দ্বিতীয় দশকৰ আৰম্ভণি হয় ২০১০ চনৰ
পৰা। যদিও মহেন্দ্ৰ বৰা, হৰি বৰকটকী, হোমেন
বৰগোহাঞি, নীলমণি ফুকন, মহিম
বৰা, ৰাম গগৈ, কেশৱ
মহন্ত, ভৱেন বৰুৱা, নিৰ্মলপ্ৰভা
বৰদলৈ, হৰেকৃষ্ণ ভট্টাচাৰ্য, হৰেকৃষ্ণ ডেকা আদি কবিসকলে একবিংশ শতিকাৰ বহু আগৰ পৰা কবিতা
ৰচনা কৰি আহিছে। তথাপিও একবিংশ শতিকাৰ দ্বিতীয় দশকতো
এওঁলোকৰ অৱদান কম-বেছি পৰিমাণে অৱদান পোৱা যায়।
একবিংশ শতিকাত বিশেষকৈ কবিতা ৰচনাৰে অসমীয়া
সাহিত্যৰ ভঁড়াল চহকী কৰা কবিসকল হৈছে― হীৰেন ভট্টাচাৰ্য, সমীৰ তাঁতী, সনন্ত তাঁতী, জীৱন নৰহ, গংগামোহন মিলি, বিমান কুমাৰ
দলে, অনুভৱ তুলসী, বিপুলজ্যোতি
শইকীয়া, ৰফিকুল হুচেইন, কৰবী ডেকা হাজৰিকা, অনুপমা
বসুমতাৰী, লুটফা হানুম চেলিমা বেগম, সৌৰভ শইকীয়া, নীলিম কুমাৰ, প্ৰণৱকুমাৰ বৰ্মন আদি।
এই কবিসকলৰ প্ৰত্যেকৰে যি সময়ত যি পৰিস্হিতিত কবিতা ৰচনা কৰিছিল। তেওঁলোকৰ কবিতাত সেই সময়ৰ ঘটনাৰাজি, পৰিৱেশ-পৰিস্থিতিক বিষয়বস্তু হিচাপে সামৰি লোৱা হৈছিল। কবিসকলৰ কবিতাত সময়ৰ লগে লগে নতুন ভাৱ-শৈলীৰ প্ৰয়োগ কৰিছে। কবিতাসমূহত প্ৰকৃতিৰ চিত্ৰ, সমাজৰ বিভিন্ন দিশ, ৰোমাণ্টিকতাবাদ, স্বদেশপ্রেম, আধুনিকতাবাদ আদি বিভিন্ন বৈশিষ্ট্যৰ সমাহাৰ প্ৰত্যেকজন কবিৰ কবিতাৰ ৰচনাশৈলী বেলেগ বেলেগ। কোনোজনৰ লিখনশৈলী যদি বুজিবলৈ আওঁল লগা হয় কোনোবাজনৰ আকৌ সহজ-সৰল ধৰণৰ হয়। ২০১০ চনৰ পৰা ২০১৯ চনলৈকে এই সময়ছোৱাত কাব্যচৰ্চা কৰা সাহিত্যিক সকলে অসমীয়া সাহিত্যলৈ বহুতো অৱদান আগবঢ়ালে। তেওঁলোকৰ নতুন নতুন চিন্তা-চেতনাৰে ৰচনা কৰা কবিতাসমূহে এই দশকটোক সমৃদ্ধিশালী কৰি তুলিছে।
হীৰেন ভট্টাচাৰ্য
‘‘অসমীয়া আধুনিকতাবাদী কবিতাই ৰামধেনুৰ পাতত হোৱা
পৰীক্ষা-নিৰীক্ষাৰ মাজেদি নতুন দিগন্ত বিচাৰি লৈছিল। আধুনিকতাবাদী
কবিতাৰ এজন প্ৰধান কবি হ'লেও হীৰেন
ভট্টাচাৰ্যক কিন্ত ৰামধেনুৰ কবি বুলিব নোৱাৰি। তেওঁৰ কবিতাৰ পৰিপক্কতা আমি দেখিবলৈ
পাওঁ ইয়াৰ পিছৰ সময়ছোৱাতহে। সেয়ে হয়তো
আন আন আধুনিক কবিৰ কবিতাত সংবেদনশীলতা আৰু বৌদ্ধিক দৃষ্টিকোণ
এটা স্পষ্ট ভাৱেপ্ৰকাশ পালেও হীৰেন ভট্টাচাৰ্যৰ কবিতাই কাব্যিক সংবেদনা গীতৰ
স্পন্দনেৰে স্পন্দিত কৰাবলৈ প্ৰয়াস কৰিছিল আৰু সেয়ে তেওঁৰ কবিতা আনসকল আধুনিক কবিৰ
কবিতাতকৈ বেলেগ ধৰণৰ হৈছিল। সাধাৰণ পাঠকে যি সময়ত আধুনিক কবিতাৰ মৰ্ম উপলব্ধি কৰিব
নোৱাৰি বিমোৰ হৈ পৰিছিল, সেই সময়ত
হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ শব্দ ধ্বনিৰ চুম্বকীয় আকৰ্ষণে সেইসকল পাঠককো তীব্ৰ
আকৰ্ষণ কৰিবলৈ লৈছিল। আচলতে তেখেতৰ কবিতাৰ প্ৰকৃত মৰ্ম বুজাটো সিমান সহজ নহয়।হয়তো
আধুনিক কবিতাৰ প্ৰতি বিমুখ পঢ়ুৱৈক উভতাই আনিবলৈকে এইজনা কবিয়ে তেনেকুৱা কাব্য-কৌশল
আবিষ্কাৰ কৰিছিল। গীতৰ সৌন্দৰ্যৰ ফালৰ পৰা তেওঁৰ কবিতাবিলাক এক শ্ৰেণীৰ উৰ্দু
কবিতাৰ দৰেই দৰদী কবিতা।''১ (‘আধুনিক কবিতা'-হৰেকৃষ্ণ
ডেকা)
এইজনা অসমীয়া সাহিত্যৰ অন্যতম জনপ্ৰিয় কবিৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৮ জুলাই তাৰিখে যোৰহাটত। তেখেতৰ পিতৃৰ নাম স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃৰ নাম স্বৰ্গীয় স্নেহলতা ভট্টাচাৰ্য। তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে ডিব্ৰুগড় গ্ৰাহাম বজাৰ স্কুলৰ পৰা। দেউতাকৰ বদলিৰ চাকৰিৰ সূত্ৰে তেজপুৰ, মঙলদৈ, গোলাঘাট আদি অসমৰ বিভিন্ন ঠাইত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ অন্তত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। গুৱাহাটীৰ বি.বৰুৱা কলেজত স্নাতক মহলালৈকে অসমাপ্ত পঢ়া-শুনা। ১৯৫৪ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত ‘প্ৰবাহ' নামৰ আলোচনীখনত প্ৰথম কবিতাটো প্ৰকাশ হয় নাম আছিল (নিমন্ত্ৰণ)। ১৯৫৬ চনত সাহিত্য, চলচ্চিত্ৰ, নাটক আদিৰ আলোচনাৰে ‘চিত্ৰবন' নামৰ এখন আলোচনী সম্পাদনা আৰু প্ৰকাশ কৰে। ১৯৬০ চনত গীতিকাৰ জয়ন্ত বৰুৱাৰ সৈতে যুটীয়াভাৱে ‘ৰূপালী নদীৰ সোণালী সাঁকো' নামৰ গানৰ পুথিখন প্ৰকাশ কৰে। এইখননেই ভট্টাচাৰ্যৰ প্ৰথম প্ৰকাশিত পুথি। ১৯৬৮ চনত প্ৰথম কবিতা সংকলন ‘ৰৌদ্ৰকামনা' প্ৰকাশ কৰে। ১৯৬৯ চনত ‘আন্তৰিক' নামৰ এখন আলোচনীৰ সম্পাদনা কৰে। আৰু একেটা বছৰতে ‘তোমাৰ বাঁহী' নামৰ গানৰ সংকলন প্ৰকাশ কৰে। ১৯৭২ চনত ‘মোৰ দেশঃ মোৰ প্ৰেমৰ কবিতা' নামেৰে দ্বিতীয়খন কবিতা সংকলন প্ৰকাশ কৰে। ১৯৬০-৭০ চনৰ ভিতৰত ৰচিত এই কবিতাৰ সংকলনটিৰ ভূমিকা লিখিছিল প্ৰসিদ্ধি চিন্তাবিদ-সমকলোচক ডঃ হীৰেণ গোহাঁয়ে। ১৯৭৩ চনত শিৱসাগৰৰ পাৰুল দেৱীৰ সৈতে তেখেত বিবাহ-পাশত আবদ্ধ হয়। ১৯৭৪ চনত ‘বিভিন্ন দিনৰ কবিতা' ৰ বাবে অসম সাহিত্য সভাৰ দ্বাৰা প্ৰদত্ত ‘ৰঘুনাথ চৌধুৰী বঁটা' লাভ কৰে। ১৯৭৭ চনত ‘কবিতাৰ ৰ'দ নামৰ কবিতা সংকলনটিৰ' প্ৰকাশ। ১৯৮১ চনত ‘সুগন্ধি পখিলা' নামৰ নিৰ্বাচিত কবিতা সংকলনখনৰ প্ৰকাশ কৰে। এইখনৰ জনপ্ৰিয়তাই তেওঁক গোটেই অসমতে প্ৰসিদ্ধ কৰি তুলিলে আৰু বহুতে তেওঁক সুগন্ধি পখিলাৰ কবি উপাধিৰে সন্মান আৰু আদৰ জনাবলৈ আৰম্ভ কৰে। ১৯৮৫ চনত ‘সুগন্ধি পখিলা' ৰ বাবে অসম সাহিত্য সভাৰ 'বিষ্ণুপ্ৰসাদ ৰাভা' বঁটা আৰু ভাৰতীয় বিদ্যা ভৱনৰপৰা ‘ৰাজাজি বঁটা' লাভ কৰে। প্ৰদীপ আচাৰ্যই কৰা ইংৰাজী অনুবাদৰ পুথি ‘Ancient gongs' ৰ প্ৰকাশ। এই পুথিখনে ভট্টাচাৰ্যক সৰ্বভাৰতীয় আৰু আন্তৰ্জাতিক পঢ়ুৱৈ সমাজৰ সৈতে চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ‘জোনাকী মনঃ অনুষংগ' নামৰ কবিতা সংকলনটিৰ প্ৰকাশ কৰে। ১৯৮৭ চনত সুগন্ধি পিখিলাৰ বাবে সন্মানজনক ‘ছোভিয়েট দেশ নেহেৰু বঁটা' লাভ কৰে। ১৯৮৮চনত অসমৰ সাম্যবাদী আন্দোলনৰ গুৰিধৰোঁতা দধি মহন্তৰ সোঁৱৰণত প্ৰকাশিত ‘প্ৰসংগ:দধি মহন্ত' নামৰ পুথিখনৰ সম্পাদনা কৰে। ১৯৯১ চনত ‘শস্যৰ পথাৰ মানুহ' কবিতা সংকলনখন প্ৰকাশ কৰে। এই কাব্যগ্ৰন্থৰ বাবে তেওঁ ১৯৯২ চনত ‘সাহিত্য অকাডেমি' বঁটা লাভ কৰে। আৰু ১৯৯৩ চনত ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰে। ১৯৯৫ চনত ‘ভালপোৱাৰ বোকা-মাটি' নামৰ কবিতা সংকলনটিৰ প্ৰকাশ কৰে আৰু ‘মোৰ প্ৰিয় বৰ্ণমালা' নামেৰে নিৰ্বাচিত কবিতাৰ সংকলনটি প্ৰকাশ কৰে। ২০০০ চনত ‘ভালপোৱাৰ দিকচৌ বাটেৰে' নামৰ একুৰী চাৰিটা কবিতাৰ সংকলনটিৰ প্ৰকাশ কৰে। ২০০১ চনত মেগৰ শৈক্ষিক ন্যাসে প্ৰদান কৰা ‘অসম উপত্যকা সাহিত্য বঁটা' লাভ কৰে। ২০০২ চনত নতুন দিল্লীৰ সাহিত্য অকাডেমি তৰফৰ পৰা ‘শস্যেৰ মাঠ মানুষও অন্যান্য কবিতা' নামৰ নিজেই কৰা বাংলা অনুবাদৰ পুথিখনৰ প্ৰকাশ। ২০০৩ চনত ‘হীৰেন ভট্টাচাৰ্যৰ বাছকবৰণীয়া কবিতা' নামেৰে নিৰ্বাচিত কবিতা সংকলনটিৰ প্ৰকাশ কৰে।"২
‘‘২০১০ চনত ৰচনা কৰা এটা লোককবিতাৰ পাতনিত কোৱা
হৈছে ‘শস্য মানুহৰ হাতে গঢ়া প্ৰকৃতি, ৰ'দ-বতাহেৰে
ভৰপূৰ.......।' দেখা যায় যে হীৰেন ভট্টাচাৰ্যৰ
শেহতীয়া কবিতাত মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কক বিভিন্ন ধৰণেৰে বিন্যাস কৰা হৈছে।
এই কবিতসমূহত প্ৰকৃতিৰ উদযাপন আছে যদিও একধৰণৰ দাৰ্শনিক দৃষ্টিভংগীয়ে পাঠকৰ
মনোযোগ আকৰ্ষণ কৰে। কবিগৰাকীৰ বাবে প্ৰকৃতি মানে বিশ্বব্ৰহ্মাণ্ড। তেওঁৰ
কবিতাত আকাশ, জোন, তৰা, বেলি বিভিন্ন অৰ্থ-তাৎপৰ্য সোমাই আছে। তেওঁৰ বিশাল প্ৰকৃতিৰ
মাজত মানুহৰ সৃষ্টিও সোমাই আছে। মানুহে শস্য উৎপাদন কৰে আৰু এই উৎপাদিত শস্যও
প্ৰকৃতি। এই প্ৰকৃতি মানুহে গঢ়া।
কবিয়ে আক্ষৰিক অৰ্থত খেতি, শস্য আৰু পথাৰৰ কথাকে কোৱা যেন লাগিলেও বিভিন্ন প্ৰসংগত
সিবিলাকৰ ইংগিত ব্যঞ্জনাই সকলো ধৰণৰ সৃষ্টিশীল কাম আৰু ক'লাক
সামৰি লয়। ২০১০ চনত লিখা ‘মোৰ বুকুৰ
তলৰ শিপাডাল’ কবিতাটো এই ধৰণৰ ইংগিতেৰে ব্যঞ্জনাময়। কবিতাটোৰ
আৰম্ভণি দুশৰীয়া স্তৱক এইটো-
মোৰ বুকুৰ তলতে শিপাডাল আছে
তোৰ চকুৰ এচলু পানীৰে তিয়াই দে
চকুৰ পানী বৰ সাৰুৱা। ৩
ওপৰৰ আলোচনাত হীৰেন ভট্টাচাৰ্যই ওৰেটো জীৱন সমাজৰ বাবে কৰ্ম কৰি পাৰ কৰে। তেওঁ নিজৰ পৰিশ্ৰমৰ বলত অসমীয়া সাহিত্য জগতত খ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ ৰচনাৰাজি সমূৰ অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ।
সমীৰ তাঁতী
অসমীয়া কাব্যজগতৰ এতিয়া পৈণত ডেকাচাম কবিৰ ভিতৰত ৰাজনৈতিক তথা সামাজিক সচেতনতাৰ দিশৰ পৰা চালে সমীৰ তাঁতীৰ স্থান সৰ্বাগ্ৰত। জয়ন্তী যুগৰ পৰা এই ধাৰাৰ কবিতাই ধীৰেন দত্ত, অমূল্য বৰুৱা, ভবানন্দ দত্ত, হেম বৰুৱা, নলিনীধৰ ভট্টাচাৰ্য, হীৰেন ভট্টাচাৰ্য, ৰবীন্দ্ৰ সৰকান্দ্র সৰকাৰ প্ৰমুখ্যে সাৰ্থক কবিসকলৰ অৱদানেৰে সমৃদ্ধ হৈ যি বিৱৰ্তনৰ গীতিপথেদি আগুৱাই আহিছে। সমীৰ তাঁতীক সেই পথৰে এজন লেখত লবলগীয়া পথিক বুলি গণ্য কৰিব লাগিব। তেওঁৰ কাপত এই ধাৰাৰ কবিতাই শ্ৰীবৃদ্ধি লাভ কৰিছে। শোষণমুক্ত আৰু সেই অৰ্থত ৰূপান্তৰিত এখন সমাজ গঢ়ি উঠা দেখিবলৈ পোৱা যায়।"৪
সমীৰ তাঁতীৰ জন্ম হয় ১৯৫৬ চনত। সাম্প্ৰতিক অসমীয়া কবিতাৰ এক গুৰুত্বপূৰ্ণ কণ্ঠস্বৰ কবি-সমকলোচক হৰেকৃষ্ণ ডেকাৰ ভাষাত ভাৰতৰ স্বাধীনতাৰ পিছত বা সেই সময়ত জন্ম গ্ৰহণ কৰা আৰু সত্তৰৰ দশকৰ পৰা অসমীয়া কবিতাত ভুমুকি মাৰে তৰুণ প্ৰজন্মৰ তিতৰত সমীৰ তাঁতী আটাইতকৈ গুৰুত্বপূৰ্ণ কবিকেইজনৰ এজন। তাঁতীৰ ভালেমান কবিতা সংকলন প্ৰকাশ পাইছে। সেইবোৰ হ'ল― যুদ্ধভূমিৰ কবিতা(১৯৮৫), শোকাকূল উপত্যকা (১৯৯০), অত্যাচাৰৰ টোকাবহি (১৯৯৩), সেউজীয়া উৎসৱ(১৯৯৪), বিষয় দূৰ্ভিক্ষ (১৯৯৪), এই আন্ধাৰ এই পোহৰৰ তন্ময়তা (১৯৯৮), কদম ফুলাৰ ৰাতি (২০০১), বিষাদ সংগীত (২০০৪), তেজ আন্ধাৰৰ লাও (২০০৬), কালি নৰকৰ পৰা(২০০৮), আনন্দ আৰু বেদনাৰ বৈভৱ (২০১২), কায়াকল্পৰ বেলা (২০১৩) আৰু যাওঁগৈ ব'লা (২০১৩)।
ৰাজনীতিৰ প্ৰসংগৰে সমীৰ তাঁতীয়ে আৰম্ভ কৰিছিল তেওঁৰ কাব্য চৰ্চা। অসমৰ সত্তৰৰ শেষৰ আৰু আশী দশকৰ আৰম্ভণি পৰ্বৰ আশান্তিজর্জৰ আত্মঘাতী পৰিবেশ ছন্দায়িত হৈ প্ৰাণ পাই উঠিছিল তেওঁৰ কবিতাত। নিদিষ্ট ভূখণ্ডত সংঘটিত ঘটনাৰ প্ৰতি সংবেদন প্ৰকাশ পালেও কবিতালানিৰ আছে বৃহত্তৰ কেনভাছ।"৫
‘‘জীৱনক ভালপোৱা কবিজনে জীৱনৰ যন্ত্ৰণা আৰু দৰিদ্ৰ শ্ৰেণীত জীয়াই থকাৰ সমস্যা মৰ্মে মৰ্মে উপলব্ধি কৰে। ৰাজনীতিৰ মেৰপেছে মলিয়ন কৰা সমাজৰ পটভূমিত শ্ৰেণী-বিভাজন এটা অসুন্দৰ সত্য। এই সত্য নিষ্ঠুৰৰ মাজতো আচৰিতভাৱে অম্লান হৈ থাকে নিষ্পেষিত শ্ৰেণীৰ মনৰ শক্তি। এনে শক্তি আবিষ্কাৰ কৰি সাধাৰণ মানুহৰ মাজত অসাধৰণ সৌন্দৰ্য বিচাৰি পোৱা কবিয়ে কয়―
উৎসৰ্গিত ওৰেটো জীৱন কেৱল
তেওঁ শিল্পী
তেওঁৰ নিজস্ব কোনো জাতি নাই,
নিজস্ব কোনো দেশ
তেওঁৰ এই
এটাই মাথোঁ ভাষা
যি ভাষাত কথা
কয়
কোনো
শস্যক্ষেত্ৰ,কিংবা মেঘ। (খেতিয়ক)
মেহনতী জনতাক তেওঁ সকীয়াই দিয়ে নিজৰ অধিকাৰৰ কথা। সমস্ত পৃথিৱীৰ দিন-ৰাতি, ৰ'দ-বৰষুণ, ফুল আৰু চৰাই,সাহস আৰু প্ৰতাপ সকলোবোৰ তেওঁলোকৰ বাবেই। এই জনতাক জগাবৰ বাবে তেওঁ কলম তোলে। তেওঁৰ ‘সিৰাই সিৰাই তুফানৰ দৰে গজি উঠা নিৰ্ভীক চাহ-বাগিচাৰ' সেউজীয়াবোৰে কবিৰ কবিতাত এক অক্ষয় আহ্বানৰ সুৰ দান কৰিছে।"৬
·
নীলিম কুমাৰ
সাম্প্ৰতিক অসমীয়া কবিতাৰ এটি জনপ্ৰিয় নাম নীলিম
কুমাৰ। তেখেতৰ জন্ম হৈছিল ১৯৬১ চনত। নীলিম কুমাৰৰ কবিতা গ্ৰন্থৰ প্ৰতিখনৰে নিজস্ব
বৈশিষ্ট্য আছে। আশীৰ দশকৰ কবিতাৰ জগতত প্ৰৱেশ কৰা কবিজনে নব্বৈ দশকৰ পৰা
প্ৰতিষ্ঠিত হয় আৰু সমাদৰ আৰু বিতৰ্ক দুয়োটাৰে কেন্দ্ৰ হৈ পৰে। নীলিম কুমাৰৰ কবিতাৰ
পুথিসমূহ হ'ল ― অচিনাৰ অসুখ (১৯৮৫),
বাৰী কোঁৱৰ (১৯৮৮), পানীত ঢৌ ঢৌবোৰ মাছ (১৯৯৬), স্বপ্নৰ ৰেলগাড়ী (১৯৯২),
শেলুৱৈ গধূলি (১৯৯৩), টোপনিৰ বাগিচা (১৯৯৬), ধুনীয়া তিৰোতাবোৰ (২০০০),
কাইলৈৰ পৰা আপোনাক ভাল পাম (২০০১)
নীলিম কুমাৰৰ প্ৰেমৰ কবিতা (২০০১), মই তোমালোকৰ কবি (২০০১) আৰু নীলিম কুমাৰৰ
কবিতা সমগ্ৰ।
নীলিম কুমাৰৰ কবিতাৰ ঘাই আকৰ্ষণ তেওঁৰ বিষয়বস্তু নিৰ্বাচন। আধুনিক কবিতাত সাধাৰণতে স্পষ্ট বিষয়বস্তুৰ অৱতাৰণা নহয় যিদৰে হৈছিল ৰোমাণ্টিক কবিতাত। আধুনিক কালৰ কবিয়ে বিক্ষিপ্ত, বিচিত্ৰ অথবা একান্ত বিমূৰ্ত অনুভৱক কবিতাৰ ৰূপ দিওঁতে একোটা গোট বিধ্বস্তৰ (ৰোমাণ্টিক কবিৰ নিয়ৰ, গোলাপ, দহিকতৰা, পুৱা, মনোৰমা আদিৰ দৰে) সাধাৰণতে দাঙি নধৰে। নীলিম কুমাৰ এইক্ষেত্ৰত ব্যতিক্ৰম। তেওঁৰ চোৰ, নিমখ, ধান, আইনা, বাৰাণ্ডা আদি কবিতাৰ বিষয়বস্তু অগতানুগতিক। তেওঁৰ ভাৱ আৰু ভাষাৰ পাৰস্পৰিক সম্পৰ্কও বিচিত্র। শব্দবোৰ অচঞ্চল, সংযত ভংগীযুক্ত আৰু কাব্যিকতাহীন। শব্দৰ শীতল আৰু নিৰ্বিকাৰ সমাবেশৰ মাজত কবিতাৰ শৰীৰে গঢ় লয়। কবিতাৰ শৰীৰৰ মাজত যি মনৰ সন্ধান পোৱা যায় সি অৱশ্যে সকলো সময়তে সৰল নহয়। অনুভৱৰ সীমা পাৰ হৈ যুক্তি আৰু বুদ্ধিৰেও কিছু কবিতা বুজিব লগা হয়। তথাপিও অনুভূতিক স্পৰ্শ কৰি থকাৰ বাবেই নীলিম কুমাৰৰ কবিতা যথেষ্ট জনপ্ৰিয়।"৭
No comments:
Post a Comment