চামগুৰি সত্ৰৰ
মুখাশিল্পৰ প্ৰস্তুত-প্ৰণালী
শ্ৰীমতী কৰিশ্মা দাস,
প্ৰাক্তন ছাত্ৰী,
অসমীয়া বিভাগ
মাজুলী সাংস্কৃতিক বিশ্ববিদ্য়ালয়
karishmadas2002@gmail.com
ভাৰতবর্ষ বিভিন্ন ঠাইৰ মুখাতকৈ অসমৰ চামগুৰি সত্ৰৰ মুখাৰ
নিজা বৈশিষ্ট্য় আছে। এইধৰণৰ মুখা প্ৰস্তুত কৰোঁতে থলুৱা সামগ্রী সহজতে পোৱা
সামগ্রী,
প্ৰাকৃতিক
সামগ্রী ব্যৱহাৰ কৰা হয়। সেই সামগ্রীসমূহ হ’ল-
· বাঁহ
· বেত
· কাপোৰ
· কাগজ
· কুঁহিলা
· গোৱৰ
· কুমাৰ মাটি
বর্তমান সময়ত বহুতো আধুনিক মাধ্যম ব্যৱহাৰ কৰা পৰিলক্ষিত
হয়। অসমৰ মানুহ প্রধানকৈ কৃষিজীৱী হোৱা দেখা যায়। অসমৰ প্রধান খেতি হ’ল ধান যেতিয়া
ধান সিঁচাৰ আগত কঠিয়াসমূহ/কাঠিয়াবোৰ থ’বৰ বাবে কুমলীয়া বাঁহেৰে এটা বিশেষ আকৃতি
দি এটা সাজোনৰ গঢ় দিয়া হয়। এই সাজোনটোক ‘টোম’ বুলি কোৱা হয়। মুখা প্রস্তুত
কৰোঁতে প্রধান আৰু প্রথম আকৃতি এই ‘টোম’ৰ পৰা লক্ষ কৰি লোৱা হৈছে। ইয়াক এটা
নামেৰে নামাকৰণ কৰা হৈছে ‘লক্ষমী সুত্র’। কাৰণটো হৈছে অসমত ধানক লক্ষিমী
বুলি কোৱা
হয়। ইয়াৰে ‘টোম’ কঠিয়া অর্থাৎ বীজ
ৰখা হয় য’ৰ পৰা আকৌ নতুন লক্ষিমী অর্থাৎ ধান উৎপাদন হ’ব। মুখা সাজিবলৈ ব্যৱহাৰ কৰা
বাঁহৰ কঠিৰ এটা নিদিষ্ট দুৰত্বত কঠি বোৰ ইফাল সিফাল কৰি টান হ’বলৈ কৰি লোৱা এটা
নিদিষ্ট সাঁজোন যাক ‘মোৰ’ বুলি কোৱা হয়। এই ‘মোৰ’ টোক ইয়াত
লক্ষিমী সুত্র বুলি কোৱা হৈছে। এই ‘মোৰ’ৰ কোনো নাম নাছিল। কিছুলোকে ‘মোৰ’ ক
বিশ্বকর্মা মোৰ বুলি কয়।
·
বাঁহ
অসমত সহজাত পোৱা প্রাকৃতিক বনজ
সম্পদ হৈছে বাঁহ। অসমৰ জনজীৱনৰ লগত বাঁহে এক শক্তিশালী ৰূপত
এক প্রাচীৰ হৈ পৰে। অসমত বিভিন্নধৰণৰ বাঁহ পোৱা যায় তাৰে ভিতৰত জাতি বাঁহ, বিজুলী বাঁহ, ভলুকা বাঁহ, মকাল বাঁহ ইত্যাদি। মুখা
সাজিবৰ বাবে উপযোগী বাঁহটো হেছে জাতি বাঁহ। এনেধৰণৰ বাঁহ সাধাৰণতে মধ্যম
আকাৰৰ, সোজা আৰু চকচকিয়া গা থকা
বাঁহ। জাতি বাঁহৰ গঠন, স্থায়িত্ব আৰু নমনীয়তাৰ বাবে ই
অসমবাসীৰ দৈনন্দিন জীৱনত এক অপৰিহার্য অংশ হিচাপে বিবেচিত। ইয়াক আকাৰ-৩০-৪০ ফুট
পর্যন্ত হয় আৰু ইয়াৰ ব্যাস ৪৬ ইঞ্চিৰ ভিতৰত হ'য়। ই সাধাৰণতে সেউজীয়া খেল থকা
হালধীয়া ৰঙৰ হয়।
এজন মানুহৰ মুখখনৰ জোখাৰে বাঁহৰ
টুকুৰাবোৰ জোখ কৰি লোৱা হয়। তাৰ পিছত বাঁহৰ টুকুৰাবোৰ ফালি সেউজীয়া অংশ আৰু বাঁহৰ
বুকু অংশ এৰুৱাই লোৱা হয়। পিছৰ পৰ্যায়ত বাঁহৰ টুকুৰাবোৰ
সৰু সৰু
পাতল কাঠিৰ আকাৰত পৰিণত কৰি লোৱা হয়। এইদৰে কাঠিবোৰ লৈ ‘মোৰ’ লোৱা ক্ষেত্ৰত
‘লক্ষিমী সূত্ৰ’ প্ৰয়োগ কৰা হয়। শিল্পীয়ে দুই হাতে দুটা কাঠি মাজত ধৰি বাওঁফালে
থকা কাঠিটো তলত আৰু সোঁ-ফালৰ কাঠিটো ওপৰত লৈ এটা পুৰণ চিনৰ নিচিনাকৈ মুখাখন
প্ৰস্তুত কৰিবলৈ ‘মোৰ’ প্ৰস্তুত কৰে। এই সৰু সাজোন টোক মুখ্য কৰিয়েই কেওফালে কাঠি
লপাই লগাই ছয়টা কাঠিৰে ছয়বাহৰ এটা ছিদ্রৰ অর্থাৎ এটা ষড়ভূজৰ জ্যামিতিক আকাৰৰ
সৃষ্টি হ’ব। পিছৰ পৰ্যায়ত এই জ্যামিতিক আকাৰক কেন্দ্র কৰি কাঠিবোৰ তুলি লোৱাৰ
পিছত ওঠৰটা কাঠিৰ গাঁথনিত উল্লেখিত ষড়ভূজাকৃতিত বত্ৰিচটা ছিদ্র হ’লেই মনকৰিবলগীয়া
কথাটো হৈছে কাঠি ভঙা। কাঠিবোৰ ভাঙিলেই মুখ-মুখাৰ আকৃতি লয় সাজোনটোৱে।
এজন মানুহে পিন্ধিব পৰাকৈ এই সাজোনবোৰক মুখাৰ জোখ বুলি
ক’ব পাৰি। কাঠি ভঙা কাৰ্যটো হৈছে কিছুমান কাঠি বাঢ়ি থাকে সেয়ে বাওঁফালৰ কাঠি এটা
আানি হাতেৰে অলপ হেঁচা প্রয়োগ কৰি বাকী কাঠিবোৰ ওপৰ কৰি লোৱা প্রক্রিয়া। এনেদৰে
কাৰোঁতে যদি কাঠি জোৰা লগাই লোৱা হয়। ইয়াৰ পিছত সাজোটোত নির্দিষ্ট এটা জোখত
চকু, নাক, মুখ য’ত থাকিব লাগে
সেই ঠাইত হেঁচা প্রয়োগ কৰি চিন দি লোৱা হয় বাঁহৰ প্ৰাৰম্ভিক কামবোৰ প্রায়
এনেকুৱাই হোৱা পৰিলক্ষিত হয়। এই বাঁহৰ খাঙটোলৈ ভালদৰে লক্ষ কৰিলে মুখাটোৰ আকৃতি
স্বৰূপ অনুমান কৰিব পাৰি।
· বেত
অসমৰ বেতৰ ব্যৱহাৰ প্রচলিত বহু
শতাব্দীৰ পৰা। বেত মূলত বনাঞ্চলত পোৱা একপ্ৰকাৰৰ উদ্ভিদ যাৰ
পৰা বহুধৰণৰ সামগ্ৰী বনোৱা হয়। অসমত বিশেষকৈ ‘‘কেলা মাছ" প্রজাতিৰ বেত
দেখিবলৈ পোৱা যায়। অসমত বেত শিল্পে বহু মানুহক জীয়াই থকাৰ সৰহ উৎস দাঙি ধৰিছে।
গ্ৰাম্য় অঞ্চলত বহু সংখ্যক লোক এই শিল্পৰ সৈতে জড়িত। চামগুৰি সত্ৰৰ মুখা শিল্পৰ
লগত বেতৰ ওতপ্রোতভাবে জড়িত। সৰু-বৰ বিভিন্নধৰণৰ মুখাবোৰ সাজোঁতে কাঠিৰ খাঙটো
অর্থাৎ সাজোনটো স্থিৰ কৰি ৰাখিবৰ বাবে আৰু শক্তিশালী ৰূপত আকৃতি ল’বলৈ বেতৰ
ব্য়ৱহাৰ কৰা হয়। অর্থাৎ বাঁহৰ কাঠিসমূহ এক নিদিষ্ট স্থানত বন্ধাৰ বাবে বেতৰ প্রয়োগ
পৰিলক্ষিত হয়।
প্রথম অৱস্থাত এডাল পৈণত বেত সাৱধানেৰে কাটি লোৱা হয়
তাৰপাছত বেতৰ ওপৰৰ থকা কাঁইট আৰু অলাগতিয়াল বস্তুবোৰ আতৰাই ৰ’দত শুকুৱাই লোৱা হয়।
তাৰ পিছত বেতডাল মাজেদি ফালি লোৱা হয়। তাৰ পিছত ৰ’দত শুকাবলৈ দিয়া হয়। বেতৰ পেটৰ
অংশ কাটি পেলোৱা হ'য়।
এই অংশক ‘বকটু’ বুলি কোৱা হয়। পিছত বেতৰ প্ৰয়োগ কৰা হয়। কেতিয়াবা বাঁহৰ কামিৰ
পৰিৱৰ্তে বেতেৰেও সৰু সৰু সূত কৰি লৈ অৰ্থাৎ বাঁহৰ কাঠিৰ দৰেই কৰি মুখাৰ আকৃতি দি
মুখা প্ৰস্তুত কৰা হয়।
· কাপোৰ
মুখাত ব্যৱহাৰ হোৱা আন এক সামগ্রী হ’ল কাপোৰ। যেতিয়া
গোৱৰৰ
প্রলেপ দিয়া হয় তেতিয়া কাপোৰৰ আৱৰণ নাথাকিলে তেতিয়া বহু অসুবিধা হয় পিছত আকৃতি
দিবলৈ আৰু পিন্ধিবলৈ অসুবিধা হয়। মুখাত ব্যৱহাৰ উপযোগী কাপোৰ হৈছে কপাহী কাপোৰ। মুখাত দুই ধৰণৰ কপাহী
কাপোৰৰ ব্য়ৱহাৰ কৰা হয়। এবিধ মিহি আৰু পাতল আনবিধ অলপ ডাঠ আৰু খহটা ধৰণৰ। মুখাৰ
সাজোনটোৰ ওপৰত কুমাৰ
মাটিৰ বোকা লগাই লৈ অলপ ডাঠ আৰু খহটা কাপোৰ মেৰাই সাজোনটো ঢাকি দিয়া হয়। ইয়াৰ পিছত
গোৱৰ আৰু মাটিৰ মিশ্রণ কৰি তাৰ ওপৰত চেহেৰাৰ প্রলেপ প্রদান কৰে। মিহি
আৰু পাতল
কাপোৰখনৰ ব্যৱহাৰটো হৈছে যেতিয়া চহেৰা দিয়ে তাৰ পিছত মিহি কাপোৰ খত কুমাৰ মাটিৰ
বোকা লগাই লৈ তাৰ ওপৰত লগাই দিয়া হয়। শুকুৱাৰ আগৰ অৱস্থাত তাক বাঁহৰ কৰণিৰ সহায়েৰে
মিহি কৰি দিয়ে যাতে মুখাৰ আকৃতি চেহেৰাটো মসৃণ হয় আৰু ৰংসনাৰ বাবে সুবিধা হয়।
চামগুৰি সত্ৰৰ মুখাত এক আধ্য়াত্মিক ভাৱ লুকাই থকা দেখিবলৈ পোৱা যায়। ভক্তি দর্শনত
প্রতিষ্ঠিত এই মুখা প্রস্তুত কৰা প্রণালীটোত নতুন কাপোৰ আনি ধুই লৈ, পৰিষ্কাৰ-পৰিছন্ন হৈ মুখা
প্ৰস্তুত কৰে।
·
কুমাৰ মাটি
মুখা সাজোতে প্ৰয়োজন হোৱা আন
এক সামগ্ৰী হ’ল কুমাৰ মাটি। এই মাটি নদীৰ তলত পোৱা যায়। যেতিয়া খাৰলি মাহত নদীৰ
পানী শুকাই যায় তেতিয়া নদীৰ পানী নোহোৱা অংশত গভীৰকৈ গাঁত খান্দি এই মাটি উলিওৱা
হয়। মাজুলীত থকা কুমাৰ মানুহ খিনিয়ে এনেধৰণৰ মাটিৰ পৰা বিভিন্নধৰণৰ পাত্র, মুর্তি
তৈয়াৰ কৰি জীৱন নির্বাহ কৰি আছে। চামগুৰি সত্ৰৰ মুখাৰ ক্ষেত্ৰত এনেধৰণৰ মাটিৰ
প্ৰয়োগ দেখা যায়। কুমাৰ মাটিৰ তিনিটা প্ৰকাৰ দেখিবলৈ পোৱা যায়। ৰঙচুৱা, বগা আৰু
ধোৱাবৰণ। এনেকুৱা ধৰণৰ মাটিৰ এটা বৈশিষ্ট্য় হৈছে আঠা আৰু লিকটা।
মুখাৰ কাম কৰিবৰ সময়ত মাটিখিনি অর্থাৎ কুমাৰ মাটিখিনি
হাতেৰে ফনেকি বোকা সদৃশ কৰি লোৱা হয় আৰু তাৰ পিছত কাপোৰত সানি মুখমণ্ডলত লগোৱা
হয়।
· গোৱৰ
চামগুৰি সত্ৰৰ মুখা নিমার্ণত
ব্যৱহৃত হৈ অহা আন এক প্রয়োজনীয় সামগ্রীৰূপে পৰিণত হৈছে গোৱৰ। গৰুৰ বাহীৰে অন্য
জীৱ-জন্তুৰ গোৱৰ মুখাৰ বাবে উপাযোগী নহয়, সেয়ে গৰুৰ গোৱৰ মুখা বনোৱাত ব্য়ৱহাৰ
কৰা হয়। কিয়নো বেলেগ জীৱজন্তুৰ গোৱৰবোৰ আহযুক্ত মুখাত লগালে ৰঙ কৰিবৰ বাবে খহতা
হয়। মুখাত গোৱৰ মাটি লগোৱাৰ কিছু নিয়ম আছে। গোৱৰৰ ৭৫ শতাংশ আৰু কুমাৰ মাটি ২৫
শতাংশ লৈ মিশ্ৰণটো বনোৱা হয়। কাঠৰ তক্তাত ৰুটি বেলাৰ দৰে মিশ্ৰণটো মঠি লোৱা
হয়। শতকৰা (৩/৪) ভাগ মান কেৰাচিন তেল মিশ্ৰণটোত
মিলোৱা হয় যাতে পোক-পৰুৱাই সেই মিশ্ৰণখিনি মিলোৱাৰ পিছত নষ্ট কৰি দিব নোৱাৰে।
ইয়াৰ উপৰিও কেৰাচিন তেলে দুগন্ধও নাশ কৰে। অকল গোৱেৰেৰে মুখাৰ মুখখন প্ৰলেপ দিলে
মুখমণ্ডল খহটা হৈ থাকে লগতে ৰং কৰিবলৈ অসুবিধাৰ সৃষ্টি হয় সেয়ে এনেধৰণৰ মিশ্ৰণ
তৈয়াৰ কৰি মুখাটোৰ সৌন্দৰ্যতা বৃদ্ধি পায়।
·
কাগজ
মুখা নিমার্ণ কার্যত কাগজে অপৰিহার্য নহ’লেও কিন্তু কাগজৰ
গুৰুত্ব নাইকীয়া কৰিব নোৱাৰি মুখাবোৰৰ নখ, দাঁত, জিভা ইত্য়াদিবোৰ প্ৰস্তুত
কৰোঁতে ডাঠ কাগজ ব্য়ৱহাৰ কৰা হয়। কিছু শিল্পিয়ে বাঁহৰ কাঠিৰেই সেইবোৰৰ আকাৰ দি
প্ৰস্তুত কৰে কিন্তু দেখাত শোভনীয় কৰাত কাগজৰ ব্য়ৱহাৰ অতি গুৰুত্বপূৰ্ণ ৰূপত দেখা
দিয়ে।
· কুঁহিলা
কুঁহিলা হৈছে মাজুলীত সহজাত উপলব্ধ এবিধ সৰু বনৰীয়া
উদ্ভিদ। পথাৰৰ দ-অঞ্চলত এই কুঁহিলা উদ্ভিদ বিধ পোৱা যায়। কুঁহিয়াৰ নিচিনা কুঁহিলা
উদ্ভিদ বিধ ৩/৫ ফুট পর্যন্ত ওখ হয়। এই উদ্ভিদ বিধ শুকুৱাৰ পিছত ওজনৰ যথেষ্ট ধৰণে
হ্ৰাস পায় সেয়ে মুখা বনোৱাৰ ক্ষেত্ৰত মুখাৰ ওজন কমাবৰ বাবে মুখাৰ ওপৰ অংশত যেনে-
কপাল, গাল, নাক, কাণ, থুতৰি, দাত প্ৰভৃতি অংশ বোৰত প্ৰথমে কুহিলাৰ টুকুৰা-টুকুৰাকৈ
কাটি লগাই পিছত গোৱৰ মাটিৰ মিশ্ৰণেৰে লেপদি মুখা তৈয়াৰ কৰা হয়। মুখাত
পিন্ধিবলগীয়া প্ৰয়োজনীয় আ-অলংকাৰসমূহ কুঁহিলাৰ পৰাই প্ৰস্তুত কৰা হয়। গতিকে কুঁহিলা
হাল মুখা নির্মাণ ও ভাওনাৰ বাবে এক বিশেষ আহিলা।
·
মুখা সজাৰ কৌশলী প্রক্রিয়া
এখন মুখা সাজি উলিয়াবলৈ প্রথমৰ
পৰা সামৰণী অৰ্থাৎ শেষলৈকে তিনিটা পৰ্যায় অৱলম্বন কৰা হয়।
· প্রথম পর্যায়
মুখা সাজিবলৈ ব্য়ৱহাৰ কৰা বাঁহটো
হৈছে আধা পৈনত। আধা পৈণত বাঁহ কাটি টুকুৰা টুকুৰ কৰি চাৰিৰ পৰা পাঁচ দিন পানীত
গোঁৰাই ৰাখি অর্থাৎ পানীত ডুবাই ৰাখি থোৱা হয়। তাৰ পাছত তাৰ পৰা তুলি আনি
কাঠিবোৰ কৰা হয়। ডাঙৰ মুখাৰ বাবে দীঘল পাব আৰু সৰু সৰু মুখাৰ বাবে সৰু জোখৰ পাব ব্য়ৱহাৰ কৰা হয়। বাঁহবোৰ পানীত
ডুবাই ৰখা এটা প্ৰধান উপায় হৈছে ঘূণে নধৰা। বাঁহৰ কাঠিবোৰ চাঁচি সৰু সৰু কৰা হয়
তাৰ পিছত ‘লক্ষিমী সুত্ৰ’ ব্যৱহাৰ কৰি মুখাৰ আকৃতি প্রদান কৰা হয়। মুখা জঁকাটো
সম্পূৰ্ণ হলে তাক এক নিৰ্দিষ্ট আকৃতিত ধৰি ৰাখিবৰ বাবে ব্য়ৱস্থা কৰা হয়। তাৰ পাছত
কুমাৰ মাটিৰ ব্য়ৱহাৰ কৰি কাপোৰৰ সহায়ত মুখাত প্ৰলেপ দিয়া হয়। লগতে ৰ’দত শুকাবলৈ
দিয়া হয়।
· দ্বিতীয় পর্যায়
দ্বিতীয় পর্যায়ত কুমলীয়া ঘাঁহ
খোৱা পোৱালীৰ গৰুৰ গোৱৰ আৰু কুমাৰ মাটি একেলগ কৰি হাতেৰে মথি সুবিধা অনুসৰি
কাপোৰ মেৰিয়াই থোৱা মুখাৰ খাংটোৰ ওপৰত হাতেৰে নাইবা কৰনিৰে মিশ্ৰণটোৰ প্ৰলেপ
দিয়া হয়। আৰু চেহেৰা দিয়া হয়। শুকুৱাৰ পিছত গোৱৰ মাটিৰে আকৌ চেহেৰাৰ প্ৰলেপ দিয়া
হয়। নিখুঁত চেহেৰাৰ ৰহন দিয়ে আৰু আধাকৈ শুকাবলৈ দিয়ে তাৰপিছত বাঁহৰ কৰণিৰে মিহি
কৰি কুমাৰ মাটি আৰু কাপোৰেৰে মেৰিয়াই ভালদৰে শুকাবলৈ দিয়ে। মুখাৰ সম্পূৰ্ণ
শুকানেই দ্বিতীয় পৰ্যায়ৰ কাম শেষ বুলি ধৰা হয়।
· তৃতীয় পর্যায়
তৃতীয় পৰ্যায়ত মুখাৰ আচল সৌন্দৰ্য
আকৰ্ষণ কৰা অৰ্থাৎ ৰঙা বৰণৰ কাম কৰা। ইয়াৰ বাবে
প্রয়োজন হয় কিছুমান পাথৰ সদৃশ খনিজ পদার্থ তাৰে ভিতৰত হেঙুল, হাইতাল, নীল আৰু ধলমাটি বা বগামাটি। এই
বোৰৰ দ্বাৰাই মুখমণ্ডলত ৰং লগোৱা হয় আৰু ৰং কৰা সম্পূৰ্ণ হ’লেই ৰঙা বৰণৰ কাম আৰু
তৃতীয় পৰ্যায় শেষ হয় লগতে এটা মুখাৰ নির্মাণ কার্য সম্পূর্ণ হয়। ৰঙৰ প্রস্তুত কৰণৰ
প্রণালীটো তলত উল্লেখ কৰা হৈছে।
·
ৰঙৰ প্রস্তুতকৰণ
মুখাৰ কাৰণে পৰম্পৰাভাৱে প্ৰচলিত
ৰং প্ৰস্তুত প্ৰণালীটো যথেষ্ট লেহেমীয়া ধৰণৰ আৰু কষ্টকৰ। হেঙুল, হাইতাল, আৰু নালৰ
পৰা ৰং উলিওৱা হয় আৰু এই প্ৰক্ৰিয়াটো সময়ৰ প্ৰয়োজন হয়। টুকুৰা-টুকুৰ শিলৰ দৰে
বস্তুবোৰৰ আয়তন অনুসৰি ওজন কম-বেছি হোৱা পৰিলক্ষিত হয়। হেঙুলৰ টুকুৰাবোৰৰ ওজন
হাইতালকৈও বেছি আৰু গাত দীঘলীয়াকৈ কিছুমান আঁহ দেখা পোৱা যায় যিবোৰ ৰঙচুৱা আৰু
অতি উজ্জ্বল। হাইতাল আৰু নীল একে জাতীয় কিন্তু হেঙুলৰ নিচিনাকৈ আঁহ পোৱা নাযায়।
বৰ এটা কঠিন নহয়। এটা পাত্ৰত পানী লৈ ডুবাই ৰাখিলে সহজেই কুমলি যায়।
একটা শিলত হেঙুল, হাইতাল ৰঙবোৰ বেলেগ
বেলেগকে ভাঙি পিহি ৰং প্ৰস্তুত কৰালৈকে প্রায় একসপ্তাহমান সময়ৰ প্ৰয়োজন হয়।
যিমানেই ৰঙখিনি শিলৰ পটাখনত ঘঁহা হয় সিমানেই ৰঙৰ উজ্জ্বলতা বৃদ্ধি হোৱা দেখা যায়।
হেঙুলৰ পৰা ৰঙা, হাইতালৰ পৰা হালধীয়া আৰু নীলৰ পৰা নীলা আৰু ধলমাটিৰ পৰা বগা ৰঙ
উলিওৱা এই প্ৰক্ৰিয়াটো পৰম্পৰাগতভাৱে চলি আহিছে। কলা ৰং ব্য়ৱহাৰ কৰিবলৈ জাতিলাওৰ
খোলাটো পুৰি তাৰ চাইখিনি ব্য়ৱহাৰ কৰিছিল।
পুৰণি দিনত ৰঙৰ কৰণিৰ বাবে পাৰ চৰাইৰ পাখি, ছাগলী আৰু
কেৰ্কেটুৱা নোম ব্য়ৱহাৰ কৰা হৈছিল। বহল ব্ৰাছৰ বাবে মৰাপাট ব্য়ৱহাৰ কৰিছিল।
এইবোৰৰ জৰিয়তেই বিভিন্ন চৰিত্ৰৰ অংকন কৰি ভাওনাত সুন্দৰভাৱে ব্য়ৱহাৰ কৰি দৰ্শকক
আমোদ দিছিল। লগতে অৰ্থনৈতিক ক্ষেত্ৰতো স্বাৱলম্বী হোৱা দেখা যায়।
· অভ্র চৰোৱা
মুখাত ৰং সনাৰ পিছত অভ্ৰ চৰোৱা
এটা সুন্দৰ প্ৰক্ৰিয়া যাৰফলত মুখাৰ ৰংবোৰ জিলিকি উঠে আৰু ৰংবোৰ এৰাই নাযায়। অভ্ৰ
চৰোৱা মানে এবিধ স্বচ্ছ জুলীয়া পদাৰ্থৰ লেপন দিয়া। এই বিধ তৈয়াৰ কৰা প্রক্রিয়াটো
হেছে- খনিজ পদার্থ অভ্র বা বালিচন্দা, ধান ঔটেঙাৰ গুটিৰ বিজল অংশ একেলগ কৰি এই জুলীয়া পদার্থখিনি
তৈয়াৰ কৰা হয়। চেপেতা তৰপীয়া অভ্ৰখিনিৰ পৰা পাতল তৰপবোৰ হাতেৰে এৰুৱাই এটা বাঁহৰ
খৰাহিত লৈ তাৰ লগত এমুঠি মান ধান মিলাই লগতে পানীৰ পাত্ৰ এটাৰ ওপৰত খৰাহীটো থৈ
হাতেৰে অভ্ৰখিনি ঘঁহি থাকিব লাগে। ইয়াৰ ফলত বালিচন্দাৰ নিচিনা গুৰি হয়। তাৰ পিছত
এইখিনি উঠাই আনি ঔটেঙাৰ বীজখিনি এখন পৰিষ্কাৰ পাতল কাপোৰেৰে চেকি লৈ একেলগ কৰা হয়
আৰু বেলৰ আঠা মিহলোৱা হয়। এইখিনি মুখাৰ ওপৰত লেপন দি ৰ’দত শুকাবলৈ দিয়া হয় যাৰ
ফলত এটা উজ্জ্বল মুখা তৈয়াৰ সম্পূৰ্ণ হয়।
সময়ৰ লগে লগে মুখা নিৰ্মাণৰ ক্ষেত্ৰখনত বহুতো পৰিৱৰ্তন সাধন হৈছে। পূৰ্বৰ জঠৰতাৰ মুখাৰ পৰা বৰ্তমানে মুখাই ইচ্ছামতে লৰচৰ কৰিব পৰা, চকু-মুখ আদি লৰচৰ কৰিব পৰা কৌশল ব্য়ৱহাৰ কৰিছে। অসমৰ বিভিন্ন ঠাইত মুখা নিৰ্মাণ কৰে যদিও চামগুৰি সত্ৰৰ মুখা নিৰ্মাণ প্ৰণালী পৃথক আৰু অনন্য়। চামগুৰি সত্ৰৰ মুখা বিভিন্ন দেশ-বিদেশৰ সংগ্ৰহালয়তো সংৰক্ষিত হৈ আছে। আৰু লগতে চামগুৰি সত্ৰৰ মুখাই অসমৰ লগতে বিভিন্ন দেশ-বিদেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
সহায়ক গ্ৰন্থপঞ্জীঃ
·
গোস্বামী, কৃষ্ণ. মুখা
সত্ৰীয়া মুখাশিল্প. প্ৰকাশকঃ লৰ্তিকা গোস্বামী, প্ৰকাশকাল, ফ্ৰেব্ৰুৱাৰী,
২০১৬.
· জামান, আৰিফুৰ. The Tradition of Masks in
Indian Culture. প্ৰকাশকঃ আৰিয়ান বুক ইণ্টাৰনেছনেল, প্ৰথম প্ৰকাশ, ২০১৫.
· দেৱ, শ্ৰীফণীন্দ্ৰ আৰু মহন্ত, হৃদয়া নন্দ.শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ
সংক্ষিপ্ত ইতিহাস. প্ৰথম প্ৰকাশ, ২০০৮.
· বৰা, লক্ষিমী শইকীয়া. মাজুলীৰ বুকুত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ, বাসুদেৱ সত্ৰীয়া সংস্কৃতি
বিকাশ কেন্দ্ৰ, চতুৰ্থ প্ৰকাশ, ফেব্ৰুৱাৰী, ২০২১.
· ভূঞা, সূৰ্যকুমাৰ (সম্পা.).স্মৃতিগ্ৰন্থ
শংকৰ শিৰোমণি সদৌ অসম অঙ্কীয়া ভাওনা সমাৰোহ. প্ৰকাশকাল, ২০২২-২৩.
· ভূঞা, ৰবীন. মাজুলীৰ ঐতিহ্য়. প্ৰকাশঃ অসম প্ৰকাশন পৰিষদ, প্ৰকাশকাল,
ডিচেম্বৰ. ২০১৫.
· মহন্ত, প্ৰশান্ত কুমাৰ (সম্পা.). মাজুলী. মনোজ কুমাৰ গোস্বামী, অঞ্জল প্ৰদীপ গোস্বামী, ডিচেম্বৰ, ২০০১.
· মহন্ত, ভৰতচন্দ্ৰ.অসমৰ মুখাশিল্পৰ হাতপুথি. প্ৰকাশকঃ অসম সত্ৰ
মহাসভা, প্ৰকাশকাল, অক্টোবৰ, ২০২০.
· শইকীয়া, মিনতি (সম্পা.) মাজুলী জ্যোতি. প্ৰকাশকঃসদৌ অসম লেখিকা
সমাৰোহ সমিতি, প্ৰথম প্ৰকাশ, জানুৱাৰী ২০১৮.
· হাজৰিকা, জয়ন্ত. গুণসিন্ধু. প্ৰকাশকঃ
পাহি-পৰী প্ৰকাশ, প্ৰকাশকাল, নৱেম্বৰ, ২০২৪
· ৰাজখোৱা, তুলসী আৰু বৈৰাগী, জয়ন্ত (সম্পা). মাজুলী ঐতিহ্য় আৰু সংস্কৃতি.
অসম কলেজ শিক্ষক সংস্থা, নৱেম্বৰ, ২০১৫.
ক) তথ্য দাতাৰ নাম আৰু
ঠিকনাঃ
|
ক্ৰমিক নং |
তথ্য়দাতাৰ নাম |
বয়স |
লিংগ |
ঠিকনা |
|
১. |
ড০
হেমচন্দ্ৰ গোস্বামী |
৬৫ |
পুৰুষ |
গাঁও- চামগুৰি সত্ৰ ডাকঘৰ - চামগুৰি সত্ৰ পিন নম্বৰ- ৭৮৫১১০ জিলা- মাজুলী।
|
|
২. |
হৰেন
গোস্বামী |
৫৪ |
পুৰুষ |
গাঁও- চামগুৰি সত্ৰ ডাকঘৰ - চামগুৰি সত্ৰ পিন নম্বৰ- ৭৮৫১১০ জিলা- মাজুলী। |
|
৩. |
খগেন
গোস্বামী |
৪৬ |
পুৰুষ |
গাঁও- চামগুৰি সত্ৰ ডাকঘৰ - চামগুৰি সত্ৰ পিন নম্বৰ- ৭৮৫১১০ জিলা- মাজুলী।
|
No comments:
Post a Comment