Friday, June 5, 2026

চুটি গল্প: বকুলৰ দেশত



                              বকুলৰ দেশত

                                                              ____অংকিতা গগৈ 
                                           হাঁহচৰা লেবাং গাওঁ, শিৱসাগৰ 
                         E-mail - angkitagogoi424@gmail.com




এজাক নতুন তৰণীৰ নীলা চৰাইৰ কোলাহল ।
-অই সঁচাকৈ ইমান মৰমলগা । চা না ভালকৈ ।
-কোনজন অ'?
-সেই যে ৩নং ৰোমৰ সন্মুখৰ বালাণ্ডাত থিয় আছে ল'ৰাজন।
-কোনটো আকৌ । ইমানখিনিৰ মাজত কেনেকৈ চিনি পাম ।
-ধেৎ দাড়ি যে আছে দেখিছ নাই ,তেওঁ ।
-অ' দেখিলোঁ ,সঁচাই ধুনীয়া বে!
-লাগে অ'
-কি লাগে?
-জধা নাম্বাৰটো 
-কি?
-অ' আনি দে না প্লিজ।
-কেনেকৈ আনি-যা না বিছাৰি ,যাবগৈ এতিয়া উঠি ।যা না ।
-ৰহ গৈ চাওঁ পাৰিলে আনিম ।

গ'ল । উফ্‌ পালেই হয় । এইবুলি কৈ তাই আৰু তাই  বান্ধবীৰ‌ লগত কামান দাৰ দোকান গʼল । 

-অ'ই দেখি গ'লো ,আকৌ দেখিলোঁ ।
-ক'ত কি দেখিলি ?
-তাত চা না ।
-কাক চাম।
-তাক আকৌ!
-কোন তাক?
-পাগলী অথনি ল'ৰাজনক।
-অ'হ মা। তোৰ এইকেইটা চকুয়েই নে ?
-এতিয়া হয়তো মোৰ চকুদুটিয়ে তেওঁকে বিচাৰিছে!
-বেছ ৰোমাণ্টিক ?
-ধেৎ নহয় ।
-বুজিছোঁ।
-হ'ব । 

দুয়োজনী ঘূৰি আহিল ,বিশ্ববিদ্যালয়লৈ ।তথাপিও যেন তাই মনে তেওঁকে বিছাৰি আছে । তাই প্ৰশ্ন কৰিছে নিজক ,প্ৰেম এনেকৈয়ে হয় নেকি? কোনো আগজাননী নিদিয়াকৈ ,নভবাকৈয়ে ।আকৌ তাইৰ মনে কৈছে - "নাহ নহয় ,এইয়া ভাললগা ।ভালপোৱা আৰু ভাললগাৰ মাজত পাৰ্থক্য আছে ।"

এটি ৰোমাঞ্চকৰ সন্ধিয়া । চিয়াঙৰ চোতালৰ পৰা দেখা পোৱা  জোনটোৱেও বহু কথা লুকুৱাইছে । জোনটোৰ সমান অৱশ্যে তেখেত ধুনীয়া নাছিল কিন্তু তথাপিও তাইৰ ভাল লাগিছিল । তেনেকৈ ফোনত এটা মেছেজ ।
-অই পাই গ'লো ।
-কি ? সঁচা?
-হয় বেহ।
-দে ।
-দিছোঁ।
-নামটো কি ?
-তই সুধি ল'বি ।
-okay
-interesting কথা এটা নহয়।
-কি কথা অ'
-ল'ৰাজন আমাৰ department ৰ
-কি?
-হয় বে ।
-কোন sem.
-3rd
-হাতত মাত্ৰ এবছৰ ।
-😰
-একো নাই ,হ'ব দে ।
-okay.

এনেকৈয়ে বহু চিন্তাৰ অন্তত এটা হুমুনিয়াহ । হঠাতে roommate ৰ চিঞৰ আহা আকৌ ভিতৰত । তেতিয়াহে তাই সম্বিত ঘূৰাই পাইছে । তাই যে ৰোমৰ বাহিৰতে থিয় হৈ আছে । ভিতৰলৈ আহি ধূপ-কাঠি জ্বলাই পঢ়া টেবুলত একাপ চাহৰ সৈতে বহিল । চাহ-কাপে তাইক এটা বেলেগ শক্তি দিয়ে ,ভাবিবলৈ। বাৰে প্ৰতি তাই পঢ়াত মন দিব চেষ্টা কৰিছে কিন্তু নাই ল'ৰাজনৰ মুখ-খনে তাইক বাৰুকৈয়ে আমনি কৰিছে । বহু ভবাৰ অন্তত তাই ফোনটো উলিয়াই নাম্বাৰটোত এটা মেছেজ দিলে।
-hii

নাই এঘণ্টা হ'ল মেছেজৰ কোনো সঁহাৰি নাই। মেছেজ seen নোহোৱাই হ'ল । আকৌ একাপ চাহ বনাই খাই ল'লে তাই । বহু প্ৰত্যাশাৰ অন্তত ম'বাইলত এটা মেছেজৰ শব্দ বাজি উঠে।

-হয় কোন বাৰু।

তাই উত্তৰত কি লিখিম বুলি keyboard খনত আঙুলি বোলাইও ৰৈ পৰিল । তাই ভাবুক হৈ পৰিল । যি মেছেজৰ উত্তৰৰ বাবে তাই ইমানপৰে ৰৈ আছিল এতিয়া চোন তাইয়ে নিৰুত্তৰ হৈ পৰিছে। বহু ভাবি-চিন্ত লিখিলে।
-মই  ।
-ক'ৰ বাৰু।
-কলজৰে।
-কি?
-উমম।
-কি উমম । কোন department ৰ।
-অসমীয়া।
-মোক কেনেকৈ নো চিনি পালে ।
-আজি দেখিছিলোঁ।
-অ' আপুনি কওঁক।কি কৰিছে।
- নাই এনেই পঢ়া টেবুলতে । আপুনি?
-আছোঁ। পিছে নাম্বাৰটো বা কিয় বিছাৰিছিলা ।
-নাই এনেই । মানে চিনাকি হ'বলৈ ।
-অ' হয় নেকি ।
-উমম।আপুনি বুলি ন'কলেও হ'ব।
-নাই , "give respect take respect"
- হাঃহা
-হাঁহিছে যে ।
-নাই একো নাই ।
-আপোনাৰ নামটো পিছে ।
- "অশ্ৰুনন্দনী "

এনেকৈয়ে বহু বাৰ্তালাপ হৈ আছে । তাই মাজে - মাজে তেখেতক লৈয়ে ভাবনাত মচগুল হৈ পৰিছে । হঠাৎ roommate ৰ বা ভাত কেইটা খাই ল বʼল।

তাই- উমম বʼলা

বহু দিন এনেকৈয়ে গ'ল। মেছেজৰ পৰা ফোন কৰা হ'ল ,দিনটোত এটা হ'লেও ফ'ন - মেছেজ অহা হ'ল । ঠিক বাৰিষাৰ প্ৰথমজাক বৰষুণ অহাৰ দৰে । 
লুইতৰ চাপৰিৰ কহুৱাখিনিৰ দৰেই তেওঁ ঠাই লৈছিল তাইৰ হৃদয়ত, নভবাকৈয়ে

বকুলৰ দেশত বিয়পি পৰিল এই আৰম্ভণিৰ কথা ঠিক বতাহৰ দৰে । তাইজনীয়ে অৱশ্যে সদায়ে ইয়াক বন্ধুত্বৰ দৰেই আগবঢ়াই নিছিল । 
তাই বুজিছিল তেওঁ সম্প্ৰদায় বেলেগ কিজানিবা তাই জীৱনটোও সন্তোষকুমাৰ কৰ্মকাৰৰ গৃণভূমি দৰেই অৱস্থা হয়। তথাপিও তাই কিন্তু সপোন দেখিছিল । তেৱোঁ কোনোদিনা মনৰ কথা বোৰ খুলি কোৱা নাছিল ,কি চলি আছিল ,কি সম্পৰ্ক গঢ়িছে সেইয়া বুজিবলৈ হাজাৰ চেষ্টা কৰিও তাই এটা সাঁথৰৰ গণ্ডীত সোমাই পৰিছিল। যাৰ কোনো সমাধান পোৱা নাছিল । এনেকৈয়ে বাঢ়িছিল হয়তো একপক্ষীয় ভাৱে । 

দিন বাগৰিল ,কলেজত প্ৰায় নেদেখা হ'ল ,লাহে লাহে আগৰ দৰে আদৰবোৰ কমাই দিলে তেওঁ ঠিক পুৰণি পোছাকৰ দৰে। তাইৰ ফ'ন-মেছেজৰ ৰিপ্লাই তেওঁ নিদিয়া হ'ল ।  গকুলৰ বৃন্দাবনত ৰাধাই  কানাইক বিচৰা দৰেই তায়ো তেখেতক বিচাৰি ফুৰা হ'ল।

হঠাৎ লগৰ জনীৰ চিঞৰ। সময় তেতিয়া ৰাতি ১২।
-অ'ই চা চোন চা।
-কি হ'ল অ' ।
-চা
-কি? মানে তেওঁ

ৰৈ গ'ল তাই। দুটি ওঁঠ লাগি ধৰিল । অশ্ৰুনন্দিনীৰ চকুত তেতিয়া মাথোঁ অশ্ৰু। বিষাদৰ হৃদয়খন ভাগি যোৱাৰ এটা প্ৰচণ্ড শব্দ । আধৰুৱা। আকৌ এটা প্ৰেম কাহিনী বৃন্দাবনত  আধৰুৱা হৈ ৰ'ল ,তেওঁ একপি মিঠা ফটো ফেচবুকত প্ৰেয়সীৰ সৈতে। সেইবাবেই হয়তো তেওঁ আঁতৰি ফুৰিছিল তাইৰ পৰা।

যৱনিকা। একপক্ষীয় ভাৱেই যৱনিকা পৰিল এটা প্ৰেমকাহিনীৰ ঠিক গোলাপৰ পাহি মৰহাৰ দৰে ।

মাথোঁ কেইটামান শব্দ নিগৰিছিল তাইৰ ওঁঠৰ পৰা.....।

                             ********

1 comment:

একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাৰ সামগ্ৰিক বৈশিষ্ট্য

      একবিংশ শতিকাৰ দ্বিতীয় দশকৰ অসমীয়া কবিতাৰ সামগ্ৰিক বৈশিষ্ট্য শ্ৰীমতী প্ৰিয়ংকা বৰা , প্ৰাক্তন ছাত্ৰী , অসমীয়া বিভাগ মাজুলী সাংস্...