মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পৰ বৰ্তমান স্থিতি, প্ৰাসংগিকতা, সম্ভাৱনা আৰু ভৱিষ্যৎ
শ্ৰীমতী কৰিশ্মা দাস,
প্ৰাক্তন ছাত্ৰী,
অসমীয়া বিভাগ
মাজুলী সাংস্কৃতিক বিশ্ববিদ্য়ালয়
karishmadas2002@gmail.com
(৪)
অসমৰ মাজুলী জিলাৰ এখন ঐতিহাসিক গুৰুত্বসম্পন্ন সত্ৰ চামগুৰি সত্ৰ। এই সত্ৰখনে মুখাশিল্পৰ চৰ্চাৰে বিশ্বজুৰি পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। মুখাশিল্প সত্ৰীয়া সংস্কৃতিৰ এক ঐতিহাসিক কলা। এই কলা লোক সংস্কৃতিৰ সৈতে গভীৰ ভাৱে জড়িত। কলাৰ যোগেদি এখন সুন্দৰ সমাজ বৰ্তি থাকে। কলাই মানুহক নান্দনিক প্ৰদান কৰে। মুখাশিল্প কলাৰ দ্বাৰাও মানুহে নান্দনিক আনন্দ লাভ কৰে।
মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্পৰ ভৱিষ্যত আৰু সম্ভাৱনা যথেষ্ট আছে। চামগুৰি সত্ৰৰ মুখাশিল্পৰ সম্ভাৱনাৰ দিশটোলৈ লক্ষ্য কৰিলে দেখা পাওঁ যে বৰ্তমান মুখাৰ যি গুৰুত্ব সেই গুৰুত্ব অনুধাৱন কৰি নৱপ্ৰজন্মই মুখা শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। পূৰ্বতে মুখাশিল্প কলা শিকিবলৈ ল'ৰা-ছোৱালী মাতি অনা হৈছিল যদিও খুব কম সংখ্যক ল'ৰা- ছোৱালী হে ওলাই আহিছিল।কিন্তু বৰ্তমান সময়ত তাৰ বিপৰীতে বছৰি বছৰি শিকাৰুৰ সংখ্যা বাঢ়ি আহিছে। আৰু পুৰুষৰ সমান্তৰালভাৱে মহিলাইয়ো এই বিদ্যা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। দেশী-বিদেশী পৰ্যটকৰ থলী হিচাপে বিভিন্ন পৰ্যটক চামগুৰি সত্ৰলৈ প্ৰতিদিনে আহে, আৰু এই পৰ্যটকসকলে চামগুৰি সত্ৰত মুখাশিল্প কলাও শিকিছে। ইয়াৰ সমান্তৰাল ভাৱে চামগুৰি সত্ৰত মুখাশিল্পক কেন্দ্ৰ কৰি সাংস্কৃতিক পৰ্যটন আৰু উন্নয়নৰ সম্ভাৱনা আছে। সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ দিশেৰে লক্ষ্য কৰিলেও চামগুৰি সত্ৰৰ মুখাশিল্পৰ সম্ভাৱনা অত্যাধিক আছে। পূৰ্বৰে পৰা চামগুৰি সত্ৰত পৰম্পৰাগতভাৱে বংশানুক্ৰমিকভাৱে মুখা শিল্পৰ চৰ্চা কৰি আহিছে। আৰু এই শিল্পকলাক জীয়াই ৰাখিবলৈ অৰ্হনিশে চেষ্টা কৰিছে। এই শিল্পক জীয়াই ৰাখিলে অসমৰ লোক শিল্প সংস্কৃতি সংৰক্ষণ হ'ব।
চামগুৰি সত্ৰৰ মুখাশিল্প ভৱিষ্যতে শিক্ষা কেন্দ্ৰ হিচাপে গঢ়ি উঠিব পাৰে। আৰু লোক শিল্প সংস্কৃতি অধ্যয়নৰ গৱেষণা ক্ষেত্ৰলৈ পৰিণত বা বিকশিত হ'ব পাৰে। আৰু সম্ভাৱনাৰ ক্ষেত্ৰত চামগুৰি সত্ৰৰ মুখা শিল্পই ডিজিটেল মাধ্যমৰ জৰিয়তে বিশ্বৰ বজাৰলৈ প্ৰৱেশ কৰিব পাৰে। ইয়াৰ ফলত স্থানীয় মুখাশিল্পীসকলৰ উপাৰ্জন বৃদ্ধি হ'ব। বৰ্তমান চামগুৰি সত্ৰৰ মুখা শিল্পৰ প্ৰাসংগিকতা আছে। চামগুৰি সত্ৰৰ মুখাশিল্পৰ এটা সু-ভৱিষ্যত আছে। ভবিষ্যতৰ ক্ষেত্ৰত চামগুৰি সত্ৰৰ মুখাশিল্পৰ দ্বাৰা উদ্যমিতা আৰু উদ্যোক্তা সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত স্থানীয় নৱপ্ৰজন্মক মুখা নিৰ্মাণ, বিক্ৰী আৰু প্ৰদৰ্শনমূলক উদ্যোগত সম্পৃক্ত কৰি চাকৰি আৰু ব্যৱসায়ৰ পথ মুকলি কৰিব পাৰে। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাগত পাঠ্যক্ৰমতো মুখাশিল্পক অন্তৰ্ভুক্ত কৰিব পাৰি, ইয়াৰ ফলত নতুন প্ৰজন্মৰ মুখাশিল্পৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু মুখা শিল্প কলা জীয়াই থাকিব। আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত মুখা শিল্পৰ বিভিন্ন প্ৰদৰ্শনৰ দ্বাৰা মুখাশিল্পই বিশ্বমঞ্চত স্থান লাভ কৰিব পাৰে। এই সকলো দিশৰ পৰা লক্ষ্য কৰিলে চামগুৰি সত্ৰৰ মুখাশিল্পৰ সম্ভাৱনা আৰু ভৱিষ্যত অত্যাধিক আছে। চামগুৰি সত্ৰৰ মুখাশিল্প কেৱল এটি লোকশিল্প বা লোক কলাই নহয়, ই অসম তথা ভাৰতৰ সাংস্কৃতিক আত্মাৰ প্ৰতিফলন। এই শিল্পই অসমকে নহয় মাজুলীৰ চামগুৰি সত্ৰক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব।
অসমৰ সত্ৰ-সংস্কৃতিৰ এক গুৰুত্বপূর্ণ কেন্দ্ৰস্থল হৈছে মাজুলীৰ চামগুৰি সত্ৰ। শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈষ্ণব ধৰ্মৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই সত্ৰখনে কেৱল ধৰ্মীয় আস্থান নহয়, এটি অনন্য সাংস্কৃতিক কেন্দ্র হিচাপেও পৰিগণিত। বিশেষকৈ মুখা শিল্পৰ বিকাশ আৰু সংৰক্ষণত চামগুৰি সত্ৰৰ অৱদান অতি প্ৰশংসনীয়। এই মুখা শিল্পৰ জৰিয়তে সমাজত শিক্ষা, সংহতি আৰু সাংস্কৃতিক পৰিচয়ৰ বীজ পোৱা হৈছে।
অসমীয়া সংস্কৃতিৰ এক অন্যতম দৃষ্টান্ত হিচাপে সত্ৰসমূহে বহুদিন ধৰি ৰাজনৈতিক, ধৰ্মীয়, সাংস্কৃতিক আৰু অৰ্থনৈতিক ঐতিহ্য সংৰক্ষণ কৰি আহিছে। এই ক্ষেত্ৰত চামগুৰি সত্ৰৰ মুখাশিল্প এক বিশেষ স্থানত অধিষ্ঠিত। মুখাশিল্প মূলতঃ ভক্তিনাট্য তথা ভাওনাত ব্যৱহৃত এক নাট্য উপকৰণ হিচাপে উদ্ভৱ হৈছিল, যাৰ আধাৰ আছিল পৌৰাণিক তথা ধৰ্মীয় কাহিনীৰ চৰিত্ৰসমূহৰ নাট্য-উপস্থাপন।
চামগুৰি সত্ৰৰ মুখাশিল্পৰ উৎপত্তি শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ সহচৰ মাধবদেৱৰ নাট্যদৰ্শনৰ সৈতে জড়িত। চামগুৰি সত্ৰ স্থাপন কৰে সত্রীয়া সংস্কৃতিৰ এক কুশল অনুশীলনকেন্দ্ৰ হিচাপে, আৰু ইয়াত মুখাশিল্প এক জটিল কলা ৰূপে বিকশিত হয়। কাঠ, বাঁহ, কাপোৰ, কাগজ, মাটি আদিৰ সহায়েৰে মুখা প্ৰস্তুত কৰা হৈছিল। মুখাৰ মূল উদ্দেশ্য আছিল নাট্যচৰিত্ৰৰ ৰহস্য, অলৌকিকতা আৰু দেবত্ব ফুটাই তোলা।
বৰ্তমান সময়ত চামগুৰি সত্ৰৰ মুখাশিল্প কেতিয়াবা লোকচক্ষুৰ পৰা আঁতৰ হৈ পৰিছে যদিও, ই এক বিশেষ ক্ষেত্ৰত পুনৰুজ্জীৱনৰ দিশত আগবাঢ়ি আহিছে। চামগুৰি সত্ৰৰ কেইজনমান শিল্পী এতিয়াও এই কলা অনুশীলনত জড়িত। চৰকাৰী সহায়, বেপাৰ-বিক্ৰী সম্ভাৱনা, পৰ্যটন বিকাশ, আঞ্চলিক-ৰাষ্ট্ৰীয় নাট্যোৎসৱ আদিয়ে মুখাশিল্পক পুনৰ লোকচক্ষুৰ আগত অনাইছে।
তদুপৰি, ২০১৫ চনত "চামগুৰি সত্ৰৰ মুখা" ই জিআই (Geographical Indication) টেগ লাভ কৰাৰ ফলত ইয়াৰ মান্যতা আৰু সাংস্কৃতিক মূল্য অধিক বৃদ্ধি পাইছে। মুখাশিল্পৰ জড়িয়তে অঞ্চলটোৰ অৰ্থনীতি উন্নত হোৱাৰ সম্ভাৱনা দেখা গৈছে।
চামগুৰি সত্ৰৰ মুখাশিল্পৰ প্ৰাসংগিকতা বৰ্তমান সময়ত যথেষ্ট আছে। প্ৰাসংগিকতাৰ ক্ষেত্ৰত কেইটামান উল্লেখযোগ্যদিশ হ'ল-
· সাংস্কৃতিক সংৰক্ষণ
মুখাশিল্প অসমীয়া লোকনাট্য আৰু ভাওনাৰ এক অবিচ্ছেদ্য অংশ। ইয়াৰ সংৰক্ষণৰ জৰিয়তে অসমৰ শাস্ত্ৰীয় নাট্য ঐতিহ্য বজাই ৰাখিব পৰা যায়।
· শৈল্পিক মূল্য
মুখাশিল্প কেবল নাট্য উপকৰণ নহয়; ই এটা সজীৱ শিল্পমাধ্যম। ইয়াত ভাস্কর্য, চিত্ৰকলা আৰু নাট্য সংজ্ঞা একত্ৰ হয়।
· অৰ্থনৈতিক উপাৰ্জনৰ উৎস
মুখা প্ৰস্তুতকৰণ আৰু বিক্ৰী স্থানীয় শিল্পীসকলৰ বাবে জীৱিকাৰ এক মাধ্যম হ’ব পাৰে।
· শিক্ষামূলক উপযোগিতা
নাট্য-চৰিত্ৰ চিত্ৰণ, মুখাৰ ভৌতিক গঠন আৰু ৰূপপ্ৰতিনিধিত্ব শিক্ষাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ দৃষ্টান্ত।
· আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ সম্ভাৱনা
মুখাশিল্পই অসমীয়া সংস্কৃতিৰ এক বৈশিষ্ট্যপূৰ্ণ দিশ হিচাপে বিশ্বমঞ্চত স্থান লাভ কৰিব পাৰে।
চামগুৰি সত্ৰৰ মুখাশিল্পৰ কিছুমান পৰামৰ্শৰ লগতে প্ৰত্যাহ্বানো আমাৰ পৰিলক্ষিত হৈছে, সেইসমূহ তলত উল্লেখ কৰা হ'ল-
পৰামৰ্শ
· শিক্ষানুষ্ঠানত মুখাশিল্পৰ পাঠ্যক্ৰম অন্তর্ভুক্তি কৰা।
· চৰকাৰী আৰু বেচৰকাৰী সহযোগিতাৰে ৱৰ্কশ্বপ আৰু প্ৰদৰ্শনী আয়োজন কৰা।
· ডিজিটেল মাধ্যমৰ জৰিয়তে বিশ্ববজাৰত প্ৰচাৰ-প্ৰসাৰ কৰা।
প্ৰত্য়াহ্বান
· উত্তৰাধিকাৰী অভাৱ- নতুন প্ৰজন্মত মুখাশিল্পৰ প্ৰতি আগ্ৰহ হ্ৰাস পাইছে।
· বজাৰৰ সীমাবদ্ধতা- মুখাৰ বাণিজ্যিক মূল্যায়ন অতি সীমিত।
· অভ্যাসগত সংকট- নিয়মীয়া অনুশীলন আৰু নাট্য ব্যৱহাৰৰ অভাৱ।
চামগুৰি সত্ৰৰ মুখাশিল্প কেৱল এটি নাট্য উপকৰণ নহয়; ই অসমীয়া জাতিসত্তা, আধ্যাত্মিকতা, আৰু শিল্পবোধৰ এক জীয়াই থকাৰ নিদৰ্শন। সময়ৰ প্ৰৱাহত এই কলাটো সংকটত পৰিলেও ইয়াৰ অন্তৰ্নিহিত সাংস্কৃতিক আৰু অৰ্থনৈতিক মূল্য বিচাৰি, এক সংহত প্রয়াসেৰে পুনৰুজ্জীৱন কৰিব লাগিব। মুখাশিল্প সাধাৰণ দৃষ্টিত ই কেৱল এক অধ্যয়নৰ বিষয় নহয়, বৰং এই ঐতিহ্যৰ সংৰক্ষণ আৰু পুনঃপ্ৰচাৰৰ এক দায়িত্বও হয়।
অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক মূল্যবান অংগ হ’ল মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্প। মুখা, অৰ্থাৎ মুখাৱৰণ, মূলতঃ নাট্য-প্ৰদৰ্শন তথা ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা এটি শিল্পকলা, যি ভাস্কৰ্য, চিত্ৰকলা আৰু নাট্যকলা—এই তিনি খণ্ডৰ সংমিশ্ৰণ। এই শিল্প প্ৰধানকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ বৈষ্ণৱ আন্দোলনৰ লগত গভীৰভাৱে জড়িত। মাজুলীৰ চামগুৰি সত্ৰ এই মুখা-শিল্পৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত।
সত্ৰখনৰ মুখা-শিল্প মৌলিক ভাৱে নাট্য (ভাওনা)-উপযোগী মুখা নিৰ্মাণৰ সৈতে জড়িত। এই মুখাসমূহ বাঁহ, কাপোৰ, মাটিৰে তৈয়াৰ কৰা হয় আৰু তাৰ পিচত উজ্জ্বল ৰং, তুলিকা-কাৰ্য আৰু অলংকৰণৰ যোগে জীৱন্ত ৰূপ দিয়া হয়।চামগুৰি সত্ৰৰ মুখা-নির্মাণ শিল্প এক সুকৌশল প্ৰক্ৰিয়া।
চামগুৰি সত্ৰৰ মুখা শিল্পৰ সম্ভাৱনা আৰু গুৰুত্ব যথেষ্ট আছে। সেই সমূহৰ বিষয়ে ইয়াত আলোকপাত কৰা হৈছে। চামগুৰি সত্ৰৰ মুখাশিল্পৰ সম্ভাৱনাৰ দিশ বোৰ হ'ল-
· সাংস্কৃতিক সম্ভাৱনা
মুখা শিল্প অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এক নিদৰ্শন। ইয়াৰ যোগে সত্ৰ-সংস্কৃতি সংৰক্ষণ, লোকনাট্যৰ প্ৰচাৰ আৰু আধ্যাত্মিক শিক্ষা বিস্তৃত হ’ব পাৰে। এই শিল্পৰ জৰিয়তে লোকসকলৰ মাজত শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু সৃষ্টিৰ প্ৰচাৰ হয়।
· অৰ্থনৈতিক সম্ভাৱনা
পর্যটন- মাজুলী এখন বিশ্ব পৰ্যটন মানচিত্ৰত অৱস্থিত স্থান। মুখা শিল্পৰ জৰিয়তে শিল্পীসকলৰ আৰ্থিক স্থিতি উন্নত হ’ব পাৰে।
কাৰিকৰী উদ্যম- মুখা প্ৰস্তুতকৰ্তাসকলৰ মাজত ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ সম্ভাৱনা।
· শিক্ষা আৰু অনুপ্ৰেৰণাৰ উৎস
মুখা শিল্প কলা, ইতিহাস, সংস্কৃতি আৰু ধাৰ্মিকতাৰ সংমিশ্ৰণ। বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এই শিল্পৰ ওপৰত পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ’ব পাৰে। চামগুৰি সত্ৰৰ মুখাশিল্পৰ জীয়াই ৰখাৰ ক্ষেত্ৰত কিছুমান সমস্যাও দেখা পোৱা যায়। এই সমস্যা সমূ্হৰ বিষয়েও ইয়াত এটি থুলমূলকৈ আলোচনা কৰা হৈছে। এই সমস্যা বোৰৰ ভিতৰত প্ৰথম সমস্যা হ'ল উত্তৰাধিকাৰী অভাৱ, আজিকালি যুৱপ্ৰজন্মৰএই কলাৰ প্ৰতি আগ্ৰহ হ্ৰাস হৈ আহিছে।
দ্বিতীয়তে, আৰ্থিক অসুবিধা; মুখা প্ৰস্তুত কৰাত যথেষ্ট সময়, পৰিশ্ৰম আৰু সামগ্ৰীৰ প্ৰয়োজন, কিন্তু লাভৰ ক্ষেত্ৰত সীমাবদ্ধতা দেখা যায়।
তৃতীয়তে, বজাৰীকৰণৰ অভাৱ, মুখা-শিল্পৰ বাবে সুসংগঠিত বজাৰ ব্যৱস্থা নাই। প্ৰশিক্ষণৰ অভাৱৰ ক্ষেত্ৰত শৈল্পিকতা আৰু কাৰিকৰিক দক্ষতা প্ৰশিক্ষণৰ অভাৱত মুখা শিল্পই কিছুমান দিশত সঠিক ৰূপ লাভ নকৰে।
মুখাশিল্পৰ ভৱিষ্যৎ দিশলৈ লক্ষ্য কৰিলে শিল্পটোক জীয়াই ৰখাৰ লগতে প্ৰচাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰি।
প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ ফলত শিল্পীৰ বাবে মৌলিক আৰু উন্নত প্ৰশিক্ষণ প্ৰদান কৰিব পাৰি। বিভিন্ন স্থানত ডিজিটেলাইজেচন আৰু প্ৰদৰ্শনী কৰিও মুখা শিল্পক অনলাইন মঞ্চত উলিওৱা আৰু আন্তর্জাতিক মেলাত অংশগ্ৰহণৰ জৰিয়তেও মুখাশিল্পৰ ভৱিষ্যত দিশটোক সবল কৰিব পৰা যায়।
বিদ্যালয়-মহাবিদ্যালয়ত ‘লোকশিল্প’ৰ অংশ হিচাপে মুখা-শিল্পক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিলে বৃত্তিমুখী শিক্ষাৰ প্ৰসাৰৰ লগতে মুখা শিল্পৰ বাবে এক নতুন প্ৰচেষ্টা ৰূপে পৰিগণিত হ'ব।
চামগুৰি সত্ৰৰ মুখা শিল্প কেৱল এক কলা নহয়—ই অসমৰ ইতিহাস, সংস্কৃতি আৰু ধৰ্মীয় চেতনাৰ এক প্ৰাণৱন্ত অংশ। সঠিক পৰিচৰ্যা, উৎসাহ আৰু সংগঠিত প্ৰচেষ্টাৰ সহায়ত এই মুখা-শিল্প স্থানীয় শিল্পীসকলৰ বাবে অৰ্থনৈতিক আৰু সামাজিক স্বাৱলম্বনৰ উৎস হ’ব পাৰে, লগতে বিশ্ব মঞ্চত অসমক এক উজ্জ্বল সাংস্কৃতিক প্ৰতিনিধিত্ব বহন কৰিব পাৰে।
সামৰণি
অসমৰ সত্ৰানুষ্ঠানসমূহত প্ৰচলিত লোককলা বা লোক শিল্পসমূহ অসমীয়া জাতীয় জীৱনলৈ এক উল্লেখযোগ্য অৱদান। এই সত্ৰানুষ্ঠান সমূহে গুৰুজনাৰ অপূৰ্ব সৃষ্টি সমূহক বছৰ বছৰ ধৰি গুণ-গৰিমাৰে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি আছে। মাজুলীৰ চামগুৰি সত্ৰতো গুৰুজনাৰ অনুপম সৃষ্টি মুখাশিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ধাৰা অব্যাহত ৰাখিছে। আৰু গুৰুজনাই সৃষ্টি কৰা এই সংস্কৃতিয়ে অসমৰ জাতীয় জীৱনক গভীৰ প্ৰভাৱ পেলাইছিল। ইয়াৰ ফলতেই অসমীয়া জাতিয়ে উচ্চ-নীচৰ ভেদাভেদ পাহৰি বৃহত্তৰ অসমীয়া জাতিক একতাৰ সেতুৰে বান্ধিছিল।
চামগুৰি সত্ৰৰ মুখাশিল্প অসমীয়া জাতীয় সংস্কৃতিৰ এক অনন্য অৱদান। এই সংস্কৃতি চামগুৰি সত্ৰৰ এক বিশেষ পৰম্পৰা হিচাপে প্ৰচলিত হৈ আছে। চামগুৰি সত্ৰৰ মুখাশিল্পই সত্ৰ খনৰ ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ দিশটোৰ লগত গভীৰ ভাৱে জড়িত হৈ পৰিছে। মুখাশিল্পৰ দ্বাৰা সত্ৰ খনৰ আধ্যাত্মিক আৰু সাংস্কৃতিক দিশটোৰ প্ৰতিফলন ঘটিছে। চামগুৰি সত্ৰৰ মুখাশিল্পৰ বিষয়ে আগবঢ়োৱা এই আলোচনাটিও তাৰেই এক ক্ষুদ্ৰ প্ৰচেষ্টা।
সিদ্ধান্ত
বিভিন্ন খণ্ড প্ৰবন্ধকেইটিৰ আলোচনাৰ অন্তত প্ৰাপ্ত সিদ্ধান্তকেইটা হৈছে---
· মাজুলীৰ চামগুৰি সত্ৰই মুখাশিল্পৰ দ্বাৰা এটা নিজা ইতিহাস অটুট ৰাখিছে।
· চামগুৰি সত্ৰৰ মুখাশিল্পই অসমীয়া সংস্কৃতি ঐতিহ্য় বহন কৰা লগতে চামগুৰি সত্ৰৰ মুখাশিল্পৰ নিজা পদ্ধতিগত প্ৰস্তুত প্ৰণালী আছে।
· সাম্প্ৰতিক প্ৰেক্ষাপটত মুখাশিল্পৰ গুৰুত্ব অপৰিসীম। লগতে মুখাশিল্পই অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামাজিক দিশত এক সুকীয়া ভূমিকা পালন কৰি থকা দেখিবলৈ পোৱা গৈছে।
ভৱিষ্যত অধ্যয়নৰ প্ৰয়োজনীয়তা
চামগুৰি সত্ৰৰ মুখাশিল্প বিষয়টিৰ গুৰুত্ব যথেষ্ট আছে। অসমৰ প্ৰত্যেক সত্ৰানুষ্ঠান সমূহৰে নিৰ্দিষ্ট কিছুমান সত্ৰীয়া শিল্প সংস্কৃতি আছে আৰু ইয়াৰ পৃথকতাও আছে। চামগুৰি সত্ৰৰ মুখা শিল্পৰো কিছুমান নিদিৰ্ষ্ট শৈলী আছে। সেয়ে চামগুৰি সত্ৰৰ মুখাশিল্পৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে।
শ্ৰী শ্ৰী চক্ৰপানি আতাই প্ৰতিষ্ঠা কৰা এই সত্ৰখনিয়ে ১৬৬৩ খ্ৰীঃৰ পৰাই মুখাশিল্পৰ চৰ্চা কৰি আহিছে। এই সত্ৰখনৰ প্ৰতিজন সত্ৰাধিকাৰ আৰু উত্তৰ পুৰুষ মুখাশিল্প পৰম্পৰাৰ লগত জড়িত হৈ আছে। সত্ৰৰ আভ্যন্তৰীণ বিকাশৰ মূল দিশটো মুখাশিল্পৰ লগতেই জড়িত হৈ আছে। মুখাৰ গুৰুত্ব বুজিয়ে বৰ্তমান মুখাই সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। বৰ্তমান মুখাৰ বজাৰ চাহিদাও অত্যন্ত ভাল, মুখাৰ দ্বাৰা সাম্প্ৰতিক সময়ত অৰ্থনৈতিক ভাৱেও স্বাৱলম্বী হ'ব পাৰিছে। মুখাই সংস্কৃতিৰ এক অন্যতম কলা হিচাপে বিশ্বত পৰিচয় লাভ কৰিছে। সংস্কৃতিৰ ক্ষেত্ৰ খনত মুখাৰ ভূমিকা উল্লেখযোগ্য।
আমাৰ অধ্যয়নৰ পৰিসৰত চামগুৰি সত্ৰৰ মুখাশিল্পৰ এটি সংক্ষিপ্ত আভাস দিয়াৰ হে প্ৰয়াস কৰা হৈছে। এই অধ্যয়নত সামাজিক, সাংস্কৃতিক আৰু অর্থনৈতিক দৃষ্টিকোণেৰে চামগুৰি সত্ৰৰ মুখাশিল্পৰ সম্পৰ্কে অধ্যয়ন কৰা হৈছে। মুখাশিল্পৰ চৰ্চা অব্যাহত ৰখা অসমৰ আন বহুত সত্ৰ আছে, সেইবোৰৰ বিষয়েও অধ্যয়নৰ প্ৰয়োজন আছে। চামগুৰি সত্ৰৰ মুখাশিল্পৰ উপৰিও অসমৰ বিভিন্ন ঠাইৰ মুখাশিল্পৰ অধ্যয়ন কৰিলেহে মুখাশিল্পই অধিক বিকাশ লাভ কৰিব। আমাৰ এই অধ্যয়নত চামগুৰি সত্ৰৰ মুখাশিল্পৰ এটি সম্যক ধাৰণা দিয়াৰ সামান্য প্ৰয়াসহে কৰা হৈছে। সেয়ে চামগুৰি সত্ৰৰ মুখাশিল্পৰ পুংখানুপুংখ্ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে।
সহায়ক গ্ৰন্থপঞ্জীঃ
· গোস্বামী, কৃষ্ণ. মুখা সত্ৰীয়া মুখাশিল্প. প্ৰকাশকঃ লৰ্তিকা গোস্বামী, প্ৰকাশকাল, ফ্ৰেব্ৰুৱাৰী, ২০১৬.
· জামান, আৰিফুৰ. The Tradition of Masks in Indian Culture. প্ৰকাশকঃ আৰিয়ান বুক ইণ্টাৰনেছনেল, প্ৰথম প্ৰকাশ, ২০১৫.
· দেৱ, শ্ৰীফণীন্দ্ৰ আৰু মহন্ত, হৃদয়া নন্দ.শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ সংক্ষিপ্ত ইতিহাস. প্ৰথম প্ৰকাশ, ২০০৮.
· বৰা, লক্ষিমী শইকীয়া. মাজুলীৰ বুকুত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ, বাসুদেৱ সত্ৰীয়া সংস্কৃতি বিকাশ কেন্দ্ৰ, চতুৰ্থ প্ৰকাশ, ফেব্ৰুৱাৰী, ২০২১.
· ভূঞা, সূৰ্যকুমাৰ (সম্পা.).স্মৃতিগ্ৰন্থ শংকৰ শিৰোমণি সদৌ অসম অঙ্কীয়া ভাওনা সমাৰোহ. প্ৰকাশকাল, ২০২২-২৩.
· ভূঞা, ৰবীন. মাজুলীৰ ঐতিহ্য়. প্ৰকাশঃ অসম প্ৰকাশন পৰিষদ, প্ৰকাশকাল, ডিচেম্বৰ. ২০১৫.
· মহন্ত, প্ৰশান্ত কুমাৰ (সম্পা.). মাজুলী. মনোজ কুমাৰ গোস্বামী, অঞ্জল প্ৰদীপ গোস্বামী, ডিচেম্বৰ, ২০০১.
· মহন্ত, ভৰতচন্দ্ৰ.অসমৰ মুখাশিল্পৰ হাতপুথি. প্ৰকাশকঃ অসম সত্ৰ মহাসভা, প্ৰকাশকাল, অক্টোবৰ, ২০২০.
· শইকীয়া, মিনতি (সম্পা.) মাজুলী জ্যোতি. প্ৰকাশকঃসদৌ অসম লেখিকা সমাৰোহ সমিতি, প্ৰথম প্ৰকাশ, জানুৱাৰী ২০১৮.
· হাজৰিকা, জয়ন্ত. গুণসিন্ধু. প্ৰকাশকঃ পাহি-পৰী প্ৰকাশ, প্ৰকাশকাল, নৱেম্বৰ, ২০২৪
· ৰাজখোৱা, তুলসী আৰু বৈৰাগী, জয়ন্ত (সম্পা). মাজুলী ঐতিহ্য় আৰু সংস্কৃতি. অসম কলেজ শিক্ষক সংস্থা, নৱেম্বৰ, ২০১৫.
ক) তথ্য দাতাৰ নাম আৰু ঠিকনা
|
ক্ৰমিক নং |
তথ্য়দাতাৰ নাম |
বয়স |
লিংগ |
ঠিকনা |
|
১. |
ড০ হেমচন্দ্ৰ গোস্বামী |
৬৫ |
পুৰুষ |
গাঁও- চামগুৰি সত্ৰ ডাকঘৰ - চামগুৰি সত্ৰ পিন নম্বৰ- ৭৮৫১১০ জিলা- মাজুলী।
|
|
২. |
হৰেন গোস্বামী |
৫৪ |
পুৰুষ |
গাঁও- চামগুৰি সত্ৰ ডাকঘৰ - চামগুৰি সত্ৰ পিন নম্বৰ- ৭৮৫১১০ জিলা- মাজুলী। |
|
৩. |
খগেন গোস্বামী |
৪৬ |
পুৰুষ |
গাঁও- চামগুৰি সত্ৰ ডাকঘৰ - চামগুৰি সত্ৰ পিন নম্বৰ- ৭৮৫১১০ জিলা- মাজুলী।
|
খ) অন্যান্য আলোকচিত্ৰ
চামগুৰি সত্ৰত মুখাশিল্পৰ অধ্য়য়ন কৰি থকা ছাত্ৰ-ছাত্ৰী
No comments:
Post a Comment